🔹 আন্দোলনমুক্ত ঘোষণাৰ দিনাই হিংসা
নিউজ ডেস্ক, ৯ মার্চ : কেন্দ্রৰ আন্দোলনমুক্ত মণিপুৰ ঘোষণা কৰাৰ আৰম্ভণিৰ দিনাই ৰাজ্যখনৰ বিভিন্ন প্রান্তত নিৰাপত্তা বাহিনী আৰু কুকি সম্প্রদায়ৰ সংগঠনৰ মাজত সংঘাত হয়৷ মণিপুৰত কালিৰে পৰা সকলো অঞ্চললৈ যান–বাহনৰ চলাচলৰ লগতে আন্দোলনমুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে কেন্দ্রীয় চৰকাৰৰ নির্দেশনামর্মে নিৰাপত্তা বাহিনীৰ বেষ্টনীৰ মাজত চৰকাৰী বাছৰ চলাচল আৰম্ভ কৰাৰ সময়তে কুকি সংগঠনে বাধা প্রদান কৰে৷ ৰাষ্ট্রপতি শাসন চলি থকা ৰাজ্যখনত কালি কাংপকপিট মণিপুৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছক কুকি আন্দোলনকাৰীয়ে বাধা প্রদান কৰে৷ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিয়া কুকি সংগঠনৰ প্রতিবাদকাৰীয়ে ৰাজ্যিক পৰিবহণ নিগমৰ বাছক পথ অৱৰোধ কৰি বাধা প্রদান কৰে৷ বিগত দুবছৰৰ পিছত ইম্ফলৰ পৰা পাহাৰীয়া অঞ্চললৈ বাছ চলাচল আৰম্ভ কৰে যদিও প্রথম দিনাই কুকিয়ে বাধা প্রদান কৰে৷ পথ অৱৰোধ কৰা প্রতিবাদকাৰীক আঁতৰাই পঠিয়াবলৈ নিৰাপত্তা বাহিনীয়ে ব্যৱস্থা গ্রহণ কৰাত দুয়োপক্ষৰ মাজত সংঘর্ষ লাগে৷ প্রতিবাদকাৰীয়ে বাছ জ্বলাই দিয়াৰ সমান্তৰালকৈ বিক্ষিপ্ত হিংসাত লিপ্ত হয়৷ তথ্য মতে, প্রতিবাদকাৰীক আঁতৰ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ আৰু ৰবৰ বুলেট প্রয়োগ কৰাত কেইবাজনো প্রতিবাদকাৰী আহত হয়৷ নিৰাপত্তা বাহিনী আৰু প্রতিবাদকাৰীৰ মাজত হোৱা সংঘর্ষত এজন সাধাৰণ লোক নিহত হয়৷ আনপিনে, নিৰাপত্তা বাহিনীৰ জোৱান আহত হয়৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নির্দেশনামর্মেই ৰাজ্যখনত সকলো নাগৰিকৰ চলাচল মুক্ত কৰাৰ লক্ষ্যৰে নিৰাপত্তা বাহিনীৰ বেষ্টনীৰ মাজত ইম্ফলৰ পৰা পাহাৰীয়া অঞ্চললৈ চৰকাৰী বাছৰ চলাচল আৰম্ভ কৰে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে যিয়ে এইক্ষেত্রত বাধা প্রদান কৰে, তাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছিল৷ সেইমর্মেই কালি বাছৰ চলাচলত বাধা প্রদান কৰা কুকি সংগঠনৰ কর্মীৰ বিৰুদ্ধে কঠোৰ হয় নিৰাপত্তা বাহিনী৷ আনপিনে, পুনৰ অশান্ত কৰিব খোজা কেইবাটাও সংগঠনৰ ৭জন সদস্যক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ইয়াৰে ভিতৰত নিষিদ্ধঘোষিত পিডব্লিউজিৰ দুজন সদস্যও আছে৷