দুটাকৈ অনন্য কৃতিত্ব অর্জন বিৰাট কোহলিৰ
নিউজ ডেস্ক, ৫ মার্চ : বর্ণিল কেৰিয়াৰত আন এক অনন্য কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰ বিৰাট কোহলিয়ে৷ চলিত চেম্পিয়নছ ট্রফীৰ কালি অনুষ্ঠিত ছেমিফাইনেল মেচখনৰ ৪৯ অভাৰত অষ্ট্রেলিয়াৰ নাথান ইলিছিৰ কট আয়ত্ত কৰি কোহলিয়ে এদিনীয়া ক্রিকেটত ফিল্ডাৰ হিচাপে সর্বাধিক কেচ আয়ত্ত কৰা খেলুৱৈৰ তালিকাত দ্বিতীয় স্থান অধিকাৰ কৰে৷ ৩০১খন এদিনীয়াত ১৬১টা কেচ ধৰি কোহলিয়ে অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ অভিলেখটো ভংগ কৰে৷ পণ্টিঙে ১৬০টা কেচ আয়ত্ত কৰিছিল৷ ইফালে, এই তালিকাৰ শীর্ষস্থানত আছে শ্রীলংকাৰ প্রাক্তন খেলুৱৈ মাহেলা জয়াৱর্ধনে৷ বর্ণিল এদিনীয়া কেৰিয়াৰত জয়াৱর্ধনেই ২১৮টা কেচ আয়ত্ত কৰিছিল৷ ইফালে, ১৫৬টা কেচ আয়ত্ত কৰি টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনে চতুর্থ আৰু নিউজিলেণ্ডৰ প্রাক্তন খেলুৱৈ ৰ’ছ টেইলৰে ১৪২টা কেচ ধৰি পঞ্চম স্থানটো অধিকাৰ কৰি আছে৷ আনহাতে, আন্তর্জাতিক ক্রিকেটত ফিল্ডাৰ হিচাপে সর্বাধিক কেচ আয়ত্ত কৰা তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয় বিৰাট কোহলি৷ কোহলিয়ে এতিয়ালৈকে ৩৩৬টা কেচ ধৰিবলৈ সক্ষম হৈছে৷ কোহলিয়ে ৩৩৪টা কেচ আয়ত্ত কৰা ৰাহুল দ্রাবিড়ক অতিক্রম কৰে৷ এই তালিকাত ৪৪০টা কেচ ধৰি জয়াৱর্ধনেই শীর্ষস্থান অধিকাৰ কৰি আছে৷