নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰমাৰ এখন ব্যতিক্ৰমী বিদ্যালয়…

🔹 ছাত্ৰ-ছাত্ৰীক কৰ্মমুখী শিক্ষাৰেও শিক্ষিত কৰিবলৈ বিশেষ পদক্ষেপ
নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : অসমৰে এখন ব্যতিক্ৰমী বিদ্যালয় ৷ কেৱল পাঠ্যপুথিৰ শিক্ষাই নহয়; বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক কৰ্মমুখী শিক্ষাৰেও শিক্ষিত কৰিবলৈ বিদ্যালয়খনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ কৰ্মমুখী তথা ব্যৱহাৰিক শিক্ষাৰে জীৱনৰ বাটত আগুৱাবলৈ ছাত্ৰ-ছাত্ৰীসকলক পথ প্ৰদৰ্শন কৰিছে বিদ্যালয়খনে ৷ চালে চকু ৰোৱা এই ব্যতিক্ৰমী বিদ্যালয়খনৰ চৌহদৰ নৈসৰ্গিক দৃশ্যই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ কিয়নো জৈৱিক পদ্ধতিৰে বিদ্যালয় চৌহদত কৰা হৈছে বিভিন্ন শাক-পাচলিৰ খেতি ৷ এই বিশেষ বিদ্যালয়খন বাক্সা জিলাৰ বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খনৰ চৌহদত বিধে বিধে কৰা হৈছে পাচলিৰ খেতি ৷ বিদ্যালয়খনৰ পাচলি বাৰীত লমালমে লাগিছে পাচলি ৷ পানীলাউ, ৰঙালাউ, জলকীয়া, বিন, লেচেৰাৰ লগতে আছে ভিন্ন শাক-পাচলি। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ কৃষিৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীক কৃষিকাৰ্যৰ গুৰুত্ব বুজাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয়খনৰ অধ্যক্ষা সৰস্বতী ৰাভাই । উৎপাদিত পাচলিসমূহ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰা হয় ৷ বিদ্যায়তনিক শিক্ষাৰ লগতে বিদ্যালয়খনত ব্যৱহাৰিক শিক্ষাও দিয়া হয় ছাত্ৰ-ছাত্ৰীক ৷ ইয়াৰ উপৰি ১১১গৰাকী ছাত্ৰ-ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়খনৰ চৌহদৰ দেৱালত কৰ্তৃপক্ষই লিখিছে বহু মহৎ লোকৰ বাণী, যিয়ে আকৃষ্ট কৰে বিদ্যালয়খনলৈ অহা অভিভাৱকৰ লগতে বিদ্যালয়খনৰ সন্মুখেৰে পাৰ হৈ যোৱা পথচাৰীকো ৷ ১৯৭৫ চনতে স্থাপিত বিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত অৰ্জন কৰি আহিছে সুখ্যাতি  ।
প্ৰেৰক পংকিল  বৰ্মন
You might also like