অপহৃত ৰে’লৰ ৫০ পণবন্দীক হত্যা বিদ্রোহীৰ
নিউজ ডেস্ক, ১৩ মাৰ্চঃ পাকিস্তানত বেলুচিস্তান লিবাৰেল আর্মীৰ ৰে’ল অপহৰণৰ ৰুদ্ধশ্বাস নাটক অব্যাহত আছে৷ বেলুচ বিদ্রোহীয়ে পাহাৰীয়া অঞ্চল ব’ল’নত চাৰি শতাধিক যাত্রীক পণবন্দী কৰি জাফৰ এক্সপ্রেছ অপহৰণ কৰাৰ পিছত বেলুচ বিদ্রোহীৰ পৰা পণবন্দীক মুকলি কৰিবলৈ পাকিস্তানী সেনাই অভিযান চলাই আছে৷ চলাই থকা অভিযানত নিৰাপত্তা বাহিনীৰ গুলীত ২৭ বেলুচ বিদ্রোহী নিহত হৈছে৷ ইপিনে বেলুচ বিদ্রোহীৰ আক্রমণত ৩০ পাক সেনাৰ প্রাণহানি হৈছে৷ তথ্য মতে, ৰে’লখনত পণবন্দী হৈ থকা ১৫৫জনক মুকলি কৰিবলৈ সক্ষম হৈছে৷ ইফালে ৫০জন পণবন্দীক হত্যা কৰিছে বেলুচ বিদ্রোহীয়ে৷ আন এক তথ্য মতে, বেলুচ বিদ্রোহীয়ে ৰে’লখনৰ পৰা পণবন্দী কৰি ৰখা মহিলা আৰু শিশুক মুকলি কৰি দিছে৷ বিশ্বজুৰি ব্যাপক চর্চিত বেলুচ বিদ্রোহীৰ ৰে’ল অপহৰণক লৈ অস্বস্তিত পৰিছে পাকিস্তান৷ বেলুচিস্তানৰ স্বাধীনতাৰ লক্ষ্যৰে যুঁজি থকা বেলুচিস্তান লিবাৰেল আর্মীয়ে পণবন্দীৰ বিনিময়ত বন্দী হৈ থকা বেলুচ ৰাজনীতিকক মুকলি কৰি দিয়াৰ ৪৮ ঘণ্টা সময় বান্ধি দিছে৷ পাকিস্তান চৰকাৰে বেলুচ বিদ্রোহীৰ সকীয়নিক আওকাণ কৰি আকাশমার্গেৰে অভিযান চলাই আছে যদিও বিশেষ সফলতা লাভ কৰা নাই৷ তিনিবাৰকৈ পাক সেনাই আকাশমার্গেৰে অভিযান চলাই পণবন্দীক মুকলি কৰিবলৈ বেলুচ বিদ্রোহীৰ ওপৰত আক্রমণ চলাইছে যদিও ই সফল হোৱা নাই৷ তথ্য মতে, ৰে’লত পণবন্দী হৈ থকা যাত্রী আৰু সেনাৰ মাজত বেলুচ আত্মঘাতী বোমাৰু আছে৷ বেলুচ বিদ্রোহীয়ে পাক সেনাই অভিযান চলালে পণবন্দীক হত্যা কৰাৰ ভাবুকি দিছে৷ উল্লেখ্য যে পাহাৰীয়া অঞ্চল আৰু কেইবাটাও সুৰংগ থকাৰ বাবেই বেলুচ বিদ্রোহীয়ে জাফৰ এক্সপ্রেছ অপহৰণৰ সুবিধা পাইছে৷ বেলুচিস্তান প্রদেশৰ কুৱেটাৰ পৰা খাইবাৰ পাখতুনখৱাৰ পেছাবৰলৈ গৈ থকা জাফৰ এক্সপ্রেছৰ কালি বেলুচ বিদ্রোহীয়ে ৰে’লপথ উৰুওৱাৰ লগতে চালকক গুলীয়াই হত্যা কৰি নিজৰ নিয়ন্ত্রণলৈ আনে৷ ৯টা দবা থকা ৰে’লখনত চাৰি শতাধিক যাত্রী আছিল৷ এই আটাইবোৰ যাত্রীক বেলুচ বিদ্রোহীয়ে পণবন্দী কৰি ৰাখে৷ বেলুচ বিদ্রোহীৰ আক্রমণত ৰে’লখনত নিৰাপত্তাৰ দায়িত্বত থকা ১০ পাক সেনাক গুলীয়াই হত্যা কৰা হৈছিল৷ একাংশ সংবাদ মাধ্যমৰ মতে, বেলুচ বিদ্রোহীয়ে পণবন্দী কৰি ৰখা যাত্রীৰ ভিতৰত শতাধিক পাক সেনাও আছে৷ আনহাতে আজি বেলুচ বিদ্রোহীয়ে জাফৰ এক্সপ্রেছ কিদৰে নিজৰ নিয়ন্ত্রণলৈ আনি যাত্রীসকলক পণবন্দী কৰি ৰাখিছে তাৰ এক ভিডি’ ফুটেজ প্রচাৰ কৰিছে৷ ড্রোনৰ দ্বাৰা সংগ্রহ কৰা এই ভিডি’ ফুটেজত ৰে’লপথ উৰুৱাই বেলুচ বিদ্রোহীয়ে ৰে’লখন অপহৰণ কৰাৰ দৃশ্য স্পষ্ট হৈ আছে৷ তদুপৰি ৰে’লখনৰ আশে–পাশে অনেক সশস্ত্র বেলুচ বিদ্রোহী প্রত্যক্ষ কৰা হৈছে৷ বিশ্বৰ সন্ত্রাসবাদৰ ইতিহাসত পাকিস্তানত ৰে’ল অপহৰণ কৰি বেলুচ বিদ্রোহীয়ে নিজৰ শক্তি প্রমাণিত কৰিছে বুলিও চর্চিত হৈছে৷