নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্থ স্থানলৈ উন্নীত বিৰাট কোহলি

🔹 এসপ্তাহৰ ভিতৰতে আইচিচি এদিনীয়া ৰেংকিঙত পুনৰ জাঁপ 

নিউজ ডেস্ক, ৬ মার্চ : এসপ্তাহৰ ভিতৰত পুনৰ আইচিচি এদিনীয়া ৰেংকিঙত স্থানৰ উন্নতি ঘটিল টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ৷ সদ্যসমাপ্ত এদিনীয়া ৰেংকিঙৰ বেটাৰ শাখাত এটা স্থান আগুৱাই চতুর্থ স্থানলৈ উন্নীত হ’ল কোহলি৷ চলিত চেম্পিয়নছ ট্রফীত মঙলবাৰে অষ্ট্রেলিয়াৰে খেলা ছেমিত ৮৪ ৰানৰ দর্শনীয় ইনিংছ খেলাৰ সুবাদত ৰেংকিঙত উন্নতি ঘটে কোহলিৰ৷ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ শুভমন গিলে শীর্ষস্থান দখল কৰি থকা বেটাৰ শাখাত ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মাৰ দুটাকৈ স্থানৰ অৱনমন ঘটিছে৷ চেম্পিয়নছ ট্রফীৰ ছেমিফাইনেলত দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হোৱা বাবেই ৰোহিত শর্মাই পঞ্চম স্থানলৈ অৱনমিত হয়৷ পাকিস্তানৰ বাবৰ আজমে দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰাখিছে৷ ইফালে, দক্ষিণ আফ্রিকাৰ হেনৰিচ ক্লাছেনে তৃতীয় স্থানটো অধিকাৰ কৰি আছে৷ এটা স্থান আগুৱাই ভাৰতীয় দলটোৰ তাৰকা বেটাৰ শ্রেয়াছ আয়াৰে অষ্টম স্থানলৈ উন্নীত হৈছে৷ ইফালে, শ্রীলংকাৰ মহীশ থিকছানাই শীর্ষস্থান দখল কৰি থকা বলিং শাখাত দুটা স্থান আগুৱাই দক্ষিণ আফ্রিকাৰ কেশৱ মহাৰাজে দ্বিতীয় আৰু তিনিটা স্থান আগুৱাই ইংলেণ্ডৰ মেট হেনৰীয়ে তৃতীয় স্থানটো দখল কৰিছে৷ আনহাতে, দুটা স্থান আগুৱাই আফগানিস্তানৰ আজমতুল্লাহ ওমৰজায়ে অলৰাউণ্ডাৰ শাখাৰ শীর্ষস্থানটো দখল কৰিছে৷

You might also like