নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদলৈ ট্রফী

বিশ্বৰ সকলোতকৈ জনপ্রিয় খেলবিধেই হৈছে ফুটবল৷ ছাছপেন্স, ৰোমাঞ্চ, থ্রীল, গ্লেমাৰ আৰু প্রচণ্ড গতিময়তাই ফুটবলক বিশ্বৰ সবাতোকৈ জনপ্রিয় ক্রীড়াত পৰিণত কৰিছে৷ কলা আৰু শাৰীৰিক শক্তিৰ অপূর্ব সমাহাৰ ফুটবল৷ নিজৰ জীৱিত কালত প্রায় সকলোৱে এবাৰলৈ হ’লেও এখন ফুটবল মেচ চাইছে, অথবা এবাৰলৈ হ’লেও ফুটবল এটা গুৰিয়াইছে৷ বিশ্বৰ ১৯৫খন দেশেই ফুটবল খেলে৷ সেয়া লাগিলে চাহাৰা মৰুভূমিৰ উত্তপ্ত বালিচৰে আগুৰি ৰখা আলজেৰিয়া, নিগাৰ, চুডান হওক, অথবা বছৰৰ অধিকাংশ সময় বৰফে ঢাকি ৰখা নৰৱে’, কানাডা, প’লেণ্ড, ছুইজাৰলেণ্ডেই হওক৷ আনকি যুদ্ধই ধূলিস্যাৎ কৰা পেলেষ্টাইন, ইৰাক আৰু চৰম দৰিদ্রতাই পিষ্ট কৰা বুৰুণ্ডি, কংগো আদি দেশতো ফুটবল সমানে জনপ্রিয়৷ এই দেশবোৰৰো কিশোৰ, যুৱক আনকি আদবয়সীয়াই ফুটবল গুৰিয়াবলৈ পালে পাহৰি যায় দৈনন্দিন জীৱনৰ নিষ্ঠুৰ বাস্তৱ৷ ফিফাৰ তথ্য মতে, ২০২২ চনত কাটাৰত অনুষ্ঠিত বিশ্বকাপ ফুটবল টিভি স্ক্রীনত প্রত্যক্ষ কৰিছিল প্রায় ৫ বিলিয়ন লোকে৷ আনহাতে, কেৱল ফাইনেল মেচখন চাইছিল ১.৫ বিলিয়ন দর্শকে৷ অভূতপূর্ব এই পৰিসংখ্যাই প্রমাণ কৰে বিশ্বজুৰি ফুটবলৰ কদৰ৷ ফুটবলৰ এই অদ্ভুত জনপ্রিয়তাই খেলবিধৰ সমান্তৰালকৈ ইয়াৰে সংপৃক্ত অর্থনৈতিক বজাৰলৈও আনি দিছে প্রচুৰ সম্ভাৱনা৷ বিশ্বৰ সকলোতকৈ দামী ক্রীড়া উদ্যোগটোৱে হ’ল ফুটবলৰ বজাৰখন৷ ২০২৫ চনত ফুটবলৰ সামূহিক গ্ল’বেল মার্কেটখনৰ মূল্য হ’ল ৫৯.১০ বিলিয়ন ডলাৰ আৰু ২০২৯ চনত ই ৬৬.৭০ বিলিয়ন ডলাৰলৈ সম্প্রসাৰণ হ’ব৷ এই বজাৰখনৰ পৰিসৰ বুজিবলৈ এটা উদাহৰণ ল’ব পাৰি– বিশ্বৰ সকলোতকৈ দামী ফুটবল ক্লাবটো হ’ল স্পেইনৰ বিশ্বখ্যাত ৰিয়েল মাদ্রিদ৷ মুঠ ৮৮৩ মিলিয়ন ডলাৰৰ ব্যৱসায় কৰা এই ক্লাবটোৱে এটা বছৰত বিশ্বব্যাপী ৩.০৫ নিযুত ক্লাবৰ জার্ছী বিক্রী কৰিছে৷ এইবোৰ কথাই সাধাৰণভাৱে প্রমাণ কৰে ফুটবল বিশ্বৰ অধিকাংশ দেশৰ বাবে, সেয়া লাগিলে ইউৰোপৰ উন্নত ৰাষ্ট্রই হওক, নতুবা আফ্রিকাৰ দৰিদ্রপীড়িত দেশেই হওক, এক আৱেগৰ নাম৷ ফুটবল মাথোঁ এটা খেল নহয়, এক আৱেগ৷ বিশ্বৰ কোটি কোটি ফুটবলপ্রেমীৰ দৰে অসমীয়াৰো এসময়ত এক আৱেগ আছিল ফুটবল৷ আৰু সেই আৱেগৰ নাম আছিল বৰদলৈ ট্রফী৷ কার্যতঃ বৰদলৈ ট্রফীয়ে অসমৰ ফুটবলৰ চিনাকি আছিল৷ সত্তৰ, আশী আৰু নব্বৈ দশকৰ আৰম্ভণিলৈ অসম–অসমীয়াৰ হিয়াৰ আমঠু আছিল বৰদলৈ ট্রফী৷ বৰদলৈ ট্রফীৰ অভূতপূর্ব জনপ্রিয়তা কেৱল অসমৰ মাজতে সীমিত নাছিল, এই ট্রফীৰ সুনাম আৰু পৰিচিতি দেশ–দেশান্তৰলৈ বিয়পি পৰিছিল৷ বৰদলৈ ট্রফীয়ে কেৱল অসমৰ দর্শকৰ মনোৰঞ্জনৰ চাহিদাই পূৰণ কৰা নাছিল, ই বহু নিপুণ কিংবদন্তি ফুটবলাৰৰো জন্ম দিছিল৷ যিসকল ফুটবলাৰে দেশক প্রতিনিধিত্ব কৰি ভাৰতীয় ফুটবললৈ সুনাম কঢ়িয়াই আনিছিল৷ বৰদলৈ ট্রফীয়ে অসমৰ তৰুণ প্রজন্মক দক্ষ ফুটবলাৰ ৰূপে গঢ় দিয়াৰ বাবে যুগে যুগে অনুপ্রাণিত কৰিছিল আৰু সেই আৱেগত মত্ত হৈ বহু তৰুণে ফুটবলাৰ হিচাপে কেৰিয়াৰ গঢ়ি তুলিছিল৷ কিন্তু এতিয়া আৰু বৰদলৈ ট্রফীৰ সেই সুদিন দূৰ অতীতৰ এক মধুৰ স্মৃতিহে৷ জনপ্রিয়তা–গ্লেমাৰ সকলো হেৰুওৱা আজিৰ বৰদলৈ ট্রফী এক কংকালসাৰ৷ বাহিৰৰ কৃত্রিম অক্সিজেনেৰে কোনোমতে উশাহ লৈ থকা এটা প্রাণ৷
নব্বৈ দশকৰ মাজভাগৰ পৰা দেশৰ ক্রিকেটৰ উত্থান আৰু উন্মাদনাই গ্রাস কৰাৰ লগে লগে আন পৰম্পৰাগত খেলসমূহ ম্লান হ’বলৈ ধৰে৷ আৰু ইয়াৰ সকলোতকৈ বেছি প্রভাৱ পৰে ফুটবলত৷ ক্রমশঃ খালী হ’বলৈ ধৰে ষ্টেডিয়ামসমূহ৷ পুৱা–আবেলি এজাক কিশোৰ–তৰুণে ফুটবল গুৰিয়াই থকা পথাৰসমূহকো ফুটবলৰ সলনি ক্রিকেট বেটে আৰু বলে অধিকাৰ কৰিবলৈ ধৰে৷ স্বাভাৱিকভাৱেই দেশৰ বাকী অংশৰ এই প্রভাৱ পৰে অসমতো৷ ফুটবলক আঁতৰাই ৰাজ্যখনৰ সকলোতকৈ জনপ্রিয় খেল হৈ উঠে ক্রিকেট৷ যি বৰদলৈ ট্রফীৰ মেচৰ এটা টিকট পাবলৈ দর্শকে হাবাথুৰি খাবলগীয়া হৈছিল, সেই বৰদলৈ ট্রফীৰ ফাইনেল মেচ চাবলৈও ষ্টেডিয়ামৰ গেলাৰীত ৫০০ মানুহ গোট নোখোৱা হ’ল৷ পৰিস্থিতি এনে পর্যায় পালেগৈ যে নতুন দর্শক বিচাৰি বৰদলৈ ট্রফীৰ কিছু মেচ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ সলনি অসমৰ বিভিন্ন প্রান্তলৈ নিয়া হ’ল৷ আৰু এনেকৈয়ে এচামৰ অহোপুৰুষার্থ চেষ্টাত ‘জীয়াই’ আছে বৰদলৈ ট্রফী৷ বিশ্বৰ অন্য প্রান্তত ফুটবলৰ ঈর্ষণীয় জনপ্রিয়তা আৰু গ্লেমাৰাছ ৰূপৰ বিপৰীতে অসমত বৰদলৈ ট্রফীৰ এই মৃত্যু নির্বাস প্রতিগৰাকী ফুটবলপ্রেমীৰ বাবে অত্যন্ত দুখজনক৷ অত্যন্ত বেদনাদায়ক৷ কিন্তু এই হতাশাজনক ছবিৰ মাজতো শেহতীয়াকৈ এক আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে৷ পূর্বৰ গ্লেমাৰ–জনপ্রিয়তা আৰু হূত গৌৰৱ ওভতাই অনাৰ বাবে এইবাৰ নতুন চিন্তা–চর্চাৰে বৰদলৈ ট্রফীৰ আয়োজন কৰিছিল গুৱাহাটী ক্রীড়া সন্থাই৷ জিলা আৰু ক্লাষ্টাৰ পর্যায়ত প্রাথমিক ৰাউণ্ডৰ খেলসমূহ আয়োজন কৰাৰ পাছত ছটা ক্লাষ্টাৰৰ পৰা চেম্পিয়ন আৰু ৰানার্ছ আপ দলে মূল ৰাউণ্ডত খেলাৰ সুযোগ পাইছিল৷ মুঠ ২৮৫টা ক্লাবে অংশগ্রহণ কৰা এইবাৰৰ প্রতিযোগিতাত অভিলেখসংখ্যক ৬১০খন মেচ অনুষ্ঠিত হয়৷ পৰিসংখ্যা মতেই দেশৰ কোনো ফুটবল প্রতিযোগিতাত এইবাৰেই প্রথম ৬০০তকৈ অধিক মেচ অনুষ্ঠিত হৈছে৷ বৰদলৈ ট্রফীক পূর্বৰ গৰিমালৈ ওভতাই অনাৰ বাবে দেৱজিৎ শইকীয়াৰ চিত্তাকর্ষক পৰিকল্পনা আৰু ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ সহযোগিতাই এইবাৰ নিঃসন্দেহে ফল লাভ কৰিছে আৰু ইয়াৰ প্রমাণ পোৱা গৈছে ৰাজ্যৰ ফুটবলপ্রেমীৰ মাজত বৰদলৈ ট্রফীক লৈ হোৱা চর্চা আৰু সঁহাৰিত৷ মুখ্যমন্ত্রীয়ে নিজে ফাইনেল মেচখন উপভোগ কৰাৰ উপৰি মেচ চোৱাৰ বাবে দর্শকক ষ্টেডিয়ামলৈ অহাৰ বাবে জনোৱা আহ্বান এক শুভ বার্তা ৰূপেই পৰিগণিত হৈছে৷ এইবাৰৰ এই প্রাথমিক পদক্ষেপত লাভ কৰা ইতিবাচক সঁহাৰিক মূলধন হিচাপে লৈ এক চাৰি বছৰীয়া পৰিকল্পনা যুগুত কৰিলে আৰু পূর্বৰ দৰে দেশ–বিদেশৰ তাৰকাখচিত ক্লাবক প্রতিযোগিতাখনলৈ আমন্ত্রণ জনালে নিশ্চিতভাৱে বৰদলৈ ট্রফীয়ে ইয়াৰ গৰিমা–সুনাম আৰু গ্লেমাৰ ওভতাই পাব৷ ইতিমধ্যে ড০ শর্মা চৰকাৰে অসম–অসমীয়াৰ আৱেগ বিজড়িত বহু অনুষ্ঠান বিশ্ববাসীৰ দৃষ্টিগোচৰ হোৱাকৈ উদ্ভাসিত কৰাৰ পদক্ষেপ লৈ সফলকাম হৈছে৷ এতিয়া ৰাজ্যৰ অগণন ক্রীড়াপ্রেমীয়েও আশা কৰিছে- চৰকাৰৰ সহযোগে বৰদলৈ ট্রফী দেশৰ ভিতৰতে এখন অন্যতম জনপ্রিয় ফুটবল প্রতিযোগিতা হোৱাৰ বাট প্রশস্ত কৰিব৷

You might also like