আইএছআইক তথ্য দিয়া ৰে’লৱেৰ বিষয়াক গ্রেপ্তাৰ
🔹 যৌনতাৰ জালত ভৰি দিয়া বিষয়াৰ পৰা গুৰুত্বপূর্ণ তথ্য সংগ্ৰহ পাকিস্তানী মহিলাৰ
নিউজ ডেস্ক, ১০ মার্চ : ছ’চিয়েল মিডিয়াত মহিলাৰ সৈতে আলাপ৷ তাৰ পাছতে আৰম্ভ হয় সম্পর্ক৷ এনেদৰে লাহে লাহে যৌনতাৰ জালত ভৰি দিয়ে ৰে’ল বিভাগৰ এগৰাকী বিষয়াই৷ এই বিষয়াগৰাকীৰ পৰা দেশৰ গুৰুত্বপূর্ণ তথ্য ল’বলৈ সক্ষম হয় পাকিস্তানী মহিলাই৷ তথ্য যোগানৰ অভিযোগত ৰাজস্থানৰ বিকেনাৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছে বিষয়াজনক৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ধৃত ৰে’ল বিভাগৰ বিষয়াজনৰ নাম ভৱানী সিং৷ ছ’চিয়েল মিডিয়াত এগৰাকী মহিলাৰ সৈতে বার্তালাপ হৈছিল ভৱানী সিঙৰ৷ যৌনতাৰ জালত ভৰি দি মহিলাগৰাকীৰ পৰা তথ্যৰ বিনিময়ত বৃহৎ অংকৰ ধনৰ প্রলোভন পায় ভৱানী সিঙে৷ এনেদৰে ভৱানী সিঙে অতি গুৰুত্বপূর্ণ বিভিন্ন তথ্য মহিলাগৰাকীক যোগান ধৰে৷ লক্ষণীয়ভাৱে সেনাৰ বিভিন্ন তথ্যও ভৱানী সিঙে মহিলাগৰাকীক যোগান ধৰিছিল৷ সেই তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে লাভ কৰে৷