নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইনক হৰুৱাই প্লে-অফত নর্থ-ইষ্ট ইউনাইটেড

নিউজ ডেস্ক, ৪ মাৰ্চঃ নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ প্লে–ফত স্থান নিশ্চিত কৰিছে৷ চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত প্রাক্তন চেম্পিয়ন চেন্নাইন এফচিক ৩–০ গ’লত পৰাস্ত কৰি লীগৰ অন্তিমখন মেচ খেলিবলৈ বাকী থাকোঁতেই প্লে–অফত স্থান নিশ্চিত কৰে নর্থ–ইষ্টে৷ উল্লেখ্য যে ২৩খন মেচ খেলি ৩৫ পইণ্ট লাভ কৰা নর্থ–ইষ্ট ইউনাইটেডে ৮ মার্চত শ্বিলঙত ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে নিজৰ অন্তিম লীগৰ মেচখন খেলিব যদিও সেয়া দলটোৰ বাবে কার্যতঃ গুৰুত্বহীন হৈ পৰিল৷ নর্থ–ইষ্ট ইউনাইটেডৰ যোগ্যতাৰ লগে লগে পাঁচটা দলে চলিত আইএছএলৰ প্লে–অফত প্রৱেশ কৰিলে৷ মেৰিনাৰ পাৰত চমকপ্রদ খেলেৰে চেন্নাইন দলক বিধ্বস্ত কৰি লক্ষ্যত উপনীত হয় নর্থ–ইষ্ট ইউনাইটেড৷ খেলখনৰ প্রথমার্ধতে দলটোৱে ৩টাকৈ গ’ল দি অনুৰাগীক চাপ–উৎকণ্ঠাৰ পৰা মুক্ত কৰি আনন্দ কৰাৰ সুযোগ দিয়ে৷ খেলৰ সাত মিনিটতে আজাৰাহৰ সহায়ত নেষ্টৰে গ’ল দি নর্থ–ইষ্ট ইউনাইটেডক প্রথমে অগ্রগতি দিয়ে৷ ২৬ মিনিটত নর্থ–ইষ্ট ইউনাইটেডৰ অগ্রগতি ২–০লৈ বৃদ্ধি কৰে যীতিনে৷ এই গ’লটোত সহযোগ কৰে আজাৰায়ে৷ আনহাতে, মৰক্কোৰ ষ্ট্রাইকাৰজনে খেলৰ ৩৮ মিনিটত নিজে গ’ল দি নর্থ–ইষ্টক ৩–০ৰ অগ্রগতি দি অনুৰাগীৰ আশা পূর্ণ কৰে৷ এয়া আজাৰাহৰ চলিত আহএছএলত ২১সংখ্যক গ’ল৷

You might also like