নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ হোটেল-ৰেষ্টুৰেণ্ট, পদপথৰ দোকানৰ খাদ্য কিমান স্বাস্থ্যসন্মত!

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ধুবুৰীৰ বিভিন্ন হোটেল,ৰেষ্টুৰেন্টকে ধৰি চহৰখনৰ পদপথতো থকা বিভিন্ন খাদ্য সামগ্ৰীৰ দোকানসমূহৰ খাদ্য কিমান স্বাস্থ্যসন্মত? দীৰ্ঘদিনৰ পৰাই জনজীৱনৰ সৈতে গুৰুত্বপূৰ্ণ এই প্ৰশ্ন উত্থাপিত কৰি আহিছে বহুতেই। উল্লেখ্য যে, বিভিন্ন চৰকাৰী কান-কাজকে ধৰি উন্নত চিকিৎসা সেৱাৰ বাবে দৈনিক ধুবুৰীলৈ আগমন ঘটে বহু লোকৰ। কেৱল ধুবুৰী মহকুমাৰেই নহয়, মেঘালয়ৰ ফুলবাৰীকে ধৰি দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চলৰ পৰাও ধুবুৰী চহৰলৈ দৈনিক অহা-যোৱা কৰে বহুতেই। স্বাভাবিক ভাবেই নিজৰ কামৰ ব্যস্ততাৰ মাজতে আৰ্থিক সামৰ্থ্য অনুসৰি সেই লোকসকলে ধুবুৰীৰ বিভিন্ন সৰু-বৰ হোটেল, ৰেষ্টুৰেন্টকে ধৰি পদপথত বহা দোকানত আহাৰ খায়। কিন্তু তাৎপৰ্য্যপূৰ্ণ বিষয়টো এয়াই যে ধুবুৰীত এইদৰে বিক্ৰী কৰি থকা বিভিন্ন ধৰণৰ খাদ্যৰ কিমান স্বাস্থ্যসন্মত সেয়া কিন্তু সন্দেহৰ উৰ্ধত নহয়। আনকি, চহৰখনৰ একাংশ হোটেল, ৰেষ্টুৰেন্ট আৰু পদপথৰ দোকানত অত্যন্ত লেতেৰা পৰিৱেশত ৰন্ধা-বঢ়া কৰা আৰু বাচন-বৰ্তন ধুৱা হয় বুলিও আছে অভিযোগ। সমান্তৰালকৈ গ্ৰাহকক আহাৰৰ সৈতে যোগান ধৰা খোৱাপানীও কিমান বিশুদ্ধ সেয়াও প্ৰশ্ন যোগ্য বুলিয়েই প্ৰকাশ। তাৰোপৰি, চহৰখনৰ একাংশ খাদ্য-সামগ্ৰীৰ দোকানে বাহী খাদ্য বিক্ৰি কৰাকে ধৰি মিঠাতেলৰ ঠাইত মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি পৰিচিত পাম তেল বুলি এবিধ বিশেষ তেল ব্যৱহাৰ কৰে বুলিও বুবু-বাবা আছে। কিন্তু তাৎপৰ্য্যপূৰ্ণ বিষয়টো এয়াই যে, আজিলৈ জিলাখনৰ খাদ্য সুৰক্ষা বিভাগে ধুবুৰী চহৰৰ কোনো এখন হোটেল, ৰেষ্টুৰেন্ট অথবা পদপথৰ দোকানত বিক্ৰী হৈ থকা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰা কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা যোৱা নাই। ইয়াৰ মাজতে আকৌ চহৰখনৰ একাংশ ৰেষ্টুৰেন্টে ধুবুৰী পৌৰসভাৰ ব্যৱসায়িক অনুজ্ঞা পত্ৰ নোহোৱাকৈয়ে মুকলি ভাবে ব্যৱসায় চলাই থকাৰোৱআছে আন এক চৰ্চা। পিছে পৰিতাপৰ কথা এয়াই যে জনজীৱনৰ স্বাস্থ্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ এই বিষয়টো লৈ কিন্তু প্ৰশাসন, পৌৰসভাৰ ধৰি স্থানীয় খাদ্য সুৰক্ষা বিভাগে হাত সাৱটি বহি থকাহে দেখা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like