২৬ মার্চত RR-KKRৰ গুৱাহাটীৰ মেচলৈ শ্বাহৰুখ খান
নিউজ ডেস্ক, ১২ মাৰ্চঃ ২৬ মার্চত গুৱাহাটীত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডার্ছৰ মাজৰ আইপিএলৰ মেচখনলৈ যিসকল ভিভিআইপিক আমন্ত্রণ জনোৱা হৈছে তাৰ ভিতৰত অন্যতম হ’ল বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান৷ ৰাজস্থান ৰয়েলছ দলৰ পৰা এই আমন্ত্রণ কৰা হৈছে৷ ইফালে, আৰআৰৰ আমন্ত্রণ ৰক্ষা কৰি বাদশ্বাহ শ্বাহৰুখ খানে গুৱাহাটীলৈ অহাৰ ইচ্ছা প্রকাশ কৰিছে৷ উল্লেখ্য যে শ্বাহৰুখ কেকেআৰ দলৰ অন্যতম স্বত্বাধিকাৰী৷ অসমক দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে আসন্ন আইপিএলৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ আইপিএলৰ প্রথম বর্ষৰ চেম্পিয়ন ৰয়েলছে ২৬ মার্চত গুৱাহাটীত প্রথমখন ঘৰুৱা মেচত কেকেআৰৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মার্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এচিএ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীত প্রথম ঘৰুৱা মেচ খেলাৰ বাবে আৰেআৰে কেইবাগৰাকী বিশেষ অতিথিক আমন্ত্রণ জনাহছে৷ ইফালে, আজিৰ পৰা ৰাজস্থান ৰয়েলছৰ জয়পুৰত ফাইনেল অনুশীলন শিবিৰ আৰম্ভ হ’ব৷ এই শিবিৰত দলটোৰ সকলো ক্রিকেটাৰে অংশ ল’ব৷ ইয়াৰ পূর্বে গুৱাহাটীত হোৱা শিবিৰত দলৰ একাংশ ক্রিকেটাৰেহে ভাগ লৈছিল৷ ইফালে, আৰআৰ দলৰ বিদেশী ক্রিকেটাৰ ৱেষ্ট হণ্ডিজৰ ছিমৰন হেটমায়েৰ আহি জয়পুৰত উপস্থিত হৈছে৷ ভাৰতীয় ক্রিকেটাৰসকলো উপস্থিত হোৱাৰ বিপৰীতে বিদেশী খেলুৱৈসকল আজি আহিব৷ উল্লেখ্য যে এইবাৰ অভিলেখসংখ্যক দর্শকে গুৱাহাটীৰ উভয় আইপিএল মেচ উপভোগ কৰিব৷ কাৰণ, দুয়োখন মেচৰে অনলাইন টিকট দ্রুতগতিত দর্শকে ক্রয় কৰিছে৷ ৩০ মার্চত হ’ব লগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আইপিএল মেচৰ টিকট এতিয়া সাত হেজাৰতকৈয়ো কম বিক্রী হ’বলৈ বাকী আছে৷ আনহাতে, ২৬ মার্চত গুৱাহাটীত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাহট ৰাহডার্ছৰ মাজৰ আইপিএল প্রথম মেচখনৰ টিকটো ইতিমধ্যে ৬০ শতাংশ বিক্রী হৈছে৷