নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিন ৰোগত চোমনিতে নষ্ট হাজাৰ হাজাৰ জাৰোৱা মুগা পলু

🔹 ঢকুৱাখনাৰ মুগাপালকৰ চকুত চকুলো

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক, ঐতিহ্য আৰু গৌৰৱৰ বাহক বিশ্ববিখ্যাত মুগা উৎপাদনৰ মূল অভিকেন্দ্ৰ ঢকুৱাখনাৰ মুগাপালকৰ মাজত হাহাকাৰ। অচিন ৰোগত আক্ৰান্ত হৈ চোমনিতে মৰিছে হাজাৰ হাজাৰ জাৰুৱা মুগাৰ পলু। মুগা পালন কৰি জীৱন জীয়াৰ সপোন ৰচা ঢকুৱাখনাৰ শ শ মুগাপালকৰ জীৱনলৈ নামি আহিছে এতিয়া কাল অমানিশা।ঢকুৱাখনাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদৰ মুগা চোমনিত কৃষকৰ চকুৰ আগতেই ধ্বংস হৈছে হাজাৰ হাজাৰ পৈণত জাৰুৱা মুগাৰ পলু। বাণিজ্যিকভাৱে কৰা এই জাৰুৱা মুগাৰ ৰহস্যজনক কাৰণত অকাল মৃত্যুৰ ঘটনাই হাহাকাৰ লগাইছে মুগাপালকৰ মাজত। উল্লেখ্য যে বহু সমস্যা আৰু প্ৰত্যাহ্বান নেওচি বছৰৰ ৮টা মাহেই মুগা পালনত ব্যস্ত থকা ঢকুৱাখনাৰ এইসকল মুগাপালকে গাঁঠিৰ ধন ভাঙি বহু আশাৰে কৰিছিল জাৰুৱা মুগাৰ খেতি। মেঘালয়ৰ গাৰো পাহাৰৰ পৰা ১২-১৫ হাজাৰ টকা দৰত মুগাৰ সঁচ ক্ৰয় কৰি আনি জাৰোৱা মুগা পালনত ব্ৰতী হোৱা কৃষকৰ চকুৰ আগতেই অচিন ৰোগত আক্ৰান্ত হৈ অপমৃত্যুক সাবটি লৈছে পৈণত পলুসমূহ।ফলত মুগাপালকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঢকুৱাখনাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদৰ মুগাপালনত ব্যস্ত হৈ থকা একাংশ দুৰ্ভগীয়া মুগাপালকে জনোৱা মতে, সুঠাম পলুবোৰ স্বাভাৱিকভাৱেই পাত খাই, চলা-ফিৰা কৰি থাকে যদিও পকিবলৈ লোৱাৰ সময়তেই চোমগছসমূহত এইবোৰৰ অৱস্থিতি নোহোৱা হৈ পৰে। আনহাতে, পকিবলৈ আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্ততে কিছুমান মুগা পলুৱে ক’লা বৰণ লৈ অপমৃত্যুক সাবটি লয়। চোম গছৰ ডালত অথবা গুৰিত ওলমি ৰৈছে মৃত পলুবোৰ। প্ৰতি বছৰেই মুগা পলুৰ খেতি কৰি লাভৱান হোৱা এইসকল মুগাপালকৰ চোমনিত মুগা পলু অচিন ৰোগৰ বলি হৈ সৰ্বস্বান্ত হোৱাত বৰ্তমান চৰম হতাশগ্ৰস্ত হৈ পৰিছে এইসকল দুৰ্ভগীয়া মুগাপালক। ৰাজ্যৰ ৰেচম উদ্যোগক জীয়াই ৰখা মুগাপালকৰ লগত চৰম দুৰ্যোগৰ পিছত হোৱা বিপৰ্যয়ত বিভাগীয় বিষয়াই ক্ষতিপূৰণৰ ব্যৱস্থা নকৰাত মানসিকভাৱে ভাগি পৰিছে মুগাপালকসকল । ঢকুৱাখনাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদৰ মুগা চোমনিতে মুগাপালকে প্ৰায় ৭০- ৮০ হাজাৰ মুগা পলু নষ্ট হোৱা বুলি প্ৰকাশ কৰি ইয়াৰ বজাৰ মূল্য ৫ লক্ষাধিক টকা হ’ব বুলি উল্লেখ কৰিছে । ইফালে, মুগাপালকসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ অপাৰগ ঢকুৱাখনাস্থিত মুগা সঁচ উন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰী। ক্ষতিগ্রস্ত দুৰ্ভগীয়া মুগাপালকসকলে অচিৰেই ইয়াৰ উচিত ক্ষতিপূৰণ দাবী কৰিছে।

প্ৰেৰক পুলকজ্য়োতি বৰা

You might also like