নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়া কৰাব নিদিয়া বাবেই পুত্রক হত্যা বৃদ্ধৰ

নিউজ ডেস্ক, ১২ মাৰ্চঃ ৮০ বছৰ বয়সত বিয়াৰ ইচ্ছা জাগিছিল৷ সেই কথা পৰিয়ালৰ সদস্যসকলে জনাৰ পাছতে বৃদ্ধক ককর্থনা কৰিবলৈ ধৰে সকলোৱে৷ ক্ষুব্ধ হৈ পৰে বৃদ্ধগৰাকী৷ ইফালে, পুত্রয়ো তীব্র আপত্তি দর্শায়৷ ইয়াৰ পৰিণতি হৈ পৰে ভয়ংকৰ৷ বিয়াক লৈ বিবাদৰ মাজতে পুত্রক গুলী কৰি হত্যা কৰে বৃদ্ধই৷ পুত্রক হত্যা কৰাৰ পাছতে অভিযুক্তৰ কোনো অনুশোচনা নাই বুলি মন্তব্য কৰিছে আৰক্ষীয়ে৷ এই ঘটনা গুজৰাটৰ ৰাজকোটৰ জছডান অঞ্চলৰ৷ অভিযুক্তৰ নাম ৰামভাই ব’ৰিছা৷ প্রথমতে সম্পত্তিৰ বিবাদৰ বাবে বৃদ্ধই পুত্রক হত্যা কৰা বুলি স্থানীয় বাসিন্দাসকলে ধাৰণা কৰিছিল৷ লক্ষণীয় বিষয়টো হৈছে বৃদ্ধই বিয়া কৰোৱাৰ চেষ্টা চলোৱা বিষয়টোক লৈ পুত্র প্রভাত ব’ৰিছাৰ সৈতে কিছুদিনৰ পৰা কাজিয়া চলি আছিল৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি কালি পুৱা বৃদ্ধই পুত্রক গুলীয়াই হত্যা কৰে৷

You might also like