নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রৰ সমষ্টি পুনৰ্নির্ধাৰণক লৈ যুযুধান স্থিতিত তামিলনাডুৰ মুখ্যমন্ত্রী

নিউজ ডেস্ক, ৩ মাৰ্চঃ কেন্দ্রীয় চৰকাৰৰ সমষ্টি পুনৰ নির্ধাৰণৰ বিৰুদ্ধে যুযুধান স্থিতিত তামিলনাডুৰ মুখ্যমন্ত্রী এমকে ষ্টেলিন৷ ইতিপূর্বে ৰাজ্যখনৰ সকলো ৰাজনৈতিক দলক কেন্দ্রৰ এই সিদ্ধান্তৰ বিৰুদ্ধে একত্রিত হ’বলৈ আহ্বান জনোৱা মুখ্যমন্ত্রী ষ্টেলিনে নৱবিবাহিত দম্পতীক শীঘ্রে সন্তান জন্ম দিবলৈ আহ্বান জনাইছে৷ ৰাজ্যখনৰ সফল পৰিয়াল পৰিকল্পনাই অসুবিধাত পেলাইছে বুলি অভিযোগ কৰি মুখ্যমন্ত্রীগৰাকীয়ে নৱবিবাহিত দম্পতীক সন্তান জন্ম দিয়াৰ ক্ষেত্রত পলম নকৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রীগৰাকীয়ে জনসংখ্যা ভিত্তিত সমষ্টি পুনৰ নির্ধাৰণৰ বাবে তামিলনাডুৰ সংসদত ৰাজনৈতিক প্রতিনিধিৰ ওপৰত প্রভাৱ পেলাব পাৰে বুলি সকীয়নি দি সকলো ৰাজ্যবাসীক এইক্ষেত্রত সজাগ হ’বলৈ আহ্বান জনায়৷ জনসংখ্যাগত গাঁথনিৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে পূর্বতে সন্তান জন্ম দিয়াৰ ক্ষেত্রত সময় লোৱাৰ কথা কোৱা হৈছিল৷ কিন্তু পৰিস্থিতি সলনি হৈ গৈছে৷ নৱবিবাহিত দম্পতীসকলেও সলনি হ’ব লাগিব৷ সমষ্টি পুনৰ নির্ধাৰণে ৰাজ্যখনৰ জনসংখ্যাগত গাঁথনিতো প্রভাৱ পেলাব পাৰে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় চৰকাৰে তামিলনাডুকে ধৰি দক্ষিণৰ ৰাজ্যসমূহত সমষ্টি পুনৰ নির্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ তামিলনাডুৰ মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রৰ এই সিদ্ধান্তই ৰাজ্যখনৰ সংসদত ৮ প্রতিনিধি হ্রাস কৰিব বুলি দাবী কৰি এই কার্যৰ তীব্র বিৰোধিতা কৰি আছে৷ অহা ৫ মার্চত মুখ্যমন্ত্রীগৰাকীয়ে সর্বদলীয় বৈঠকো আহ্বান জনাইছে৷

You might also like