🔹 কেন্দ্র–ৰাজ্য চৰকাৰক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
নিউজ ডেস্ক, ৬ মার্চ : ২০২৪ চনত কর্মক্ষেত্রত সন্তানক স্তনপান কৰোৱাৰ বাবে কক্ষৰ ব্যৱস্থা কৰাৰ নির্দেশ দিয়াৰ পিছত এইবাৰ উচ্চতম ন্যায়ালয়ে বাটে–পথে শিশুক স্তনপান কৰোৱাৰ সুবিধাৰ বাবে পৃথক কক্ষ নির্মাণৰ নির্দেশ দিছে৷ মাতৃস্পর্শ নামৰ বেচৰকাৰী সংস্থা এটাই উচ্চতম ন্যায়ালয়ত জনোৱা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি কালি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্র আৰু ৰাজ্য চৰকাৰক বাটে–পথে শিশুক স্তনপানৰ বাবে কক্ষ নির্মাণৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে৷ ন্যায়াধীশ বিভি নাগাৰত্না আৰু প্রসন্ন বি ভাৰালৰ দুজনীয়া বিচাৰপীঠে মাতৃস্পর্শৰ আবেদনৰ শুনানি গ্রহণ কৰি এই ৰায় দিয়ে৷ বিচাৰপীঠখনে কয় যে স্তনপান মাক আৰু শিশুৰ স্বাস্থ্যৰ বাবে অতিকে জৰুৰী৷ এনে কাৰণতে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে বাটে–পথে পৃথক কক্ষৰ ব্যৱস্থা কৰাটো প্রয়োজনীয়৷ উল্লেখ্য যে বিভিন্ন সময়ত মাতৃসকলে শিশুক স্তনপান কৰোৱাৰ ক্ষেত্রত অস্বস্তিত পৰে৷ ৰে’ল, বাছ, হাস্পতাল, অফিচ আদিত পৃথক কক্ষ নাথাকিলে মাতৃসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয়৷ ন্যায়ালয়ে এই অসুবিধাৰ পর্যবেক্ষণ কৰি কেন্দ্র আৰু ৰাজ্য চৰকাৰক এই অসুবিধা আঁতৰ কৰিবলৈ ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ তদুপৰি, দেশৰ নাগৰিকসকলেও শিশুক স্তনপান কৰোৱাৰ ক্ষেত্রত মাতৃসকলক সঁহাৰি জনোৱাটো প্রয়োজনীয় বুলি বিচাৰপীঠে মত ব্যক্ত কৰে৷ মন কৰিবলগীয়া যে মাতৃস্পর্শৰ এই গোচৰটোৰ শুনানি ১৯ ফেব্রুৱাৰীত সম্পন্ন হ’লেও মার্চ মাহতহে এই নির্দেশটো প্রকাশ পাইছে৷ তাৎপর্যপূর্ণ যে ২০২৪ চনত কর্মক্ষেত্রত লিংগ বৈষম্যৰ প্রতি উদ্বিগ্ণতা প্রকাশ কৰি উচ্চতম ন্যায়ালয়ে কার্যালয়ত কর্মৰত মাতৃক শিশুক স্তনপান কৰোৱাৰ বাবে পৃথক কক্ষৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছিল৷ এই নির্দেশ কিমানদূৰ কার্যকৰী হৈছে, সেয়া চর্চাৰ বিষয় যদিও উচ্চতম ন্যায়ালয়ে পুনৰ বাটে–পথে শিশুক স্তনপান কৰোৱাৰ বাবে কক্ষৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়াটো বিবেচনাৰ বিষয়৷