নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰে’লৱেৰ বিল্ডিঙৰ স্থাপত্যশৈলীক লৈ অসন্তুষ্টি BJYMৰ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ধুবুৰীত ৰেলৱে বিভাগৰ নিৰ্মীয়মান বিল্ডিঙৰ স্থাপত্যশৈলীক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী জিলা সমিতিয়ে এনএফ ৰেলৱেৰ পশ্চিমবংগৰ আলিপুৰদুৱাৰস্থিত ডিআৰমএম লৈ এখন পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে। যুৱ মৰ্চাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি বিশ্বজিৎ দাস স্বাক্ষৰিত সেই পত্ৰ খনত ধুবুৰীত নিৰ্মীয়মান ৰেল বিভাগৰ সেই বিল্ডিঙটো মছজিদৰ সৈতে সাদৃশ্য থকা বুলি স্পষ্টভাবে উল্লেখ আছে। পত্ৰখনত ধুবুৰীৰ চহকী ঐতিহাসিক আৰু সাংস্কৃতিক পৰিচয় উদ্ধৃতি দি ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰাৰ বিষয়টোও উল্লেখ কৰাৰ সমান্তৰালকৈ ধুবুৰীৰ ইতিহাস, ঐতিহ্যক প্ৰতিফলিত কৰিব পাৰা স্থাপত্য শৈলীৰে সেই নিৰ্মীয়মান সেই বিল্ডিঙটো নিৰ্মাণ কৰাৰ বাবে ৰেলৱে কৰ্তৃপক্ষক আহ্বান জনাইছে যুৱ মৰ্চাই। স্থাপত্য শিল্পৰ এই বিষয়টো লৈ পুনৰ বিবেচনা কৰাৰো অনুৰোধ জনোৱা হৈছে সেই পত্ৰখনত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like