নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত মৃত ব্যক্তিৰ মৃতদেহ অনাৰ ব্যয় বহন কৰিব চৰকাৰে

🔹 বিত্তমন্ত্রী অজন্তা নেওগৰ ঘোষণা

বিশেষ বাৰ্তা, ১১ মার্চ : পৰৱর্তী ২০২৫–২৬ বিত্তীয় বর্ষৰ বাবে কালি বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা বাজেটে সুখবৰ কঢ়িয়াই আনিছে চাহ শ্রমিকসকললৈ৷ বিত্তমন্ত্রী নেওগে কৰা বাজেট ঘোষণা অনুসৰি ৰাজ্যৰ ৬.৮ লাখ চাহ শ্রমিকে ৫,০০০ টকাকৈ এককালীন বিত্তীয় সাহায্য লাভ কৰিব৷ এই সন্দর্ভত তেওঁ বাজেট ভাষণত কয় যে অসমৰ চাহ জনজাতি সম্প্রদায়লৈ কৃতজ্ঞতা জনাই মই ৰাজ্যখনত বর্তমানে থকা ৬.৮ লাখ চাহ শ্রমিকৰ প্রতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে ৫,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ৷ ই কেজুৱেল শ্রমিক আৰু স্থায়ী শ্রমিক উভয়কে সামৰি ল’ব৷ মই ইয়াৰ বাবে ৩৪২ কোটি টকা আবণ্টন দিছোঁ৷ ইফালে, বাজেটত আন এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে বিত্তমন্ত্রী নেওগে৷ তেওঁ প্রকাশ কৰা মতে, ভাৰতৰ বিভিন্ন চহৰ বা বিদেশত মৃত্যু হোৱা অসমৰ ব্যক্তিৰ মৃতদেহ সন্মানসহকাৰে ৰাজ্যখনলৈ অনাৰ বাবে এটা উৎসর্গিত ব্যৱস্থা গঢ়ি তোলা হ’ব৷ এনে জটিল সময়ত দুর্ভগীয়া পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে মৃতকৰ শৰীৰ পৰিবহণৰ সমুদায় ব্যয় বহন কৰিব চৰকাৰে৷ তদুপৰি সত্রৰ উদাসীন ভকতসকলক প্রতি মাহে ১,৫০০ টকাকৈ আগবঢ়োৱাৰো বাজেটত প্রস্তাৱ দিয়া হৈছে৷

You might also like