ট্রাম্পক হত্যাৰ পৰিকল্পনা ! ভাইৰেল ভিডিঅ’ ফুটেজ
🔹 মার্কিন ৰাষ্ট্রপতি ড’নাল্ডৰ মুখত মহিলা সাংবাদিকৰ বুম
নিউজ ডেস্ক, ১৬ মার্চ : বাতৰিৰ শিৰোনাম দখল কৰি থাকে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ মহিলা সাংবাদিক এগৰাকীয়ে ৰাষ্ট্রপতি ট্রাম্পৰ মুখত বুম সোমাই দিয়া ভিডিঅ’ ফুটেজ এটা সম্প্রতি ভাইৰেল হৈ পৰিছে৷ মহিলা সাংবাদিকগৰাকীৰ আচৰণত অগ্ণিশর্মা হৈ পৰা দেখা গৈছে ৰাষ্ট্রপতি ট্রাম্পক৷ অতি বিৰক্তিকৰভাৱে মহিলা সাংবাদিকগৰাকীৰ পিনে দৃষ্টি দি ট্রাম্পে কৈছে– ‘আজি ৰাতি টিভিত খবৰ হৈয়েই থাকিব৷ বিগ ষ্ট’ৰী হিচাপে টিভিত চলি থাকিব৷’ উল্লেখ্য যে ৱাশ্বিংটন ডিচিৰ কার্যালয়ৰ বাহিৰত সাংবাদিকে গাজা সন্দর্ভত প্রশ্ণ সুধিবলৈ যাওঁতে মহিলা সাংবাদিক এগৰাকীয়ে বুমটো ৰাষ্ট্রপতি ট্রাম্পৰ মুখত লগাই দিছিল৷ এই লৈ ট্রাম্পে বিৰক্তি প্রকাশ কৰিছে৷ সামাজিক মাধ্যমত ভিডিঅ’টো প্রচাৰ হোৱাৰ পিছত একাংশ লোকে ৰাষ্ট্রপতিগৰাকীক হত্যাৰ পৰিকল্পনা হ’ব পাৰে বুলিও দাবী কৰিছে৷ তেওঁলোকৰ মতে, যদি বুম লগাৰ কিছু সময় পিছত ৰাষ্ট্রপতিৰ মৃত্যু ঘটে, তেতিয়া হ’লে সাংবাদিকগৰাকীকেই জগৰীয়া কৰা হ’ব৷ কিয়নো মাইক্র’ফোনত আনথ্রাক্স কিম্বা ফেণ্টানিলৰ দৰে বিষাক্ত পদার্থও থাকিব পাৰে৷ এই পৰিকল্পনাৰ কথাটো ছ’চিয়েল মিডিয়াত ব্যংগভাৱে চর্চিত হৈছে৷