ধুবুৰীৰ আলমগঞ্জত যুৱতীক দলবদ্ধ ধ*ৰ্ষণ
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : মানৱ সমাজক লজ্জানত কৰি ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ আলমগঞ্জত এগৰাকী যুৱতী দলবদ্ধ ধৰ্ষণৰ বলী হৈ সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি হ’বলগীয়া হোৱাৰ এক পাশবিক ঘটনা সংঘটিত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ইতিমধ্যে, এই মৰ্মে যুৱতী গৰাকীৰ পিতৃয়ে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে। এজাহাৰখনত উল্লেখ কৰা মতে, বিগত ২৮ ফেব্ৰুৱাৰীৰ দিনা গৌৰীপুৰৰ সমীপৰ এখন গাওঁত বায়েকৰ ঘৰলৈ অহা জীয়ৰিক মোবাইলেৰে মাতি নিছিল ৰেজাউল হক নামৰ এজন যুৱকে আৰু আলমগঞ্জ প্ৰথম খণ্ড অঞ্চলত অইন ৭ সহযোগীৰে ধৰ্ষণ কৰিছিল। আনকি, নিজ কন্যাক লাঠি, চোকা অস্ত্ৰৰে মাৰপিট কৰি পথৰ দাঁতিত অচেতন অৱস্থাত পেলাই থৈ যোৱা বুলিও নিজৰ এজাহাৰখনত উল্লেখ কৰিছে পিতৃয়ে। ইপিনে অঞ্চলটোৰ একাংশ স্থানীয় লোকে অচেতন অৱস্থাত যুৱতীগৰাকীক প্ৰত্যক্ষ কৰি অঞ্চলটোৰ গাওঁৰক্ষী বাহিনীক খৱৰ দিয়ে। সকলোৰে তৎপৰতাৰে প্ৰথমে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়ে যদিও পিছলৈ গৈ গুৰুতৰ ভাবে আহত সেই যুলতীগৰাকীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি কৰোৱা হয়। পিতৃয়ে এজাহাৰত মূল অভিযুক্ত ৰূপে ৰেজাউল হক বুলি অভিহিত কৰাৰ উপৰি দলবদ্ধ সেই ধৰ্ষণৰ ঘটনাত জড়িত বুলি আজিজুৰ হক, আশিকুৰ ৰহমান, আয়ুব আলী, সিৰাজুল হক, ওছমান আলী, চহিদুৰ ৰহমান আৰু আলী হুসেইন বুলি উল্লেখ কৰিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী