নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-মেঘালয় সীমান্তৱৰ্তী সেউৰাগুৰিত পথ দুৰ্ঘটনা, থিতাতে নিহত ১

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ : অসম মেঘালয় সীমান্তৱৰ্তী সেউৰাগুৰীত আজি পুৱাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। থিয় হৈ থকা মালবাহী ট্ৰাক এখনত পিছফালৰ পৰা প্ৰচণ্ড বেগেৰে অহা পিক আপ ভেনে খুন্দিয়ায়। ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো আৰু থিতাতে নিহত হয় পিক আপ ভেনত থকা এগৰাকী শ্ৰমিক। জানিব পৰা মতে নিহত শ্ৰমিকগৰাকী খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত খাৰুৱাবান্ধা গাঁৱৰ ৰহিম বাদশ্বা।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like