নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিলায়েঞ্চ জিঅ’ৰে ষ্টাৰলিংকৰ চুক্তি, এয়াৰটেলক প্ৰত্যাহ্বান

নিউজ ডেস্ক, ১৩ মাৰ্চঃ এয়াৰটেলৰ সৈতে ইতিমধ্যে মার্কিন ধনকুবেৰ ইলন মাস্কৰ সংস্থা স্পেচএক্সৰ ষ্টাৰলিংকৰ চুক্তি হৈছে৷ অর্থাৎ ষ্টাৰলিংক সেৱা লাভৰ ক্ষেত্রত এয়াৰটেলে সহযোগিতা আগবঢ়াব৷ একেই পথ এইবাৰ অনুসৰণ কৰিলে ৰিলায়েঞ্চৰ জিঅ’য়ে৷ ভাৰতত ষ্টাৰলিংক ইণ্টাৰনেট সেৱা অনাৰ বাবে মাস্কৰ সংস্থাৰ সৈতে জিঅ’ৰ ইতিমধ্যে এক চুক্তি স্বাক্ষৰ হৈছে৷ এইবাৰ মাত্র চৰকাৰী অনুমোদন পালেই ভাৰতৰ মানুহে ষ্টাৰলিংকৰ দ্রুতগতিত ইণ্টাৰনেট সেৱা লাভ কৰিব৷ উল্লেখনীয় যে প্রতিদ্বন্দ্বী সংস্থা ভাৰতী এয়াৰটেলৰ ঘোষণাৰ এদিন পিছতে ইলন মাস্কৰ সংস্থাৰ সৈতে চুক্তি স্বাক্ষৰ হোৱাৰ কথা জনোৱা হ’ল জিঅ’ৰ তৰফৰ পৰা৷ মুকেশ আম্বানিৰ এই সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি অকল ইণ্টাৰনেট সেৱা প্রদান কৰাই নহয়, ষ্টাৰলিংক ব্যৱহাৰকাৰীসকলক্ অন্যান্য সুবিধাও প্রদান কৰা হ’ব৷ ইতিমধ্যে স্পেচএক্সৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ ওচৰত নিৰাপত্তা বিষয়ত অনুমতি–পত্রৰ বাবে আবেদন জনোৱা হৈছে৷ এই আবেদন কেন্দ্রীয় গৃহ মন্ত্রণালয়ে পর্যালোচনা কৰিব৷ উল্লেখনীয় যে ব্যৱহাৰকাৰীৰ সংখ্যাৰ নিৰিখত বিশ্বৰ বৃহত্তম ম’বাইল অপাৰেটৰ জিঅ’৷ আনফালে কৃত্রিম উপগ্রহৰ মাধ্যমত ইণ্টাৰনেট সেৱা প্রদানকাৰী সংস্থাসমূহৰ শীর্ষত আছে এলন মাস্কৰ ষ্টাৰলিংক৷

You might also like