🔹 ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানিৰ পুত্র অনন্ত আম্বানিৰ সপোনৰ প্রকল্প পৰিদর্শন মোদীৰ
নিউজ ডেস্ক, ৫ মার্চ : দেশজুৰি বহুল চর্চিত বনতাৰা মুকলি কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ গৃহৰাজ্য গুজৰাটৰ জামনগৰত ৰিলায়েঞ্চ জামনগৰ শোধনাগাৰ চৌহদত গঢ়ি তোলা প্রাণী উদ্ধাৰ, সংৰক্ষণ আৰু পুনৰ সংস্থাপনৰ কেন্দ্র বনতাৰা মুকলি কৰাৰ লগতে পৰিদর্শন কৰে প্রধানমন্ত্রী মোদীয়ে৷ ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানিৰ পৰিয়ালৰ বহুচর্চিত এই বন্যপ্রাণী কেন্দ্র বনতাৰা মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে বন্যপ্রাণীৰ সৈতে আৱেগিক মুহূর্ত কটায়৷ বনতাৰাত উপলব্ধ বিভিন্ন সা–সুবিধা পৰিদর্শন কৰাৰ লগতে পুনৰ সংস্থাপন কৰা কেইবাটাও প্রাণীৰ সৈতে সময় কটায় প্রধানমন্ত্রী মোদীয়ে৷ বনতাৰাৰ বন্যপ্রাণী চিকিৎসালয় আৰু পশু চিকিৎসালয়ৰ সুবিধাসমূহ নিৰীক্ষণ কৰা প্রধানমন্ত্রী মোদীয়ে কেন্দ্রটোত থকা এছিয়াটিক সিংহ, বগা সিংহ আৰু কেইবাটাও বাঘৰ পোৱালিৰ সৈতে সময় কটায়৷ প্রধানমন্ত্রী মোদীয়ে বগা সিংহৰ পোৱালি এটাক গাখীৰো খুৱায়৷ হাবিত মাইকী সিংহক উদ্ধাৰ কৰি বনতাৰাত পুনৰ সংস্থাপন কৰাৰ পাছত মাইকী সিংহটোৱে পোৱালি জন্ম দিছিল৷ সেই পোৱালিটোকেই প্রধানমন্ত্রীয়ে কোলাত লৈ গাখীৰ খুৱায়৷ প্রধানমন্ত্রী মোদীয়ে বনতাৰা মুকলি কৰাৰ সময়ত ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানি, তেওঁৰ পত্নী নীতা আম্বানি, পুত্র অনন্ত আম্বানি আৰু বোৱাৰী ৰাধিকা মার্চেণ্ট উপস্থিত থাকে৷ বনতাৰাৰ চিকিৎসালয়ত থকা এমআৰআই কক্ষও প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষ কৰে৷ তিনি হাজাৰ একৰ ভূমিত সজোৱা বনতাৰাত কেইবাপ্রজাতিৰ প্রাণী প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষ কৰে৷ প্রধানমন্ত্রীগৰাকীয়ে দুমুখীয়া বৃহৎ পাইথানৰ লগতে দুমুখীয়া কাছ প্রত্যক্ষ কৰি অভিভূত হৈ পৰে৷ এই বনতাৰাত হাতীৰ পৰা বিভিন্ন প্রজাতিৰ বন্যপ্রাণী আছে৷ তথ্য মতে, দুহাজাৰতকৈ অধিক প্রজাতিৰ বন্যপ্রাণীৰ লগতে ১.৫ লাখ উদ্ধাৰকৃত প্রাণী বনতাৰাত আছে৷ বনতাৰাত থকা প্রাণীসমূহৰ কিছুসংখ্যক বিৰল প্রজাতিৰ, লগতে কিছুসংখ্যক বিলুপ্তপ্রায়৷ পশু বিশেষজ্ঞৰ লগতে এই বনতাৰাত ২১শতকৈ অধিক কর্মচাৰী আছে৷ প্রাণীসমূহৰ শুশ্রূষা আৰু চিকিৎসাৰ বাবে অত্যাধুনিক ব্যৱস্থা আছে এই বনতাৰাত৷