নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰমজানৰ গইনা লৈ সোণাৰিত অভাৱনীয় হাৰত ফল-মূলৰ দামবৃদ্ধি

🔹 নির্বিকাৰ যোগান বিভাগ

বিশেষ বাৰ্তা,  ৩ মার্চ : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বজাৰসমূহত ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে অভাৱনীয় হাৰত ফল-মূলৰ দাম বৃদ্ধি হোৱাত বিপদত পৰিছে সাধাৰণ গ্রাহক ৰাইজ। ইতিমধ্যে মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু ইউপিৰ পৰা অনা তৰমুজেৰে বজাৰ ভৰি পৰিছে। বর্তমান তৰমুজৰ পাইকাৰী দাম ৩০ টকা যদিও বজাৰত ৬০-৭০ টকা খুচুৰা দৰত বিক্ৰী হৈ আছে তৰমুজ। আনহাতে, ডুবাই, ছৌদি আৰব আদি বহিঃৰাষ্ট্ৰৰ খেজুৰেও বজাৰ দখল কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ৰমজান উপলক্ষে বজাৰত প্ৰতিবিধ ফল-মূলৰ দাম প্রায় ৫০-৬০ শতাংশ পর্যন্ত বৃদ্ধি হোৱাত স্বাভাৱিকতে বিমোৰত পৰিছে সাধাৰণ গ্রাহক। কাৰণ ৰমজান মাহৰ ৰোজা উপলক্ষে প্রতিজন মুছলমানেই সন্ধিয়া পৰিয়ালৰ সৈতে ইফতাৰ কৰিবলৈ ফল-মূল ক্ৰয় কৰে। কিন্তু এতিয়া ফল-মূলৰ বজাৰত আপেল, আঙুৰ, কল, খেজুৰ, তৰমুজ, মৌচুমী, ডালিম, মধুৰিআমকে আদি কৰি প্ৰায় সকলো ফল-মূলৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে যদিও কোনো কাণসাৰ নাই যোগান বিভাগৰ। সোণাৰি নগৰৰ বজাৰত সম্প্রতি প্রতি কিলো আপেল ১৮০-২৫০ টকা, আঙুৰ ২০০-২৫০ টকা, মৌচুমী ২৫০-৩০০ টকা, তৰমুজ ৭০-৮০ টকা, ডালিম ২৫০- ২৮০ টকা, বহি:ৰাষ্ট্ৰৰ খেজুৰ ৩০০ টকা, ভাৰতীয় খেজুৰ ১২০-১৩০ টকা, মধুৰিআম ২৪০-২৬০ টকা, মালভোগ কল ১০০ টকা আৰু কাজু বাদাম ১০০০-১২০০ টকা দৰত বিক্ৰী হৈ আছে। ফলৰ বজাৰত ফল ক্রয় কৰি থকা একাংশ গ্ৰাহকৰ ভাষ্য অনুসৰি, অন্যান্য বছৰৰ তুলনাত এইবেলি ফল-মূলৰ দাম আকাশলংঘী হৈছে। ৰমজান মাহৰ বজাৰত যোগান বিভাগৰ কোনো বিষয়া, পৰিদৰ্শক, জিলা বিষয়া কোনো এজনক দেখিবলৈ পোৱা নাই গ্রাহক ৰাইজে। সম্প্রতি যোগান বিভাগক বজাৰ নিয়ন্ত্রণ কৰিবলৈ দাবী জনাইছে ৰাইজে।
প্ৰেৰক দীপাংকৰ পাল
You might also like