আইএছএল : নর্থ–ইষ্টৰ সন্মুখত আজি ইষ্ট বেংগল
নিউজ ডেস্ক, ৮ মার্চ : নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগত আজি অন্তিমখন লীগ মেচত ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷ উল্লেখ্য যে গুৱাহাটীৰ দলটোৱে ইতিমধ্যে প্লে’–অফত স্থান নিশ্চিত কৰিছে৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজিৰ মেচখন আবেলি পাঁচ বজাৰ পৰা আৰম্ভ হ’ব৷ উল্লেখ্য যে এয়া শ্বিলঙত নর্থ–ইষ্টৰ তৃতীয় মেচ৷ ইয়াৰ পূর্বে মুম্বাই চিটী এফচি আৰু বেংগালুৰু এফচিৰ বিৰুদ্ধে খেলা উভয় মেচতে দলটো পৰাজয়ৰ সন্মুখীন হৈছে৷ সেয়ে আজিৰ মেচ গুৰুত্বহীন যদিও নর্থ–হষ্টৰ লক্ষ্য শ্বিলঙৰ সমর্থকক জয়েৰে আনন্দ উপহাৰ দিয়া৷ অন্তিম মেচত চেন্নাইন এফচিক পৰাস্ত কৰি প্লে’–অফত স্থান নিশ্চিত কৰা নর্থ–ইষ্ট ইউনাইটেডে ২৩খন মেচ খেলি ৩৫ পইণ্ট লাভ কৰিছে৷ দলটো বর্তমান পহণ্ট তালিকাত পঞ্চম স্থানত আছে৷ আজি তিনি পইণ্ট লাভ কৰিলে উত্তৰণৰ সুযোগ লাভ কৰিব৷ আজিৰ মেচক লৈ নর্থ–ইষ্ট ইউনাইটেডৰ মুখ্য প্রশিক্ষক জুৱান পেড্র’ বেনালিয়ে কয়– ‘আমি ইষ্ট বেংগলৰ বিৰুদ্ধে ইতিমধ্যে খেলিছোঁ৷ সকলোখিনিয়ে অৱগত৷ কিন্তু আমি বিৰোধী দলতকৈ গ’ল দিয়া আৰু আমাৰ গেম প্লে’ৰ ওপৰত দৃষ্টি ৰখাটো প্রয়োজন৷ আমি কিছুমান পজিচনত নতুন খেলুৱৈক সুযোগ দিম৷’