নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ খুলিব ব’ফর্ছ কেলেংকাৰি গোচৰৰ ফাইল

🔹 আমেৰিকালৈ লেটাৰ অৱ ৰ’গাটৰী প্রেৰণ চিবিআইৰ

🔹 ৰাজীৱ গান্ধীৰ আমোলত অস্ত্র নির্মাণকাৰী সংস্থাৰে ১,৪৩৭ কোটিৰ চুক্তি

নিউজ ডেস্ক, ৬ মার্চ : ভাৰতীয় ৰাজনীতিৰ পট পৰিৱর্তন ঘটোৱা ৰাজীৱ গান্ধীৰ আমোলৰ ব’ফর্ছ কেলেংকাৰি গোচৰ পুনৰ খুলিলে মোদী চৰকাৰে৷ ১৯৮৬ চনত অস্ত্র চুক্তি সংক্রান্তীয় তথ্য আমেৰিকাৰ পৰা বিচাৰিলে কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআয়ে৷ লেটাৰ অৱ ৰ’গাটৰী, চমুকৈ এল আৰ আমেৰিকালৈ প্রেৰণ কৰিছে চিবিআয়ে৷ মন কৰিবলগীয়া যে ২০১৭ চনত ভাৰত ভ্রমণৰ সময়ত এই ব’ফর্ছ কেলেংকাৰিক লৈ বিস্ফোৰক দাবী কৰিছিল বেচৰকাৰী তদন্তকাৰী সংস্থাৰ মাইকেল হার্ছমেনে৷ হার্ছমেনৰ এই বিস্ফোৰক দাবীত চিবিআয়ে ব’ফর্ছ কেলেংকাৰি গোচৰ পুনৰ খুলিলে৷ অর্থাৎ বহু বিতর্কিত ব’ফর্ছ কেলেংকাৰিৰ তদন্ত পুনৰ আৰম্ভ কৰিলে৷ উল্লেখ্য যে ১৯৮৬ চনৰ ১৮ মার্চত ভাৰতৰ সৈতে ছুইডেনৰ অস্ত্র নির্মাণকাৰী সংস্থা এবি ব’ফর্ছৰ ১,৪৩৭ কোটি টকাৰ চুক্তি সম্পন্ন হৈছে৷ এই চুক্তি অনুসৰি ৪০০ এম এম হাউজাৰ বন্দুক বা কামান ক্রয় কৰাৰ পৰৱর্তী বর্ষত অর্থাৎ ১৯৮৭ চনৰ ১৬ এপ্রিলত ছুইডেনৰ এটা ৰেডিঅ’ চেনেলে দাবী কৰিছিল যে এই চুক্তিৰ বাবে ভাৰতীয় ৰাজনীতিক আৰু প্রতিৰক্ষা অধিকাৰীক সংস্থাটোৱে কমিছন দিবলগীয় হৈছিল৷ প্রায় ৬০ কোটি টকা ছুইডেনৰ সংস্থাটোৱে উৎকোচ হিচাপে দিছিল৷ এই লৈ ১৯৯০ চনৰ ২২ জানুৱাৰীত চিবিআয়ে ব’ফর্ছৰ অধ্যক্ষ মার্টিন আর্ডোবো, অভিযুক্ত মধ্যভোগী, উইন ছাদ্দা আৰু হিন্দুজা ব্রাদার্ছৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্র, প্রৱঞ্চনা আৰু জালিয়াতিৰ গোচৰ ৰুজু কৰে৷ এই ব’ফর্ছ কেলেংকাৰিত ৰাজীৱ গান্ধীও সাঙোৰ খাই পৰে৷ ১৯৮৯ চনৰ লোকসভা নির্বাচনত বিৰোধীয়ে আনকি ৰাজীৱ গান্ধী চোৰহে শ্লোগানো দিছিল৷ ইয়াৰ মাজতে ২০১৭ চনত ভাৰত ভ্রমণলৈ অহা মাইকেল হার্ছমেনে বিস্ফোৰক দাবী কৰি ব’ফর্ছ কেলেংকাৰি গোচৰটোৰ নতুন গতি দিয়ে৷ ব’ফর্ছ কেলেংকাৰি সন্দর্ভত আমেৰিকালৈ এল আৰ পঠিয়াই চিবিআয়ে এই গোচৰটো নতুনকৈ তদন্ত কৰাৰ লক্ষ্য লৈছে৷ উল্লেখ্য যে এল আৰ হৈছে কোনো অপৰাধমূলক গোচৰৰ তদন্তৰ বাবে এখন দেশে আন এখন দেশৰ আদালতলৈ তদন্তৰ সাহায্যৰ বাবে প্রেৰণ কৰা চিঠি৷ চিবিআয়ে আমেৰিকালৈ এই এল আৰ পঠিওৱাৰ বাবে যোৱা ১৪ জানুৱাৰীত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ পৰা অনুমোদন লৈ পিছলৈ চিবিআয়ে আদালতৰ পৰাও ১১ ফেব্রুৱাৰীত অনুমোদন লয়৷ ইয়াৰ পিছতে ব’ফর্ছ কেলেংকাৰি সন্দর্ভত আমেৰিকালৈ এল আৰ প্রেৰণ কৰে চিবিআয়ে৷ উল্লেখ্য যে দিল্লী উচ্চ ন্যায়ালয়ে ২০০৪ চনত প্রয়াত প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ লগতে চৰকাৰী বিষয়াক উক্ত গোচৰত ক্লীনচিট দিছিল৷ ২০১১ চনত উচ্চ ন্যায়ালয়ৰ নির্দেশ মর্মে চিবিআয়ে এই গোচৰটো বন্ধ কৰিছিল৷ পুনৰ এই গোচৰটো নতুনকৈ মুকলি কৰিব চিবিআয়ে৷

You might also like