নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যা শিশুক হ*ত্যা কৰি তে*জ মন্দিৰৰ ছিৰিত সানিলে তান্ত্রিকে

নিউজ ডেস্ক, ১৩ মাৰ্চঃ নিজৰ বাসগৃহৰ সন্মুখত খেলি আছিল এটি পাঁচ বছৰীয়া শিশু কন্যা৷ কিন্তু এই কন্যা শিশুটি যে কু–সংস্কাৰৰ বলি হ’ব লাগিব সেয়া সপোনতো কোনেও ভবা নাছিল৷ তন্ত্র সিদ্ধিৰ বাবে ঘৰৰ সন্মুখত খেলি থকা শিশুটিক ডিঙি কাটি হত্যা কৰে এজন উন্মত্ত ব্যক্তিয়ে৷ অকল সেয়াই নহয়, শিশুটিৰ তেজ নিজৰ ঘৰত নির্মিত ছিৰিত সানি দিয়ে৷ এই ভয়ংকৰ ঘটনা ঘটিছে গুজৰাটৰ পানাজ গাঁৱত৷ জানিব পৰা গৈছে অভিযুক্তৰ নাম লালু তৰভি৷ অঞ্চলটোত তন্ত্র সাধনাৰ বাবে পৰিচিত লালু৷ অভিযোগ অনুসৰি সোমবাৰে কন্যা শিশুটি ঘৰৰ সন্মুখৰ পৰা উঠাই লৈ যায় লালুৱে৷ সকলোৱে লালুক ভুবা বুলি মাতে৷ কুঠাৰেৰে কন্যা শিশুটিৰ ডিঙি কাটি হত্যা কৰে ভুবাই৷ ইয়াৰ পাছত মন্দিৰৰ ছিৰিত শিশুটিৰ তেজ সানি দিয়ে ভুবাই৷ কিন্তু ইয়াতেই শেষ নহয়৷ স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি এই ঘটনাৰ কিছুসময় পাছতে ভুবাই অন্য এটি কন্যা শিশুক অপহৰণ কৰি আনে৷ দ্বিতীয় শিশুটিক হত্যা কৰাৰ পূর্বে অৱশ্যে গাঁওবাসীয়ে ভুবাক বন্দী কৰে৷ খবৰ দিয়া হয় স্থানীয় থানাত৷ ইয়াৰ পাছত আৰক্ষীয়ে ৫ বছৰীয়া শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ভুবাক৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি শিশুটিৰ কান্ধ আৰু ডিঙিত গভীৰ আঘাতৰ চিন আছে৷ ইতিমধ্যে শিশুটিৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে৷ এই শিহৰণকাৰী ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ প্রাথমিক ধাৰণা অনুসৰি অভিযুক্ত ভুবাৰ মানসিক সমস্যা আছে৷ কিন্তু প্রশাসনে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলি আশ্বাস দিছে৷ কু–সংস্কাৰৰ অভিশাপ যে এতিয়াও দেশৰ বিভিন্ন অঞ্চলৰ প্রত্যন্ত গাঁৱত আছে সেই কথা আকৌ এবাৰ প্রমাণিত হ’ল৷ এই ঘটনাৰ পাছতে স্থানীয় বাসিন্দাসকলে সন্দেহ কৰিছে যে পূর্বেও ভুবাই এনেদৰে তন্ত্র সিদ্ধিৰ নামত শিশু অপহৰণ কৰি হত্যা কৰিছিল চাগে৷ কিন্তু পূর্বে স্থানীয় লোকে অভিযুক্তক এনে শিহৰণকাৰী ঘটনাত জড়িত থকা বুলি সন্দেহ কৰা নাছিল৷ কাৰণ, স্থানীয় লোকসকলৰ সৈতে ভুবাৰ সম্পর্ক মধুৰ আছিল৷

You might also like