নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকা–চীনৰ শীতল যুঁজ

আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ মাজত শীতল যুঁজ সকলোৰে জ্ঞাত৷ সর্বশক্তিমান আমেৰিকাক সকলো ক্ষেত্রতে প্রত্যাহ্বান জনাবলৈ চীন সর্বদা সাজু হৈ থাকে৷ আমেৰিকা যুক্তৰাষ্ট্রত ৪৫সংখ্যক ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰা ড’নাল্ড ট্রাম্পৰ কার্যকালত চীনৰ বিৰুদ্ধে ৰাষ্ট্রপতিগৰাকীয়ে আগ্রাসী নীতি গ্রহণ কৰাৰ পাছত ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে ড’নাল্ড ট্রাম্পে শপতগ্রহণ কৰিয়েই চীনৰ বিৰুদ্ধে আগ্রাসী নীতি গ্রহণ কৰে৷ ৰাষ্ট্রপতি ট্রাম্পৰ দ্বিতীয় কার্যকালৰ আৰম্ভণিতে চীনৰ বিৰুদ্ধে কঠোৰ নীতি গ্রহণ কৰিছে৷ এই লৈ ইতিমধ্যে দুয়োখন দেশৰ মাজত সংঘাত আৰম্ভ হৈছে৷ চীন আৰু আমেৰিকাৰ মাজত বাণিজ্যিক যুদ্ধ এখন দশক দশক ধৰি চলি আহিছে৷ ট্রাম্পে ২.০ৰ সময়ছোৱাত চীনৰ সৈতে লেনদেন আৰু অভাৱনীয় দৃষ্টিভংগী গ্রহণ কৰিছে৷ এই লৈ অকল চীন আৰু আমেৰিকাৰে নহয়, সমগ্র বিশ্বতে ভূ–ৰাজনৈতিক পৰিস্থিতিত জটিলতা আহি পৰিছে৷ অর্থনীতি নিৰাপত্তা আৰু কূটনীতিৰ ক্ষেত্রত ট্রাম্পে গ্রহণ কৰা নীতিয়ে চীন আৰু আমেৰিকাৰ মাজত সম্পর্ক অধিক অৱনমিত কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ দুয়োখন দেশৰ মাজত হোৱা বাণিজ্যিক যুদ্ধ আৰু শীতল যুদ্ধই ইতিমধ্যে আন্তর্জাতিক ভূ–ৰাজনৈতিত পৰিস্থিতিত বিৰূপ প্রভাৱ আৰম্ভ হৈছে৷ ৰাষ্ট্রপতি ট্রাম্পে প্রথম কার্যকালত চীনৰ বিৰুদ্ধে বাণিজ্যক লৈ গ্রহণ কৰা স্থিতিয়ে দুয়োখন দেশৰ মাজত সম্পর্কৰ অৱনতি ঘটাৰ পাছত দ্বিতীয়টো কার্যকালতো একেই পৰিস্থিতি উদ্ভৱ হৈছে৷ আমেৰিকাৰ অর্থনৈতিক স্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রপতি টাম্পে চীনৰ সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে৷ চীনৰ সামগ্রীসমূহত ৰাষ্ট্রপতি ট্রাম্পে অতিৰিক্ত দহৰ পৰা পোন্ধৰ শতাংশ শুল্ক আৰোপ কৰাৰ পিছতে চীনেও আমেৰিকাক প্রত্যাহ্বান জনাবলৈ মার্কিন সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক দহৰ পৰা পোন্ধৰ শতাংশ বৃদ্ধি কৰিছে৷ ইয়ে দুয়োখন দেশৰ মাজত প্রত্যক্ষ বাণিজ্যিক যুদ্ধ এখনৰ সম্ভাৱনা গঢ়ি তুলিছে৷
আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিয়ে চীনা সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পাছতে চীনৰ ৰাষ্ট্রপতি জি ঝিনপিঙে আমেৰিকাৰ কৃষি সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে৷ চীনৰ বিত্ত মন্ত্রালয়ে চাৰি মার্চত মার্কিন সামগ্রীৰ ওপৰত দহৰ পৰা পোন্ধৰ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে৷ চীনে মার্কিন সামগ্রীৰ ওপৰত আৰোপ কৰা এই অতিৰিক্ত শুল্ক দহ মার্চৰ পৰা বলৱৎ হ’ব৷ আমেৰিকাক প্রত্যাহ্বান জনাই চীনে কুকুৰা, গম, মাকৈ আৰু কপাহত অতিৰিক্তকৈ পোন্ধৰ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে গৰু মাংস, চয়াবিন, গাহৰিৰ মাংস, সাগৰীয় সামগ্রী, ফল–মূল, শাক–পাচলি আৰু দুগ্ধ জাতীয় সামগ্রীত দহ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে৷ চীনৰ বিত্ত মন্ত্রালয়ে এই সন্দর্ভত ঘোষণা কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্রই একপক্ষীয়ভাৱে বহুমুখী বাণিজ্য ব্যৱস্থাত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ অতিৰিক্ত শুল্ক বলৱৎ কৰিছে৷ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত থকা অর্থনৈতিক আৰু বাণিজ্যিক সমন্বয়ক একাষৰীয়া কৰি থৈ অর্থাৎ অৱজ্ঞা কৰি ৰাষ্ট্রপতি টাম্পে অতিৰিক্ত শুল্ক আৰোপ কৰাৰ বাবেই চীনেও মার্কিন সামগ্রীত অতিৰিক্তকৈ কৰ আৰোপ কৰিছে৷ উল্লেখ্য যে চীন বিশ্বৰ বৃহত্তম কৃষি সামগ্রী আমদানি কৰা দেশ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাকৈ, চয়াবিনকে ধৰি কৃষি সামগ্রী ক্রয় কৰা অন্যতম প্রধান দেশ৷ এনে পৰিপ্রেক্ষিততে মার্কিন চৰকাৰে চীনা সামগ্রীৰ ওপৰত অতিৰিক্তকৈ কৰ আৰোপ কৰিছে৷ আমেৰিকা আৰু চীনৰ মাজত চলা সামগ্রিক যুদ্ধখনে বিশ্বৰ সকলো দেশৰ ওপৰতে কম–বেছি পৰিমাণে প্রভাৱ পেলাব৷ ক’ভিড–১৯ মহামাৰীৰ পিছত আন্তর্জাতিক অর্থনীতিত চলি থকা অনিশ্চয়তাৰ সময়ত আমেৰিকা আৰু চীনৰ মাজত বাণিজ্যিক যুদ্ধ বিশ্বৰ বাবেই নেতিবাচক হৈ উঠিব৷ দুয়োখন দেশৰ শীতল যুদ্ধই বিশ্বৰ অর্থনীতিৰ ওপৰত বিৰূপ প্রভাৱ পেলোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like