নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্ৰেই এক দেশ, এক নির্বাচনক লৈ ৱেবছাইট

নিউজ ডেস্ক, ১৩ মাৰ্চঃ এক দেশ, এক নির্বাচনক লৈ সংসদীয় যৌথ কমিটীয়ে অতি শীঘ্রে মুকলি কৰিব ৱেবছাইট৷ দেশৰ নাগৰিকসকলৰ এই বিষয়টো সন্দর্ভত মতামত সংগ্রহৰ লক্ষ্যৰে ৱেবছাইট মুকলি কৰা হ’ব৷ কমিটীৰ বৈঠকত সংসদীয় যৌথ কমিটীৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ, দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সংবিধানতে একেলগে নির্বাচন অনুষ্ঠিত কৰাৰ কথা কোৱা হৈছে বুলি উল্লেখ কৰে৷ আনফালে কোনো চৰকাৰ অনাস্থা প্রস্তাৱত সংখ্যালঘু হৈ গ’লেও তেওঁলোকৰ জৰিয়তে চৰকাৰ চলোৱা উচিত বুলিও যুক্তি দর্শায় গগৈয়ে৷ লক্ষণীয়ভাৱে ৰঞ্জন গগৈৰ মতামতৰ বিৰুদ্ধে তৃণমূল কংগ্রেছৰ লোকসভাৰ সাংসদ কল্যাণ বেনার্জীয়ে মন্তব্য আগবঢ়ায়৷ বেনার্জীৰ মতে, এক দেশ, এক নির্বাচন ব্যৱস্থাই দেশৰ যুক্তৰাষ্ট্রীয় গাঁথনিলৈ সংকট কঢ়িয়াই আনিব৷ স্মর্তব্য যে এক দেশ, এক নির্বাচনক লৈ ইতিমধ্যে বিধেয়ক সংসদত দাখিল কৰা হৈছে৷ কিন্তু বিষয়টোক লৈ বিস্তৃত আলোচনাৰ বাবে এই বিধেয়ক সংসদীয় যৌথ কমিটীলৈ প্রেৰণ কৰা হৈছে৷ কমিটীয়ে ইতিমধ্যে এই বিষয়টোক লৈ আলোচনা আৰম্ভ কৰিছে৷ স্মর্তব্য যে প্রাক্তন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ নেতৃত্বত গঠিত কমিটীয়ে এক দেশ, এক নির্বাচনৰ পক্ষত এক প্রতিবেদন দাখিল কৰিছে৷ সেই প্রতিবেদনৰ ওপৰত ভিত্তি কৰি মোদী চৰকাৰে দেশত একে সময়তে নির্বাচন অনুষ্ঠিত কৰিলে ধনৰ অপচয় হ্রাস পাব বুলি যুক্তি দর্শাইছে৷ কিন্তু বিৰোধী দলসমূহে ইয়াৰ প্রতিবাদ কৰি আহিছে৷ এই বিষয়টোক লৈ সকলো ৰাজনৈতিক দলৰ মতামত গ্রহণৰ প্রয়োজন আছে বুলি সংসদীয় যৌথ কমিটীত কেইবাগৰাকীও সদস্যই দাবী জনাইছে৷ ইয়াৰ পিছতে যৌথ সংসদীয় কমিটীয়ে দেশৰ জনসাধাৰণৰ মতামত গ্রহণৰ বাবে ৱেবছাইট মুকলি কৰাৰ সিদ্ধান্ত লোৱাটো তাৎপর্যপূর্ণ ঘটনা হিচাপে চিহ্ণিত হৈছে৷

You might also like