নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘গ্রীন কার্ড’তো আমেৰিকাত স্থায়ী বসবাস নহয়

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ‘গ্রীন কার্ড’ থাকিলেই আমেৰিকাত স্থায়ীভাৱে অনির্দিষ্টকালৰ বাবে বসবাস নহয় এইবাৰ দেশখনৰ প্রব্রজন নীতিক লৈ মুখ খুলিলে উপ–ৰাষ্ট্রপতি জে ডি ভান্সে৷ শেহতীয়াকৈ আমেৰিকাত ‘গ’ল্ড কার্ড’ প্রচলনক লৈ চিন্তা–চর্চা কৰা বুলি উল্লেখ কৰিছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ট্রাম্পৰ কথাৰ আঁত ধৰিয়েই এইবাৰ জে ডি ভান্সে কয় যে ভৱিষ্যতলৈ ‘গ্রীন কার্ড’ থকাসকলে স্থায়ীভাৱে আমেৰিকাত বসবাস কৰিব নোৱাৰিব৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত উপ–ৰাষ্ট্রপতি ভান্সে উল্লেখ কৰিছে যে এগৰাকী ‘গ্রীন কার্ড’ থকা ব্যক্তিৰ আমেৰিকাত অনির্দিষ্টকালৰ বাবে আমেৰিকাত থকাৰ অধিকাৰ নাই৷ জে ডি ভান্সৰ এই মন্তব্যৰ পিছতে আমেৰিকাত বসবাস কৰি থকা ভাৰতীয় লোকসকল উদ্বিগ্ণ হৈ পৰিছে৷ উল্লেখনীয় যে দ্বিতীয়বাৰ আমেৰিকাৰ ক্ষমতালৈ উভতিয়েই এটাৰ পিছত এটাকৈ কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে ড’নাল্ড ট্রাম্পে৷ আমেৰিকাৰ পৰা অনুপ্রৱেশকাৰীসকল ইতিমধ্যে নিজ নিজ দেশলৈ বিতাড়নৰ প্রক্রিয়া চলাই থকা হৈছে দেশখনত৷ ইয়াৰ উপৰি কঠোৰ শুল্ক নীতিৰ কথাও ঘোষণা কৰি আছে ট্রাম্প প্রশাসনে৷ অকল সেয়াই নহয়, আমেৰিকাত জন্মগত নাগৰিকত্ব আইন সলনি কৰাৰ বাবে চেষ্টা চলাই আছে ট্রাম্পে৷ ইতিমধ্যে এই বিষয়টোক লৈ আইনী যুঁজ চলাই আছে ট্রাম্পে৷ এই মাজতে ‘গ্রীন কার্ড’ক লৈ ভান্সৰ বক্তব্যই পুনৰ আশংকা কঢ়িয়াই আনিছে আমেৰিকাত বাস কৰি থকা বিভিন্ন দেশৰ নাগৰিকলৈ৷

You might also like