নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাভা-হাছং পৰিষদীয় নিৰ্বাচনক লৈ উছৱমুখৰ নগৰবেৰা

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ হোলীৰ আনন্দৰ মাজতেই নগৰবেৰাত নিৰ্বাচনী উলাহ। ৰাভা হাছং স্বায়ত্ত্ব পৰিষদৰ ২৭নং বকো পৰিষদীয় সমষ্টি আৰু ২৪নং লুকী সাধাৰণ পৰিষদ সমষ্টি (মহিলা)ৰ সদস্য পদৰ বাবে মনোনয়ন দাখিল কৰিবলৈ প্ৰাৰ্থী-সমৰ্থকসকলৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। ক্ৰমে নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ড কাৰ্যালয় আৰু নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ত বিভিন্ন দলৰ সমৰ্থিত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ সমূহ দাখিল কৰে। সেইমৰ্মে ২৭নং বকো পৰিষদীয় সমষ্টিৰ বাবে মিত্ৰজোঁটৰ যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী সুমিত ৰাভাই শতাধিক কৰ্মী-সমৰ্থকক লগত লৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে খণ্ড উন্নয়ন বিষয়া পল্লৱী দাসৰ হাতত। হৰ্ষোল্লাস আৰু প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিভিন্ন জয়ধ্বনিৰ শ্ল’গানেৰে উচৱমুখৰ পৰিবেশৰ সৃষ্টি হয় আজিৰ এই মনোনয়ন দাখিল কাৰ্যসূচীত। আগলৈ ৰাইজৰ সমস্যা সমাধানৰ সংকল্প আৰু প্ৰতিশ্ৰুতিৰে ৰাইজলৈ ভোটদানৰ আহ্বান প্ৰাৰ্থীগৰাকীৰ। একেদৰে পৰৱৰ্তী সময়ত ২৭নং লুকী পৰিষদীয় সমষ্টিৰ (মহিলা সংৰক্ষিত) বাবে নগৰবেৰা ৰাজহ চক্ৰত ক্ৰমে যৌথ সংগ্ৰাম সমিতিৰ তিলোত্তমা ৰাভা ,ভাৰতীয় জাতীয় কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী ৰম্ভাৱতী ৰাভা আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে চাংমাং ই চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ হাতত নিজৰ নিজৰ মনোনয়ন পত্ৰ সমূহ দাখিল কৰে। আজিৰ এই মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীক কেন্দ্ৰ কৰি হোলীৰ আনন্দৰ মাজতেই উপৰিঞ্চি উলাহ-ব্যস্ততা পৰিলক্ষিত হয় নগৰবেৰাত।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like