নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিংক্য ৰাহানে KKRৰ নতুন অধিনায়ক

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ অন্ত পৰিল জল্পনা–কল্পনাৰ৷ আজিংক্য ৰাহানেক কলকাতা নাইট ৰাইডার্ছৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷ ইফালে, ভেংকটেশ আয়াৰক দলটোৰ সহঃ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে৷ কলকাতা নাইট ৰাইডার্ছৰ এটা বিবৃতিত ই কথা সদৰী কৰে৷ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পিছত আজিংক্য ৰাহানেই কয় যে কেকেআৰক নেতৃত্ব দিয়াটো সন্মানৰ কথা৷ দলটোৰ ভাৰসাম্য যথেষ্ঠ ভাল৷ যোৱাবাৰৰ আইপিএলত কলকাতাই চেম্পিয়নৰ সন্মান লাভ কৰিছিল৷ এইবাৰো খিতাপ অক্ষুণ্ণ ৰখাৰ বাবে চেষ্টা কৰিম৷ মন কৰিবলগীয়া যে বিগত আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা ৰাহানেই বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাছিল৷ এইবাৰৰ খেলুৱৈৰ মেগা নিলামৰ প্রথম দিনা কোনো ফ্রেনচাইজীয়ে ৰাহানেক ক্রয় কৰা নাছিল৷ অৱশ্যে দ্বিতীয় দিনা কলকাতা নাইট ৰাডার্ছে ১.৫ কোটি টকাত ক্রয় কৰে ৰাহানেক৷ প্রথম অৱস্থাত ভেংকটেছ আয়াৰক দলটোৰ অধিনায়ক হিচাপে নিযুক্ত কৰিব বুলি চর্চা চলিছিল যদিও অৱশেষত শ্বাহৰুখ খানৰ দলটোৱে অভিজ্ঞতাৰ ভিত্তিত ৰাহানেক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ মন কৰিবলগীয়া যে কেকেআৰে ভেংকটেশক ২৩.৭৫ কোটি টকাত ক্রয় কৰিছে৷

You might also like