নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিতৰ বিশ্ব অভিলেখ ! ২৮ ৰানৰ ইনিংছ সত্ত্বেও ক্রিছ গেইলৰ অভিলেখ ভংগ

নিউজ ডেস্ক, ৬ মার্চ : চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২৮ ৰানৰ ইনিংছ খেলি বিশ্ব অভিলেখ গঢ়িলে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ ভাৰতীয় অধিনায়কগৰাকীৰ ২৯টা বলৰ ইনিংছটোত আছিল এটা সুবিশাল ছয়৷ একমাত্র ছিক্সাৰেৰে বিশ্ব অভিলেখ গঢ়িলে ৰোহিত শর্মাই৷ আইচিচিৰ প্রতিযোগিতাত সর্বাধিক ছিক্সাৰ কোবোৱাৰ অভিলেখ গঢ়ে ৰোহিতে৷ মঙলবাৰে অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলা আইচিচিৰ প্রতিযোগিতাখনত ৬৫সংখ্যক ছিক্সাৰ কোবাই ৱেষ্ট ইণ্ডিজৰ প্রাক্তন বিস্ফোৰক অ’পেনাৰ ক্রিছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰে৷ গেইলে আইচিচিৰ প্রতিযোগিতাত ৬৪ ছিক্সাৰ কোবাইছিল৷ এই তালিকাৰ তৃতীয় স্থানত আছে অষ্ট্রেলিয়াৰ বিস্ফোৰক অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল৷ তেওঁৰ ছয়ৰ সংখ্যা ৪৯টা৷ চতুর্থ স্থানত আছে দক্ষিণ আফ্রিকাৰ ডেভিদ মিলাৰ৷ আইচিচিৰ প্রতিযোগিতাত মিলাৰৰ ছয়ৰ সংখ্যা ৪৫টা৷ যুটীয়াভাৱে পঞ্চম স্থানত আছে অষ্ট্রেলিয়াৰ প্রাক্তন অ’পেনাৰ ডেভিদ ৱার্নাৰ আৰু ভাৰতৰ প্রাক্তন অধিনায়ক সৌৰভ গাংগুলী৷ দুয়োৰে ছিক্সাৰৰ সংখ্যা হ’ল ৪২টা৷ এদিনীয়া আন্তর্জাতিক ক্রিকেটত ৰোহিতৰ মুঠ ছয়ৰ সংখ্যা হৈছে ৩৩৮টা৷ এদিনীয়াত সর্বাধিক ছিক্সাৰ কোবোৱাৰ বিশ্ব অভিলেখটো আছে পাকিস্তানৰ শ্বাহিদ আফ্রিদীৰ নামত৷ আফ্রিদীৰ ছিক্সাৰৰ সংখ্যা হ’ল ৩৫১টা৷ মন কৰিবলগীয়া যে অধিনায়ক হিচাপে আন্তঃৰাষ্ট্রীয় ক্রিকেটত ২৫০টা ছয় কোবোৱা ৰোহিত শর্মা হ’ল বিশ্বৰ একমাত্র ক্রিকেটাৰ৷ ইয়াৰ উপৰি টি–২০ ক্রিকেটত ছয় কোবোৱাৰ বিশ্ব অভিলেখটোও তেওঁৰ নামত আছে৷ ৰোহিতৰ টি–২০ত ছয়ৰ সংখ্যা হ’ল ২০৫টা৷

You might also like