নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : থলুৱা বনৌষধিৰে ‘ভেষজ প্রসাধন’ প্রস্তুত ড০ মধুমিতা শইকীয়াৰ

নৱ কুমাৰ শর্মা

থলুৱা উদ্ভিদৰ সহায়ত কেইবাপ্রকাৰৰ ‘ভেষজ প্রসাধন সামগ্রী’ প্রস্তুত কৰি স্বাৱলম্বী এগৰাকী উচ্চ শিক্ষিত উদ্যমী অসমীয়া মহিলা৷ পূর্বতে তেওঁৰ চিনাকি আছিল সৌন্দর্য বিশেষজ্ঞা হিচাপে৷ সমান্তৰালভাৱে এতিয়া তেওঁ জড়িত হৈ পৰে ভেষজ প্রসাধন সামগ্রী উৎপাদনত৷ তেওঁ ড০ মধুমিতা শইকীয়া৷ মহিলাসকলৰ সৌন্দর্য চর্চা বিষয়ত দীর্ঘকাল আত্মনিয়োগ কৰি যথেষ্ট সাফল্য অর্জন কৰা মধুমিতা শইকীয়াই প্রায় ৩০ বছৰ পূর্বৰ পৰা তেওঁৰ উল্লিখিত নতুন যাত্রাৰ আৰম্ভণি কৰে৷

ইয়াৰ বাবে গুৱাহাটীৰ পার্শ্বৱর্তী সোণাপুৰত সূচনা কৰে এখন উদ্ভিদ উদ্যান৷ স্থানীয় অঞ্চলটোৰ পাঁচখন গাঁৱৰ লোকৰ সহযোগত প্রায় ৩৫ বিঘা মাটিত উক্ত উদ্যানৰ আৰম্ভ কৰে৷ কেহৰাজ, হেলচি, অমৰলতা, চিৰতা, কালমেঘ, বনৰীয়া পাহাৰীয়া চাউল, শেৱালি আদিকে ধৰি প্রায় ৬৫ প্রকাৰৰ ভিন্ন প্রজাতিৰ থলুৱা ঔষধি গছ উদ্যানখনত উপলব্ধ৷ আটাইখিনি ঔষধি গছ স্বতঃস্ফূর্তভাৱে গজালি মেলা৷ উদ্যানত থকা ঔষধি গছসমূহৰ পৰাই তেওঁ প্রস্তুত কৰে প্রসাধন সামগ্রী৷ ইয়াৰ বাবে তেওঁ কেৰালাৰ লগতে ছুইজাৰলেণ্ড, হংকং আদি বিদেশী ৰাষ্ট্রত গ্রহণ কৰে শিক্ষা–প্রশিক্ষণ৷

মধুমিতা শইকীয়াই নিজেই প্রকাশ কৰে উক্ত কথা৷ এই প্রতিবেদকৰ সৈতে হোৱা এক অনানুষ্ঠানিক কথা–বার্তাত তেওঁ মূলতঃ প্রায় ২০ বছৰ পূর্বৰ পৰাই প্রসাধন সামগ্রী প্রস্তুত কৰাৰ বিষয়ে উল্লেখ কৰে৷ লা–ময়ষ্ট, ছিগনেচাৰ লা–নীম, এছআই ছালকোৱৰী আদিকে ধৰি প্রায় ৩০ বিধ ভিন্ন ধৰণৰ প্রসাধন সামগ্রী প্রস্তুত কৰি আছে৷

কোনোধৰণৰ ৰাসায়নিক সামগ্রী ব্যৱহাৰ নোহোৱাকৈ সম্পূর্ণ প্রাকৃতিকভাৱে প্রস্তুত কৰা বাবে প্রতিবিধ উৎপাদিত সামগ্রীৰেই চাহিদা দিনক দিনে বৃদ্ধি পাই থকাৰ কথাও তেওঁ প্রসংগত ব্যক্ত কৰে৷ অসম তথা দিল্লী–মুম্বাই, পঞ্জাব আদি স্থানৰ লগতে ফ্রান্স, ইংলেণ্ড, আমেৰিকালৈও তেওঁৰ উৎপাদিত সামগ্রী যোগান ধৰি আর্থিকভাৱে যথেষ্ট লাভাৱান্বিত হোৱাৰ কথাও তেওঁ কয়৷ ইয়াৰ উপৰি তেওঁ গুৱাহাটীৰ হাতীগাঁৱৰ ৰাজধানী মছজিদৰ সমীপত স্থাপন কৰা ‘ছিগনেচাৰ ট্রেইনিং চেণ্টাৰ এণ্ড আয়ুর্বেদা ইনষ্টিটিউট’ত কছম’ট’ল’জী, মেকআপ্, বিউটী থেৰাপী, হেয়াৰ ড্রেছিং আদি বিষয়ত শিক্ষা–প্রশিক্ষণ দি থকাৰ কথাও তেওঁ উল্লেখ কৰে৷

ফোন : ৯৯৫৪৫–৯০১৩৩

You might also like