পেপ স্মীয়াৰ জৰায়ুৰ কর্কট ৰোগৰ পৰীক্ষা
ডাঃ ৰাজীৱলোচন শর্মা
স্ত্রী ৰোগ বিশেষজ্ঞ
ইষ্ট এণ্ড নার্ছিং হোম, গুৱাহাটী
মহিলাৰ কর্কট ৰোগৰ ভিতৰত জৰায়ুৰ মুখত কর্কট ৰোগে এতিয়া সঘনাই দেখা পোৱা এবিধ কর্কট ৰোগ৷ মহিলাৰ যৌনাংগৰ কর্কট ৰোগৰ ভিতৰত ৮০ শতাংশ জৰায়ুৰ মুখৰ কর্কট ৰোগত ভোগে৷ পেপ স্মীয়াৰৰ বহুল প্রচাৰ তথা ব্যৱহাৰে, পশ্চিমীয়া দেশত জৰায়ুৰ কর্কট ৰোগত আক্রান্তৰ সংখ্যা বহু পৰিমাণে কমাই আনিছে৷ ইয়াৰ ফলত এই ৰোগ আৰম্ভণিতে ধৰা পেলাই চিকিৎসা কৰাৰ ফলত, কর্কট ৰোগৰ ফলত হোৱা মৃত্যুৰ পৰিমাণো কমি গৈছে৷ ইয়াৰ বিপৰীতে ভাৰতত পেপ স্মীয়াৰৰ জনপ্রিয়তা তথা বহুল প্রচাৰ নোহোৱা বাবে জৰায়ুৰ কর্কট ৰোগত আক্রান্তৰ সংখ্যা উন্নত দেশৰ তুলনাত হ্রাস পোৱা নাই৷ সেয়েহে পেপ স্মীয়াৰৰ বিষয়ে জনাটো অতি দৰকাৰী৷
১৯৪৩ চনতে পাপানিকলছ আৰু ট্রেইটে পেপ স্মীয়াৰৰ বিষয়ে বর্ণনা কৰিছিল৷ ইয়াক পেপ, টেষ্ট হিচাপেও জনা যায়৷ ছাৰফিছ বায়’পষ্ট ইয়াৰ আন এটা নাম৷ পেপ স্মীয়াৰৰ সহায়ত মহিলা এগৰাকীৰ জৰায়ুৰ কর্কট ৰোগত আক্রান্ত হোৱা বা আক্রান্ত হোৱাৰ সম্ভাৱনা থকাৰ বিষয়ে আগজাননী পোৱা যায়৷ ইয়াৰ ফলত আগতীয়াকৈ চিকিৎসা কৰি মহিলাগৰাকীক সম্পূর্ণকৈ সুস্থ কৰি তুলিব পাৰি৷
সাধাৰণতে ৩৫ বছৰৰ ঊর্ধ্বৰ সকলো মহিলাৰে বছৰত এবাৰ হ’লেও পেপ স্মীয়াৰ পৰীক্ষা কৰোৱাব লাগে৷ ইয়াৰ সহায়ত জৰায়ুৰ কর্কট ৰোগৰ উপৰি আন বেমাৰবোৰো ধৰা পৰে৷ ২১ বছৰৰ পৰা ৬৫ বছৰ বয়সীয়া সকলো মহিলাৰ প্রতি তিনি বছৰৰ মূৰে মূৰে এবাৰ পেপ স্মীয়াৰ পৰীক্ষা কৰোৱাটো দৰকাৰী৷ কেতবোৰ মহিলাৰ এনে পৰীক্ষাৰ প্রতিবছৰে কৰা হয়৷ তলত তেনে কিছুমান কাৰক উল্লেখ কৰা হ’ল৷
(১) যদিহে মহিলাগৰাকীৰ ইতিমধ্যে জৰায়ুৰ কর্কট ৰোগ ধৰা পৰিছে
(২) এইচ আই ভি বীজাণুৰ দ্বাৰা সংক্রমিত হৈছে
(৩) ডি–ই–এছ বুলি ঔষধবিধ ব্যৱহাৰ কৰাৰ ইতিহাস থাকিলে
(৪) যদিহে মহিলাগৰাকীৰ ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস পায়
(৫) ধঁপাতজাতীয় দ্রব্য সেৱন কৰাৰ অভ্যাস আছে
(৬) এইচ পি ভি বীজাণুৰ দ্বাৰা যদিহে সংক্রমিত হৈছে
(৭) যদিহে মহিলাগৰাকীৰ কেইবাজনো পুৰুষৰ লগত সম্পর্ক থকাৰ ইতিহাস থাকে
(৮) দীঘলীয়া সময় ধৰি যদিহে গর্ভ নিৰোধক ঔষধ খোৱাৰ ইতিহাস থাকে৷
উপৰিউক্ত কাৰণসমূহৰ বাবে মহিলাগৰাকীৰ পেপ স্মীয়াৰ প্রতিবছৰে কৰা হয়৷
পেপ স্মীয়াৰ লোৱাৰ আগতে কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে৷ উদাহৰণস্বৰূপে তিনি দিন সহবাস নকৰা, যৌনাংগত কোনো ঔষধ ব্যৱহাৰ নকৰা আদি৷ মাহেকীয়া ঋতুস্রাৱৰ সময়তো এনে পৰীক্ষা কৰা নহয়৷
পেপ স্মীয়াৰ এক অতি সহজে কৰিব পৰা পৰীক্ষণ৷ সাধাৰণতে স্ত্রীৰোগ বিশেষজ্ঞ বা প্রশিক্ষণপ্রাপ্ত চিকিৎসক বা ধাত্রী বা চিকিৎসা কর্মীয়ে পেপ স্মীয়াৰ পৰীক্ষাৰ বাবে প্রয়োজনীয় নমুনা সংগ্রহ কৰিব পাৰে৷ এনে নমুনা পৰীক্ষাগাৰলৈ প্রেৰণ কৰা হয়, পৰীক্ষাৰ বাবে৷
পেপ স্মীয়াৰৰ ফলাফল–
পাপানিকলছৰ দৃষ্টিৰে, জৰায়ুৰ মুখৰ কোষসমূহৰ পৰিৱর্তনৰ ওপৰত নির্ভৰ কৰি তলত দিয়া ধৰণে পেপ স্মীয়াৰ শ্রেণীভুক্ত কৰা হয়–
গ্রেড ১ স্বাভাৱিক কোষ
(শ্রেণী)
গ্রেড ২ সোঁচৰণ বা ইনফেকচনৰ প্রভাৱত হোৱা কোষৰ পৰিৱর্তন
গ্রেড ৩ কোষৰ অস্বাভাৱিক পৰিৱর্তন৷ এনে কোষৰ অৱস্থিতি দেখিলে বায়’পছি দৰকাৰ হ’ব পাৰে
গ্রেড ৪ অস্বাভাৱিক কোষ, কর্কট ৰোগ হ’ব পাৰে বায়’পছি কৰিব লাগে
গ্রেড ৫ কর্কট ৰোগৰ কোষৰ অৱস্থিতি৷
অজিকালি বেথেছডা পদ্ধতি মতে পেপ স্মীয়াৰৰ ফলাফল শ্রেণীভুক্ত কৰা হয়৷ উদাহৰণস্বৰূপে এএছচি–ইউএছ, ইয়াত জৰায়ুৰ মুখৰ কোষসমূহ প্রায়ে স্বাভাৱিক বুলি ধৰা হয়৷ সংক্রমণ বা সোঁচৰণৰ বাবে দুই এটা অস্বাভাৱিক কোষ থাকিব পাৰে৷
এলএছআইএল, এনে ধৰণৰ পৰিৱর্তন দেখিলে বায়’পছি কৰা দৰকাৰ৷
এইচ এছ আই এল– বায়’পছি জৰুৰী৷ এএছচি–এইচ৷
সামৰণিঃ
সঠিকভাৱে কৰা পেপা স্মীয়াৰে জৰায়ুৰ মুখৰ কর্কট ৰোগৰ আগজাননী ৯৮ শতাংশ শুদ্ধকৈ দিব পাৰে৷ অস্বাভাৱিক কোষৰ উপস্থিতি ধৰা পৰিলেই কলপ’স্কপি কৰি অস্বাভাৱিক যেন লগা ঠাইৰ পৰা বায়’পছি লোৱা হয়৷ যদিহে সোঁচৰণ বা ইনফেকচন ধৰা পৰে, চিকিৎসা কক্ষৰ পিছত পুনৰ পেপ স্মীয়াৰ পৰীক্ষা কৰা হয়৷ মনত ৰাখিবলগীয়া কথা এয়ে যে আৰম্ভণিতে ধৰা পৰিলে জৰায়ুৰ মুখৰ কর্কট ৰোগ সম্পূর্ণকৈ নিৰাময় কৰিব পাৰি৷ সেয়েহে সকলো মহিলা সজাগ হোৱাটো অত্যন্ত জৰুৰী৷