নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানৰ ভিতৰত নগ্ন হৈ যুৱতীৰ তাণ্ডৱ

🔹 আমেৰিকাৰ হিউষ্টনত হাহাকাৰ পৰিস্থিতি

নিউজ ডেস্ক, ১০ মার্চ : উৰণৰ বাবে প্রস্তুতি আৰম্ভ কৰিছিল বিমানখনে৷ সেই সময়ত যাত্রীসকলে নিজৰ আসনত বহিছে৷ হঠাতে বিমানৰ মাজত নিজৰ সকলো কাপোৰ খুলি নগ্ণ অৱস্থাত ঘূৰিবলৈ ধৰে এগৰাকী মহিলা যাত্রীয়ে৷ ঘটনাত কিংকর্তব্যবিমূঢ় হৈ পৰে সহযাত্রী তথা বিমান কর্মীসকল৷ লগে লগে বিমানখনৰ উৰণৰ প্রস্তুতি বন্ধ কৰা হয়৷ এই তৰুণীৰ ভিডিঅ’ বিয়পি পৰিছে ছ’চিয়েল মিডিয়াত৷ আমেৰিকাৰ হিউষ্টনৰ পৰা ফিনিক্সলৈ যাত্রা কৰাৰ সময়ত উইলিয়াম পি হবি বিমানবন্দৰত প্রস্তুত হৈছিল ফ্লাইট ৭৩৩৷ যাত্রীসকলেও নির্দিষ্ট সময়ত বিমানত উঠি নিজৰ নিজৰ আসন গ্রহণ কৰিছিল৷ হঠাতে এগৰাকী যুৱতীয়ে সম্পূর্ণ নগ্ণ অৱস্থাত বিমানখনত আৰম্ভ কৰে নৃত্য৷ চিৎকাৰ কৰি ককপিটতো ঢকিয়াবলৈ ধৰে যুৱতীগৰাকীয়ে৷ প্রায় ২৫ মিনিট সময় ধৰি এনে অৱস্থাত ঘূৰি থাকে যুৱতীগৰাকী৷ এগৰাকী যাত্রীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, যুৱতীগৰাকীয়ে তেওঁৰ সন্মুখলৈ গৈ সকলো কাপোৰ খুলি পেলায়৷ তাৰ পাছত ককপিটৰ ওচৰলৈ গৈ ভিতৰত প্রৱেশৰ বাবে চিৎকাৰ কৰিবলৈ ধৰে৷ যাত্রীসকলৰ মাজত সৃষ্টি হয় এক অস্বস্তিকৰ পৰিস্থিতি৷ শেষত বিমানখনৰ উৰণৰ প্রস্তুতি বন্ধ কৰি যুৱতীগৰাকীক কম্বল ঢাকি আৰক্ষীৰ হাতত গতাই দিয়া হয়৷ আৰক্ষীৰ হাতত গতাই দিয়াৰ পূর্বে যুৱতীগৰাকীয়ে পলায়নৰ চেষ্টা কৰে৷ আৰক্ষীৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, যুৱতীগৰাকীক লগে লগে স্থানীয় হাস্পতালৰ নিউৰ’ ছাইকিয়াট্রিক চেণ্টাৰলৈ লৈ যোৱা হয়৷ মানসিকভাৱে ভাৰসাম্যহীন হৈ যুৱতীগৰাকীয়ে এনে কার্য সংঘটিত কৰিছিল বুলি ধাৰণা কৰা হৈছে৷ লক্ষণীয়ভাৱে এনে কার্যৰ বাবে যুৱতীগৰাকীক কোনোধৰণৰ জৰিমনা বিহা হোৱা নাই৷ এঘণ্টা পলমকৈ বিমানখনৰ যাত্রা আৰম্ভ হয়৷ এই বিলম্বৰ কাৰণে উৰণ সংস্থাটোৰ তৰফৰ পৰা যাত্রীসকলৰ ওচৰত ক্ষমা বিচৰা হৈছে৷

You might also like