নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বামাক তীব্র গৰিহণা বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ মাৰ্চঃ চলিত চেম্পিয়নছ ট্ৰফীৰ মাজতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শর্মাক উদ্দেশ্যি কংগ্রেছৰ এগৰাকী নেত্রীয়ে কৰা এটা বিতর্কিত প’ষ্টে সম্প্রতি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কংগ্রেছ নেত্রী তথা দলটোৰ মুখপাত্র ডাঃ শ্বামা মহম্মদে নিজৰ এক্স হেণ্ডেলযোগে ভাৰতীয় অধিনায়ক ৰোহিত শর্মাক শকত বুলি অভিহিত কৰাৰ লগতে ভাৰতীয় ইতিহাসৰ আটাহতকৈ অপ্রভাৱশালী অধিনায়ক বুলিও অভিহিত কৰিছিল৷ তেওঁৰ এই প’ষ্টটোৱে সমগ্র দেশতে ব্যাপক বিতর্কৰ সৃষ্টি কৰিছে৷ এনে পৰিস্থিতিত কংগ্রেছ দলে বিষয়টোত হস্তক্ষেপ কৰি স্পষ্টীকৰণ দিয়ে আৰু লগতে নিজ দলৰ নেত্রীগৰাকীক ছ’চিয়েল মিডিয়াৰ পৰা তেওঁৰ প’ষ্ট আঁতৰাবলৈ নির্দেশ দিয়ে৷ ইফালে, এই বিতর্ক সন্দর্ভত এতিয়া প্রতিক্রিয়া প্রকাশ কৰিছে বিচিচিআইৰ সচিব দেৱজিৎ শহকীয়াই৷ শ্বামা মহম্মদৰ এই বক্তব্যক তীব্র গৰিহণা দি দেৱজিৎ শহকীয়াই সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয় – ‘এগৰাকী দায়িত্বশীল ব্যক্তিয়ে বাবে এনে তুচ্ছ মন্তব্য কৰাটো অত্যন্ত দুর্ভাগ্যজনক’৷ কংগ্রেছ নেত্রীগৰাকীৰ মন্তব্যক গৰিহণা দি বিচিচিআইৰ সচিব দেৱজিৎ শহকীয়াই লগতে এনে মন্তব্য নকৰিবলৈ অনুৰোধ জনায়৷ উল্লেখ্য যে কংগ্রেছৰ মুখপাত্র তথা পেছাত দন্ত চিকিৎসক শ্বামা মহম্মদে নিজৰ এক্স একাউণ্টত ৰোহিতক টেগ কৰি এটা প’ষ্টত লিখিছিল – ‘এজন খেলুৱৈ হিচাপে ৰোহিত শর্মা অধিক শকত৷ তেওঁৰ ওজন কমাব লাগিব৷ আৰু নিশ্চিতভাৱে ৰোহিত ভাৰতৰ আটাহতকৈ অপ্রভাৱশালী অধিনায়ক৷’ তেওঁৰ এই প’ষ্টটো মুহূর্ততে ভাইৰেল হৈ পৰে আৰু এনে মন্তব্যৰ বাবে তীব্র নিন্দাৰ সন্মুখীন হয়৷ ইয়াৰ পিছত কংগ্রেছ ৱর্কিং কমিটীৰ অধ্যক্ষ পৱন খেৰাই ভাৰতীয় জাতীয় কংগ্রেছৰ হৈ স্পষ্টীকৰণ দি নিজৰ এক্স হেণ্ডেলত কয় যে দলৰ ৰাষ্ট্রীয় মুখপাত্র ডাঃ শ্বামা মহম্মদে কিংবদন্তি ক্রিকেটাৰগৰাকীৰ সন্দর্ভত কৰা মন্তব্যই দলটোৰ আনুষ্ঠানিক দৃষ্টিভংগীক প্রতিনিধিত্ব নকৰে৷ শ্বামা মহম্মদক তেওঁৰ প’ষ্ট ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাবলৈ নির্দেশ দিয়া বুলিও পৱন খেৰাই লগতে কয়৷ জ্যেষ্ঠ কংগ্রেছ নেতাগৰাকীয়ে সমান্তৰালকৈ শ্বামা মহম্মদক ভৱিষ্যতে এনে প’ষ্টৰ পৰা আঁতৰি থাকিবলৈও পৰামর্শ দিয়া হৈছে বুলি জানিবলৈ দিয়ে৷ ইয়াৰ পিছত শ্বামা মহম্মদে বিতর্কিত প’ষ্টটো ডিলিট কৰে৷ তেওঁ লগতে নিজৰ বক্তব্য স্পষ্ট কৰি কাকো অপমান কৰিবলৈ এই টুইট কৰা নাছিল বুলি মন্তব্য কৰে৷ টুইটটোৰ জৰিয়তে তেওঁ কেৱল এগৰাকী খেলুৱৈ হিচাপে ৰোহিতৰ ওজন অতিৰিক্ত বুলি ক’ব বিচাৰিছিল আৰু কোনো ব’ডী শ্বেমিং কৰা নাই বুলি উল্লেখ কৰে শ্বামা মহম্মদে৷

You might also like