বিনিয়োগৰ নতুন পথ মুকলি
এডভাণ্টেজ আছাম ২.০ৰ বিৰল সাফল্যৰ জৰিয়তে বিকাশমুখী অসমৰ শক্তিশালী অর্থনৈতিক বুনিয়াদৰ পথ প্রশস্ত হৈছে৷ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৫ আৰু ২৬ ফেব্রুৱাৰীত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ত ৫.০১ লাখ কোটি অসমৰ উদ্যোগ–বাণিজ্য আৰু আন্তঃগাঁথনিত বিনিয়োগৰ বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰা এডভাণ্টেজ আছাম ২.০ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি দেশৰ শীর্ষ উদ্যোগপতিসকলে অসমত বিনিয়োগৰ বাবে যিদৰে আগ্রহ ব্যক্ত কৰিলে সেয়া অসমৰ বাবে এক যুগান্তকাৰী ঘটনাত পৰিণত হৈছে৷ বিনিয়োগ সন্মিলনত অংশগ্রহণ কৰি ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানিয়ে অহা ৫ বছৰৰ ভিতৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি ঘোষণা কৰিছে৷ ৰাজ্যখনত এআই ৰেডি ডাটা চেণ্টাৰ, দুটা জৈৱ গেছৰ হাব, এখন সাত তাৰকাযুক্ত হোটেল আৰু ৮০০খন ৰিলায়েঞ্চ ষ্টোৰ স্থাপন কৰা হ’ব বুলি ৰিলায়েঞ্চৰ মুৰব্বীগৰাকীয়ে ঘোষণা কৰিছে৷ অসমত ৰিলায়েঞ্চে দীর্ঘসময় ধৰি বিনিয়োগ কৰি আহিছে৷ ২০১৮ৰ এডভাণ্টেজ আছামৰ বিনিয়োগ সন্মিলনত মুকেশ আম্বানিয়ে ৫ বছৰৰ ভিতৰত অসমত ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ প্রতিশ্রুতি দিছিল যদিও নির্ধাৰিত সময়ছোৱাত ১২ হাজাৰ কোটি টকা বিনিয়োগ কৰা বুলি ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ মুৰব্বীগৰাকীয়ে ঘোষণা কৰিছে৷ এডভাণ্টেজ আছাম ২.০ত অংশ লৈ টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্রশেখৰনে ৩০ হাজাৰ নিয়োগ সৃষ্টিৰে টাটা উদ্যোগ গোষ্ঠীয়ে ইলেক্ট্র’নিক্স উদ্যোগ স্থাপনৰ কথা ঘোষণা কৰিছে৷ জাগীৰোডৰ ২৭ হাজাৰ কোটি টকাৰে নির্মীয়মাণ ছেমিকণ্ডাক্টৰ প্রকল্পৰ নির্মাণকার্য পূর্ণগতিত চলিছে আৰু টাটাৰ এই উদ্যোগ প্রতিষ্ঠানে অসমৰ সামাজিক আৰু অর্থনৈতিক বিকাশক নতুন ৰূপৰেখা প্রস্তুত কৰিব বুলিও আশা প্রকাশ কৰিছে৷ শতিকাজুৰি অসমৰ চাহ উদ্যোগৰ স’তে জড়িত টাটা উদ্যোগ গোষ্ঠীয়ে ৰাজ্যখনত শেহতীয়াকৈ ১৭খন কর্কট চিকিৎসালয় স্থাপনৰ জৰিয়তে সামাজিক দায়বদ্ধতাৰ ইতিবাচক নিদর্শন দাঙি ধৰিছে৷ দেশৰ শীর্ষ উদ্যোগপতিসকলৰ ভিতৰত টাটা উদ্যোগ গোষ্ঠীৰ কথা আৰু কামৰ কেতিয়াও পৃথক নহয়৷ বিনিয়োগ সন্মিলনত টাটা গোষ্ঠীৰ মুৰব্বীগৰাকীয়ে প্রকাশ কৰিছে যে ভূটানত থকা জলবিদ্যুৎ প্রকল্পৰ পৰা অসমত ৫০০ মেগাৱাট বিদ্যুৎ যোগান ধৰাৰ উপৰি পিএম সূর্যঘৰ আঁচনিৰ অধীনত ৩ লাখ পৰিয়ালৰ ঘৰ সৌৰশক্তি ব্যৱস্থা সংস্থাপন কৰাৰ উপৰি অসমত ৫ গিগাৱাট পুনৰ নৱীকৰণযোগ্য শক্তি উৎপাদন কৰাৰ কথা চন্দ্রশেখৰনে ঘোষণা কৰিছে৷ দেশৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্রখনত বিশেষ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা আদানি উদ্যোগ গোষ্ঠীয়েও অহা ৫ বছৰৰ ভিতৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ প্রতিশ্রুতি দিছে৷ গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানকোঠক আধুনিকীকৰণত ইতিমধ্যে নামি পৰা আদানি উদ্যোগ গোষ্ঠীয়ে অসমত এৰোচিটী, চিটী গেছ বিতৰণ, চিমেণ্ট কাৰখানা আৰু পথ প্রকল্পৰ এই বৃহৎ পুঁজি বিনিয়োগ কৰা হ’ব বুলি কোম্পানীটোৰ মুৰব্বী গৌতম আদানিয়ে ঘোষণা কৰিছে৷
অসমত তেল আৰু গেছ অন্বেষণত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বিচাৰিছে বেদান্ত গ্রুপৰ অধ্যক্ষ অনিল আগৰৱালাই৷ অসমৰ তিনিটা স্থানত উদ্যোগ গোষ্ঠীটোৱে তেল আৰু গেছৰ উদঘাটন চলাই আছে আৰু বহু পৰিমাণে সফল হৈছে৷ কোম্পানীটোৰ উৎপাদিত গেছেৰে উজনি অসমৰ চাহ বাগিচাসমূহত কাৰখানা লাভৱান হৈছে৷ অহা দুবছৰৰ ভিতৰত এহেজাৰ বেৰেল তেল আৰু গেছ উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে কেইবা সহস্রাধিক নিয়োগৰ পথ প্রশস্ত হ’ব বুলিও আগৰৱালাই আশা ব্যক্ত কৰিছে৷ এডভাণ্টেজ আছাম ২.০ত মাথোঁ টাটা, আম্বানি, আদানি, বেদান্তই নহয়, দেশৰ সৰু–বৰ উদ্যোগ গোষ্ঠীসমূহে এইবাৰ যিদৰে বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে সেয়া অসমৰ ইতিহাসত এক অভূতপূর্ব ঘটনা৷ এডভাণ্টেজ আছাম ২.০ৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যিদৰে দেশ–বিদেশৰ উদ্যোগপতি তথা বিনিয়োগকাৰীসকলক আকর্ষিত কৰিবলৈ চেষ্টা চলাইছিল৷ বিনিয়োগ সন্মিলনখন সফল কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই একাংশ মন্ত্রী আৰু দক্ষ বিষয়াক লৈ বিশেষ গোট এটা গঠন কৰি যুঁজত নমাইছিল৷ কিন্তু এডভাণ্টেজ আছাম ২.০ত ইমান বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ হ’ব বুলি হয়তো ৰাজ্য চৰকাৰখনেও আশা কৰা নাছিল৷ এডভাণ্টেজ আছাম ২.০ৰ বিনিয়োগ সন্মিলন আৰম্ভ হোৱাৰ দুদিন পূর্বে ২৩ ফেব্রুৱাৰীত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকত ১.২২ লাখ কোটি টকা বিনিয়োগৰ বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হৈছিল৷ কিন্তু বিনিয়োগ সন্মিলনৰ শেষত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি বিনিয়োগৰ পৰিমাণ ৫ লাখ কোটি টকা অতিক্রম কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে যে অসমত বিনিয়োগ কৰিবলৈ এতিয়াও বহুসংখ্যক উদ্যোগপতিয়ে আগ্রহ ব্যক্ত কৰিছে৷ ৰাজ্যখনত উদ্যোগপতিসকলে বিনিয়োগৰ বাবে আগবাঢ়ি অহাৰ মূলতেই হ’ল ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ দ্রুত উন্নতি আৰু মুখ্যমন্ত্রী ড০ শর্মাৰ শক্তিশালী নেতৃত্ব৷ দেশৰ এখন অগ্রণী ৰাজ্যৰূপে অসমক প্রতিষ্ঠা কৰিবলৈ ড০ শর্মাই অহৰহ চেষ্টা চলাইছে৷ উদ্যোগ–বাণিজ্যত বৃহৎ বিনিয়োগ অবিহনে অসমে অর্থনৈতিকভাৱে দেশৰ অগ্রণী ৰাজ্যলৈ উন্নীত হোৱাৰ পথ কেতিয়াও নোলাব৷ এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে বিনিয়োগৰ পথ মুকলিয়ে বিকশিত অসমৰ শক্তিশালী ভেটি গঢ়াৰ নতুন সুযোগ দিছে৷ এতিয়া ৰাজ্যখনত উদ্যোগ–বাণিজ্যৰ এক পৰিৱেশ গঢ়ি তুলিবলৈ হ’লে সর্বশ্রেণীৰ লোকৰ সহায়–সহযোগ প্রয়োজন হ’ব৷ মাথোঁ ৰাজপথৰ আন্দোলন, উগ্র জাতীয়তাবাদৰ আৱেগৰ দ্বাৰা অসমে কেতিয়াও কাংক্ষিত বিকাশৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে৷ বিগত চাৰি দশকজোৰা আন্দোলনমুখৰ পৰিৱেশে আমাক এই কথা স্পষ্টভাৱে শিকাইছে৷ এডভাণ্টেজ আছাম ২.০ৰ সুযোগ লৈ যাতে ৰাজ্যখনত উদ্যোগ–প্রতিষ্ঠান স্থাপনৰ নামত প্রৱঞ্চনা কৰিব নোৱাৰে তাৰ বাবেও চৰকাৰখন সজাগ হৈ থাকিব লাগিব৷ ৰাজ্যখনৰ অর্থনৈতিক বিকাশৰ বুনিয়াদ গঢ়া উদ্যোগ–প্রতিষ্ঠানসমূহক চৰকাৰ আৰু ৰাইজে সুৰক্ষা প্রদান কৰিব লাগিব৷ ৰাজ্যখনত উদ্যোগ–বাণিজ্যৰ অনুকূল পৰিৱেশ গঢ়ি উঠিলে নিবনুৱা সমস্যা সমাধান হোৱাৰ লগতে অসমৰ অর্থনীতিৰ ভেটি শক্তিশালী হৈ উঠিব৷