নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ তথ্য লুুকুওৱা ব্যক্তিক ৬ মাহৰ কাৰাবাস শ্রীলংকাৰ

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ক’ভিড–১৯ত আক্রান্ত দেশৰ পৰা স্বদেশলৈ উভতি অহা কোনো ব্যক্তিয়ে যদি সেই তথ্য লুকুৱাব বিচাৰে, তেতিয়াহ’লে তেনে ব্যক্তিক ছমাহৰ কাৰাদণ্ড দিয়া হ’ব ৷ শ্রীলংকা আৰক্ষীৰ শীর্ষ বিষয়াই এই ঘোষণা কৰি কয় যে বিদেশৰ পৰা অহা কোনো ব্যক্তিয়ে যদি আছুতীয়াকৈ স্থাপন কৰা হাস্পতাললৈ নগৈ ভ্রমণৰ তথ্য লুকুৱায়, তেতিয়াহ’লে তেনে ব্যক্তিক আইন মতে ৬ মাহৰ কাৰাবাস দিয়া হ’ব ৷ এই তথ্য লুকুওৱা ব্যক্তিক পৰোৱানা জাৰি নকৰাকৈ গ্রেপ্তাৰ কৰা হ’ব ৷ আৰক্ষী উপ–মহাপৰিদর্শক অজিত ৰহানাই সাংবাদিকৰ আগত প্রকাশ কৰা মতে, ক’ভিড–১৯ সন্দর্ভত ছ’চিয়েল মিডিয়াযোগে অপপ্রচাৰ চলোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব ৷ ইতিমধ্যে দেশখনৰ প্রতিখন আৰক্ষী থানাত সাতগৰাকী বিশেষ আৰক্ষী বিষয়াক নিযুক্তি দিয়া হৈছে ৷

You might also like