নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বগুৰু

২৮ ফেব্রুৱাৰী, ২০২৫ চন৷ এইটো এটা সাধাৰণ তাৰিখ নহয়৷ বিশ্বৰ ইতিহাস সলনি কৰাৰ এটা তাৰিখ হ’ব পাৰে ২০২৫ৰ ২৮ ফেব্রুৱাৰী৷ আৰু যদি পূর্বানুমান কৰাৰ দৰেই তেনে হয় তেন্তে কিছু সঠিক সময়ত দিয়া সঠিক খোজে ভাৰতক প্রকৃততে ‘বিশ্বগুৰু’ আসনত বহাৰ সুবর্ণ সুযোগ আনি দিব৷ কিয় বাৰু ২৮ ফেব্রুৱাৰীৰ দিনটো এটা উল্লেখনীয় দিন? সেইদিনা আমেৰিকাৰ ৱাশ্বিংটন চহৰৰ ৰাষ্ট্রপতি ভৱনত থকা অভেল অফিচত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ইউক্রেইনৰ ৰাষ্ট্রপতি ভ্লাডিমীৰ জেলেনস্কীৰ মাজত খনিজ সম্পদ সম্পর্কীয় চুক্তিৰ বাবে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ অব্যাহত হৈ থকাৰ সময়ত আৰু আমেৰিকাই ইউক্রেইনক ধন আৰু অস্ত্রৰে সহায় কৰি থকা সময়ত খনিজ সম্পদ সম্পর্কীয় এই চুক্তিখন বিশ্বৰ আন দেশবোৰৰ বাবে বিশেষ গুৰুত্বপূর্ণ যেন লগা নাছিল৷ কিন্তু দুয়োখন দেশৰ ৰাষ্ট্রপতি, আমেৰিকাৰ উপ–ৰাষ্ট্রপতি, শীর্ষ কূটনীতিবিদ আৰু শতাধিক সংবাদ মাধ্যমৰ লাইভ সম্প্রচাৰৰ মাজত অনুষ্ঠিত হোৱা বৈঠকখনৰ প্রথম আধাঘণ্টা ঠিকে–থাকে আগবঢ়াৰ পিছত হঠাত বৈঠকখনৰ ৰূপে মোৰ সলালে তেতিয়া, যেতিয়া ৰাষ্ট্রপতি ট্রাম্পে ইউক্রেইনৰ খনিজ সম্পদৰ ৫০ শতাংশৰ ওপৰত আমেৰিকাৰ অধিকাৰ বিচাৰিলে৷ ট্রাম্পৰ যুক্তি হ’ল যিহেতু আমেৰিকাই ইউক্রেইনক বিপুল পৰিমাণৰ ধন আৰু বিশাল অস্ত্র ভাণ্ডাৰেৰে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত সহায় কৰি আছে সেয়ে তেওঁলোকক ইউক্রেইনৰ খনিজ সম্পদৰ অর্ধেক অংশত নিয়ন্ত্রণ লাগিবই৷ স্বাভাৱিকতে ট্রাম্পৰ এই দাবী মানি ল’ব পৰা নাছিল জেলেনস্কীয়ে আৰু এয়া সম্ভৱপৰ নহয় বুলি লগে লগে জনাই দিছিল৷ ইয়াতে ক্ষুব্ধ হৈ ট্রাম্পে জেলেনস্কীক ৰাছিয়াৰ সৈতে যুদ্ধবিৰতি কৰিবলৈ দাবী কৰে৷ সেই প্রস্তাৱো জেলেনস্কীয়ে পোনচাটে নাকচ কৰি ট্রাম্পক সোঁৱৰাই দিয়ে যে ইতিমধ্যে ৰাছিয়াই ২৫বাৰকৈ যুদ্ধবিৰতি চুক্তি উলংঘন কৰিছে আৰু ইউক্রেইনৰ ওপৰত অপ্রৰোচিতভাৱে আক্রমণ চলাই আছে৷ জেলেনস্কীৰ এই কঠোৰ স্থিতি আৰু শতাধিক সংবাদ মাধ্যমৰ লোকৰ সন্মুখত উভতি ধৰা কার্যই ঊর্ধ্বত ট্রাম্পক ভীষণ ক্রুদ্ধ কৰি তোলে৷ খঙত একো নাই হৈ ট্রাম্পে জেলেনস্কীক মুকলিকৈ তিৰষ্কাৰ কৰি ‘এজন অপদার্থ ৰাষ্ট্রপতি’ বুলি গালি পাৰে৷ জেলেনস্কীয়েও ট্রাম্পৰ ভাবুকিক কেৰেপ নকৰি সমানে সমানে উত্তৰ দি যায় আৰু খনিজ সম্পদ সম্পর্কীয় চুক্তিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰে৷ দুগৰাকী ৰাষ্ট্রপ্রধানৰ এনে উত্তপ্ত বৈঠক, বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্রপতিৰ সৈতে পৃথিৱীৰ ইতিহাসতে বিৰল ঘটনা৷ জেলেনস্কীয়ে কেৱল চুক্তি স্বাক্ষৰিত কৰিবলৈ অমান্তি হোৱাই নহয়, ট্রাম্পে আয়োজন কৰা নৈশভোজো গ্রহণ নকৰি অভেল অফিচৰ পৰা গুচি আহে৷ ইতিমধ্যে এই বিষয়ে সবিস্তাৰে সংবাদ মাধ্যমত প্রকাশ পাইছে৷
ইয়াৰ পিছৰ ঘটনাক্রম সেইদিনটোৰ পৰাই সন্তর্পণে আৰম্ভ হৈছে৷ ট্রাম্পৰ ৰূঢ় ব্যৱহাৰ আৰু বন্ধুৰাষ্ট্র ইউক্রেইন ত্যাগ কৰি ৰাছিয়াৰ সৈতে অধিক ঘনিষ্ঠতাই ইউৰোপৰ আন দেশসমূহক ভবাই তুলিছে৷ আজি যদি আমেৰিকাই ইউক্রেইনৰ সৈতে এনে কৰিছে তেন্তে অদূৰ ভৱিষ্যতে ইউৰোপৰ আন বন্ধুৰাষ্ট্রবোৰৰ সৈতেও অনুৰূপ ব্যৱহাৰ কৰিব পাৰে৷ সেয়ে জার্মানী–ইটালী–স্পেইন আদি কৰি ইতিমধ্যে ইউৰোপৰ আঠখন দেশে এক অনানুষ্ঠানিক সংযোগত মিলিত হৈছে আৰু সমগ্র ইউৰোপক একত্রিত কৰাৰ প্রচেষ্টা হাতত লৈছে৷ প্রয়োজনত ইউৰোপৰ এক সমূহীয়া সেনা বাহিনীও গঢ় দিয়াৰ প্রস্তাৱ উঠিছে৷ ইপিনে, এই ঘটনাক্রমৰ সমান্তৰালকৈ ট্রাম্পৰ শুল্কযুদ্ধয়ো বিশ্বৰ আন দেশবোৰক সংকটত পেলাইছে৷ এফালে ইউৰোপ একত্রিত হ’বলৈ ক্রমশঃ আগবাঢ়িছে৷ আৰু আনফালে চীন–ভাৰতসহ বিশ্বৰ বহুদেশ ট্রাম্পৰ শুল্কযুদ্ধত ভীষণভাৱে ক্ষতিগ্রস্ত হোৱাটো প্রকট হৈ পৰিছে৷ আৰু এই সংকটেই ভাৰতৰ সন্মুখত এক সুবর্ণ সুযোগ আনি দিছে৷ নিজৰ স্থিতি অটুট ৰাখি বর্তি থকাৰ বাবে এতিয়া বিশ্বৰ বহু দেশক ভৰসা কৰিব পৰা এক নেতৃত্বৰ প্রয়োজন আহি পৰিছে৷ বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্র চীন এই বিকল্প নেতৃত্বৰ বাবে উপযুক্ত দেশ হ’ব পাৰিলেহেঁতেন, কিন্তু চীনৰ কমিউনিষ্ট বেকগ্রাউণ্ড আৰু সৰু সৰু দেশবোৰক অর্থনৈতিকভাৱে গ্রাস কৰিব খোজা প্রৱণতাৰ বাবে দেশখন ১নং বাছনিৰ নহয়৷ ইয়াৰ বিপৰীতে আৰব, আফ্রিকা আৰু লেটিন আমেৰিকাৰ অধিকাংশ দেশৰ সৈতে ভাৰতৰ সু-সম্পর্ক৷ বিশ্বৰ অন্যতম গণতান্ত্রিক দেশ বিশাল ভূখণ্ডৰ ভাৰতৰ শেহতীয়া বিশ্বজনীন ইছ্যুবিলাকত দৃঢ় স্থিতি আৰু প্রছন্ন ইমেজে ভাৰতক বিকল্প নেতৃত্বৰ বাবে অন্যতম দাবীদাৰ কৰি তুলিছে৷ অবৈধ ভাৰতীয়ক দৃষ্টিকূটভাৱে বিতাড়ন, ১০০ শতাংশ টেৰিফৰ ভাবুকি আৰু ট্রাম্পৰ পাকিস্তানপ্রীতিয়ে মোদী চৰকাৰক আমেৰিকাৰ গ্রাসৰ পৰা ক্রমশঃ মুক্ত হৈ নিজা স্থিতি লোৱাৰ সুযোগ দিছে আৰু ইতিমধ্যে ভাৰতে এই সুযোগ গ্রহণ কৰি সতর্কভাৱে আগবাঢ়িছে৷ প্রধানমন্ত্রী মোদীয়ে তেওঁৰ তিনিটা কার্যকালৰ বহু সৰু–বৰ দেশ ভ্রমণ কৰা আৰু সেই দেশসমূহৰ সৈতে কূটনৈতিক সম্পর্ক ঘনিষ্ঠ কৰাৰ সুফল ভাৰতে এতিয়া পাবলৈ আৰম্ভ কৰিব৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ ৰাজ্যিক বৈদেশিক মন্ত্রী পৱিত্র মার্ঘেৰিটাই বিভিন্ন সৰু সৰু দেশ ভ্রমণ কৰি আছে৷ উপৰুৱা দৃষ্টিত এয়া বন্ধুৰাষ্ট্র ভ্রমণ যেন লাগিলেও মার্ঘেৰিটাক এনে ৰাষ্ট্রবোৰলৈ প্রেৰণ কৰি ভাৰতে সেই দেশসমূহৰ সৈতে সম্পর্ক যেন অধিক গাঢ় কৰিব বিচাৰিছে, সেয়া স্পষ্ট৷ প্রাথমিক স্তৰত মন্ত্রী মার্ঘেৰিটাই সম্পর্কৰ বাট সুচল কৰি অহাৰ পিছত বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ ভ্রমণে সেয়া নিকপকপীয়া কৰিব, সেয়া নিশ্চিত৷ বিশ্বত প্রায় ১৪৮খন এনে দেশ আছে যিকেইখন দেশৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পর্ক মধুৰ৷ আমেৰিকাৰ ৰঙাচকু, চীনৰ আগ্রাসন আৰু ইউৰোপীয় ইউনিয়নৰ নিজক ৰক্ষা কৰাৰ কুচকাৱাজৰ পৰা যদি ৰক্ষা পৰিবৰ বাবে এখন শক্তিশালী ঢালৰ প্রয়োজনীয়তা অনুভৱ কৰে সেই  ঢাল হোৱাৰ বাবে ভাৰতে অংক কৰি আগবঢ়া পদক্ষেপ যদি সফল হয় তেন্তে চীন নহয়, ভাৰত হ’ব আমেৰিকাৰ বিকল্প নেতৃত্ব দিব পৰা শক্তি৷ পৰৱর্তী দুটা বছৰ এইক্ষেত্রত অত্যন্ত লক্ষণীয় হ’ব৷ ট্রাম্প প্রশাসনৰ ঔদ্ধত্য কি পর্যায়লৈ যায়, ইউৰোপীয় দেশসমূহৰ একত্রীকৰণৰ প্রচেষ্টা কি হয়, একাংশ মুছলিম ৰাষ্ট্রৰ মৌলবাদী উত্থানে কেনে কুৎচিত ৰূপ লয় আৰু চীনৰ অর্থনৈতিক আগ্রাসনৰ টেঁটুচেপা যিমান বাঢ়ে, এই সমস্ত ঘটনাক্রম ধর্মনিৰপেক্ষ আর্থিকভাৱে স্থিৰ আৰু সামৰিকভাৱে শক্তিশালী ভাৰতক বিশ্বগুৰু আসনত বহুৱাবৰ ৰূপৰেখা নির্ণয় কৰিব৷

You might also like