নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : অভিনেত্রী–ফেশ্বন ডিজাইনাৰ জ্যোতি ভূঞাৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
ফটোঃ দিব্যজ্যোতি ৰাভা

অসমৰ এগৰাকী প্রতিষ্ঠিত ফেশ্বন ডিজাইনাৰ, সু–অভিনেত্রী জ্যোতি ভূঞা৷ পিতৃৰ চাকৰিসূত্রে ধুবুৰীত জন্মগ্রহণ কৰিলেও মহানগৰীৰ অম্বিকাগিৰী নগৰত শৈশৱ আৰু যৌৱন কটোৱা এইগৰাকী ফেশ্বন ডিজাইনাৰৰ দেউতাকৰ নাম প্রয়াত হেম বৰুৱা আৰু মাকৰ নাম লখিমী বৰুৱা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰা ভূঞাই পৰৱর্তী সময়ত শৈশৱৰ এক চখ ফেশ্বন ডিজাইনিঙৰ জগতত প্রৱেশ কৰি কম বছৰৰ ভিতৰতে অপৰিসীম সফলতা লাভ কৰে৷ অম্বিকাগিৰীৰ ঐতিহ্যমণ্ডিত সেউজ সংঘত সাংস্কৃতিক জীৱন আৰম্ভ কৰা জ্যোতি ভূঞাই মঞ্চ নাটকৰ উপৰি কেইবাখনো অসমীয়া চলচ্চিত্রত সুন্দৰ অভিনয়েৰে অভিনয় জগতত দক্ষতাৰ পৰিচয় দিছে৷ এইগৰাকী ফেশ্বন ডিজাইনাৰে অসমৰ পাট, এৰী আৰু মুগাৰ হস্তনির্মিত মেখেলা–চাদৰত নতুন নতুন ডিজাইনেৰে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ অসমৰ হাতে বোৱা এৰী, মুগা, পাট কাপোৰক দেশৰ বাহিৰৰ লোকৰো আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্যত ব্রতী হোৱা এইগৰাকী ফেশ্বন ডিজাইনাৰৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰৰ সম্পাদিত ৰূপ ‘নিয়মীয়া বার্তা’ৰ পঢ়ুৱৈ সমাজলৈ আগবঢ়োৱা হ’ল৷

প্রত্যেকব্যক্তিৰ জীৱনত শৈশৱৰ পৰিৱেশে বিশেষ প্রভাৱ পেলোৱা পৰিলক্ষিত হয়৷ আপোনাৰ জীৱনত শৈশৱৰ পৰিৱেশৰ প্রভাৱ কেনে ধৰণে পৰিছিল?
মই শৈশৱ কটাইছেছা গুৱাহাটী মহানগৰীৰ সাহিত্য– সংস্কৃতিৰ অন্যতম আগশাৰীৰ ক্ষেত্র অম্বিকাগিৰী নগৰত৷ অসমৰ সাংস্কৃতিক জগতৰ বহু পুৰোধা ব্যক্তিৰ কর্ষণস্থলী এই অম্বিকাগিৰী নগৰতে মোৰ শৈশৱ আৰু যৌৱনৰ এক দীঘলীয়া সময় অতিবাহিত কৰিছেছা৷ ফলত মই সংস্কৃতিৰ বিভিন্ন ক্ষেত্রলৈ বৰঙণি আগবঢ়োৱা বহু লোকৰ সান্নিধ্য লাভ কৰিছোঁ৷ ইয়াৰ সেউজ সংঘত গীত–মাত, নাটক আদিৰ চর্চা কৰাৰ সুযোগ লাভ কৰিছোঁ৷ যাৰ ফলত আমি সৰুতে পঢ়া–শুনাৰ লগতে সংস্কৃতিৰ চর্চাৰ সুুবিধা পাইছিলোঁ৷ পৰৱর্তী জীৱনত শৈশৱৰ এই মধুৰ সময়বোৰে বিশেষভাৱে প্রভাৱিত কৰিছিল৷

শৈশৱৰ পৰাই ল’ৰা–ছোৱালীয়ে ভৱিষ্যৎ জীৱনৰ সপোন দেখিবলৈ আৰম্ভ কৰে৷ আপুনি সৰুতে এগৰাকী ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন নিশ্চয় দেখিছিল?
মই কেতিয়াও ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন দেখা নাছিলোঁ৷ বৰং মই এগৰাকী অভিনেত্রী হোৱাৰ সপোনেই দেখিছিলোঁ৷ সেই সময়ত সেউজ সংঘত সংগীতৰ ব্যাপক চর্চা চলিছিল৷ বর্তমান সময়ৰ জনপ্রিয় শিল্পী অংগৰাগ মহন্ত, তৰালী শর্মাহঁতৰ সৈতে আমি সমনীয়াবোৰে সংস্কৃতিৰ সাধনা কৰিছিলোঁ৷ অৱশ্যে মই নৃত্য, গীততকৈ অভিনয়ৰ প্রতি অধিক অনুৰাগী আছিলোঁ৷ সৰুৰে পৰা মই মঞ্চত অভিনয় কৰিছিলোঁ আৰু পৰৱর্তী সময়ত কেইবাখনো অসমীয়া ছবিত অভিনয়ো কৰিছিলোঁ৷ মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়ি থকা সময়ত মই ছাত্রী একতা সভাৰ সহকাৰী সম্পাদিকা আছিলোঁ৷ মই অসমীয়া ছবি ‘সেউজী ধৰণী ধুনীয়া’, ‘দাগ’, ‘আমি অসমীয়া’ আদিত অভিনয় কৰাৰ উপৰি ধাৰাবাহিক পাপু–নিকু সংবাদ, ‘তদন্ত’ আদি ধাৰাবাহিকৰ উপৰি বিদ্যুৎ চক্রৱর্তীৰ পৰিচালিত টেলি নাট মাউচট্রেপত অভিনয় কৰিছিলোঁ৷ গুৱাহাটী দূৰদর্শনৰ বহু কমিছন প্র’গ্রেমতো কাম কৰিছিলোঁ৷ কিন্তু ঘৰুৱা অসুবিধাৰ লগতে বিভিন্ন কাৰণত মই অভিনয় জগতৰ পৰা লাহে লাহে আঁতৰি আহিবলগীয়া হ’ল৷ মই উচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়তে দেউতা ঢুকুওৱাৰ বাবে দাদাই আমাক পঢ়ুৱাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ তদুপৰি মা আৰু দাদাহঁতে অন্য অভিভাৱকৰ দৰে পঢ়া–শুনা কৰি চাকৰি কৰাটো বিচাৰিছিল৷ অৱশ্যে মোৰ শিক্ষয়িত্রী হোৱাৰো ইচ্ছা আছিল৷ কাৰণ এই পৱিত্র বৃত্তিটোৰ প্রতি মই শ্রদ্ধাশীল আছিলোঁ৷ মই ফেশ্বন ডিজাইনাৰ নোহোৱা হ’লে হয়তো শিক্ষয়িত্রী হ’লোঁহেঁতেন৷

আপুনি এগৰাকী অভিনেত্রী হিচাপে কেইবাখনো চলচ্চিত্রত অভিনয় কৰাৰ উপৰি মঞ্চাভিনেত্রী ৰূপেও জনপ্রিয় হৈছিল৷ এনে এখন জগত এৰি আপুনি কিদৰে ফেশ্বন ডিজাইনিঙৰ জগতত প্রৱেশ কৰিলে?
আগতেও কৈছোঁ যে মোৰ শৈশৱৰ সপোনেই আছিল অভিনেত্রী হোৱাৰ৷ সেউজ সংঘৰ হৈ মই বিভিন্ন মঞ্চত নাট প্রতিযোগিতাত অংশগ্রহণ কৰিছিলোঁ৷ বিশিষ্ট নাট্যকাৰ মহেন্দ্র বৰঠাকুৰৰ ‘জন্ম’ নামৰ নাটকখনেৰে বৰপেটাত অনুষ্ঠিত সদৌ অসম নাট সমাৰোহত মই শ্রেষ্ঠ সহভিনেত্রীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷সেউজ সংঘ ক্লাবৰ হৈ আমি বহু নাটকত অভিনয় কৰিছিলোঁ৷ ইয়াৰ পৰৱর্তী সময়ত মই কেইবাখনো ছবিত অভিনয় কৰিছেছা৷ আনকি বিয়াৰ পিছতো মই আগ্রাত অনুষ্ঠিত এখন ৰাষ্ট্রীয় নাট প্রতিযোগিতাত অংশগ্রহণ কৰি শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিছেছা৷ অৱশ্যে ইয়াৰ সমান্তৰালভাৱে ফেশ্বন ডিজাইনিঙৰ প্রতি আছিল সুকীয়া আকর্ষণ৷ ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন দেখা নাছিলোঁ যদিও আনতকৈ বেলেগ ধৰণৰ কাপোৰ পিন্ধি মই ভাল পাইছিলোঁ৷ স্কুল, কলেজত পঢ়ি থকা সময়তে কাপোৰবোৰ কাটি বিভিন্ন ডিজাইন কৰাৰ চেষ্টা কৰিছিলোঁ৷ আনকি ফাঁচীবজাৰৰ পৰা কিনি অনা কাপোৰবোৰো কাটি কাটি নতুনকৈ চিলাই লৈছিলোঁ৷ এনে আকর্ষণৰ বাবে মই টেক্সটাইল পঢ়াৰ বাবে অসমৰ বাহিৰলৈ যাব বিচাৰিছিলোঁ৷ কিন্তু পৰিয়ালৰ লোকসকলে মোক বাহিৰলৈ যোৱাৰ আনুমতি নিদিলে৷ অৱশ্যে বিয়াৰ পিছতহে মই ফেশ্বন ডিজাইনাৰ ৰূপে আনুষ্ঠানিক আত্মপ্রকাশ কৰিলোঁ৷

আপুনি অসমৰ ফেশ্বন ডিজাইনাৰ ৰূপে যথেষ্ট সফল হৈছে৷ কেতিয়াৰ পৰা পেছাদাৰী ফেশ্বন ডিজাইনাৰ হিচাপে আপুনি পদক্ষেপ দিছিল?
১৯৯৮ চনত মই জগদীশ ভূঞাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিলোঁ৷ ইয়াৰ পিছতে আমাৰ ল’ৰা আৰু ছোৱালী দুটাক সময় দিবলগীয়া হোৱাত অভিনয় জগতৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছিল৷ অৱশ্যে মই এইচডিএফচি বেংকৰ ঋণ শাখাত কিছুদিন চাকৰি কৰিছিলোঁ আৰু উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত মই প্রথম এমডিআৰটি হৈছিলোঁ৷ তাত উপার্জন কৰা ধনৰ কিছু অংশ বিনিয়োগ কৰি ‘ফেন্সী আইটেমেৰে’ এই ব্যৱসায় আৰম্ভ কৰিলোঁ৷ সেই সময়ত শাড়ী, লেহেংগা, মেখেলা–চাদৰ, ব্লাউজ আদি নতুন নতুন ডিজাইনেৰে চিলাই কৰি গ্রাহকৰ সঁহাৰি লাভ কৰিছিলোঁ৷ কিন্তু পাট, মুগা আৰু এৰী কাপোৰৰ প্রতি মোৰ আছিল বিশেষ দুর্বলতা৷ সেইবাবে মই ২০১৪ চনত বকোত ৪খন শাল পাতি পাট, মুগা আৰু এৰী কাপোৰ তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিলোঁ৷ কিন্তু গুৱাহাটীৰ পৰা বকোলৈ গৈ কামত মনোনিৱেশ কৰা অসুবিধা হয় বাবে ২০১৬ চনত গুৱাহাটীৰ হাতীগাঁৱৰ বশিষ্ঠপুৰলৈ ফেক্টৰীটো স্থানান্তৰ কৰিলোঁ৷ এতিয়া ৮খন শালত কাপোৰ উৎপাদন কৰা হয়৷ ২০১৭ চনত মহানগৰীৰ জয়ানগৰত এখন বুটিক আৰম্ভ কৰিলোঁ৷ মই আৰম্ভণিৰে পৰা বিশুদ্ধ সূতা আৰু কাপোৰৰ ওপৰত গুৰুত্ব প্রদান কৰি আহিছেছা আৰু সেইবাবে গ্রাহকৰ পৰা ব্যাপক সঁহাৰিও লাভ কৰিছোঁ৷ এবাৰ আমাৰ পৰা কাপোৰ ক্রয় কৰা গ্রাহকসকলে কাপোৰৰ গুণগত মানৰ বাবে পুনৰবাৰ ক্রয় কৰিবলৈ আগ্রহ প্রকাশ কৰে৷ সম্প্রতি অসমতে নহয়, দেশ– বিদেশতো আমাৰ ‘জ্যোতি ক্রিয়েচনৰ’ পাট, মুগা আৰু এৰী কাপোৰৰ মেখেলা–চাদৰৰ চাহিদা বৃদ্ধি পাইছে৷ অসম চৰকাৰৰ বিভিন্ন প্রদর্শনীৰ লগতে দেশৰ বিভিন্ন স্থান আৰু বিদেশতো প্রদর্শনীত অংশগ্রহণৰ সুবিধা লাভ কৰিছো৷

আপোনাৰ কাপোৰৰ উদ্যোগত কিমান কর্মচাৰীয়ে কাম কৰি আছে আৰু কিমান পৰিয়াল পৰোক্ষভাৱে উপকৃত হৈছে?
আমাৰ উদ্যোগটোৰ প্রধান চালিকাশক্তি হৈছে আমাৰ কর্মচাৰীসকল৷ এই উদ্যোগটোত প্রায় ২০গৰাকী কর্মচাৰীয়ে প্রত্যক্ষভাৱে কাম কৰি আছে৷ তদুপৰি আমি বিভিন্ন গাঁৱত মেখেলা–চাদৰৰ বাবে কেঁচা সামগ্রী দিওঁ আৰু তেওঁলোকে সেইবোৰ নিজাকৈ তৈয়াৰ কৰি কিছু ধন উপার্জন কৰে৷ এইদৰেও প্রায় শতাধিক পৰিয়ালে পৰোক্ষভাৱে উপকৃত হৈ আহিছে৷

আপুনি মূলতঃ কি কি কাপোৰ উৎপাদন কৰে? এই কাপোৰবোৰৰ বজাৰ পাবলৈ আপুনি কি কৰে?
মই মূলতঃ পাট, মুগা, এৰী নেচাৰেল ডাই, নুনী, টচৰ চিল্কৰ বিভিন্ন কাপোৰৰ মেখেলা–চাদৰ আৰু শাড়ী তৈয়াৰ কৰাৰ লগতে ষ্টল, লেহেংগা, বেডকভাৰ আদিও নতুন ৰূপত তৈয়াৰ কৰোঁ৷ মই নিজেই কাপোৰবোৰত নতুন নতুন ডিজাইন কৰোঁ৷ বহুতে কাপোৰ ডিজাইনৰ বাবে ডিজাইনাৰ ৰাখে৷ মই নিজেই ডিজাইন কৰোঁ আৰু এটা ডিজাইনৰ মাত্র এযোৰ কাপোৰেই তৈয়াৰ কৰোঁ৷ তদুপৰি এৰী সূতা জৈৱিকভাৱে ৰং কৰি কাপোৰ তৈয়াৰ কৰোঁ৷ হালধি, শিলিখা, জেতুকাৰ পাত, লা আদিৰে এৰী সূতাত ৰং কৰা হয়৷ এনেদৰে বিভিন্ন ৰঙেৰে তৈয়াৰ কৰা এৰী কাপোৰে দেশ–বিদেশত সমাদৰ পাইছে৷ অৱশ্যে আমি তৈয়াৰ কৰা কাপোৰ বিক্রীৰ বাবে ইউটিউব অথবা ইনষ্টাগ্রামৰ বিশেষ সহায় নলওঁ৷ মোৰ পেজ, ইনষ্টা আছে যদিও তাত কেৱল মডেল শ্বুটৰ ফটো আপলোড কৰা হয়৷ কাৰণ মই এযোৰ কাপোৰৰ এটাহে ডিজাইন কৰোঁ৷ চিনাকি গ্রাহক আৰু কাপোৰৰ মানৰ বাবেই গ্রাহকে আমাৰ কাপোৰ বিচাৰি আহে৷ বিয়া–বাৰুৰ বাবে প্রয়োজনীয় কাপোৰ বিচাৰিও বহু গ্রাহক আহে৷ প্রদর্শনীতো যথেষ্ট কাপোৰ বিক্রী হয়৷ সূতাত যাতে ভেজাল কৰিব নোৱাৰে তাৰ বাবে আমি নির্ভৰযোগ্য প্রতিষ্ঠানৰ পৰা সূতা ক্রয় কৰোঁ৷ তদুপৰি বহিঃৰাজ্যৰ ভেজাল সূতা যাতে প্রৱেশ কৰিব নোৱাৰে তাৰ ওপৰতো গুৰুত্ব প্রদান কৰি আহিছো৷

ক’ভিডৰ সময়ত আপুনি দুর্গত লোকসকলক সহায় কৰি শিৰোনামলৈ আহিছিল৷ এই সম্পর্কে কওকচোন৷
হয়, ক’ভিডৰ সময়ত মই গুৱাহাটীৰ বহু ঠাইৰ কেইবাটাও পৰিয়ালক বিনামূলীয়াকৈ খাদ্য যোগান ধৰিছিলোঁ৷ মোৰ বাবে সেয়া আছিল অন্য এক যুঁজ৷ মই নিজে পুৱা পাঁচ বজাৰ পৰা খাদ্য তৈয়াৰ কৰি ন বজাত ল’ৰা–ছোৱালী আৰু শিপিনীসকলৰ লগত টিফিন সাজু কৰি ৬০–৭০টা পৰিয়ালক খাদ্য যোগান ধৰিছিলোঁ আৰু তাৰ পৰা আহি পুনৰ ফেক্টৰীত কাম কৰিছিলোঁ৷ সেই সময়ত ক’ভিডৰ বাবে বহু লোকে অনাহাৰে কটাবলগীয়া হৈছিল৷ মই ক’ভিডৰ লকডাউনৰ সময়তো মহামাৰীলৈ ভয় নকৰি অসহায় লোকসকলৰ একাংশক বিনামূলীয়াকৈ আহাৰ যোগান ধৰি অপৰিসীম আনন্দ লভিছিলোঁ৷ গুৱাহাটীত মই প্রথমেই এই কাম কৰা বাবে সকলোৰে চর্চাৰ বিষয় হৈ পৰিছিলোঁ আৰু শিৰোনামলৈ আহিছিলোঁ৷

আপুনি এগৰাকী প্রতিষ্ঠিত ফেশ্বন ডিজাইনাৰ হিচাপে বহু প্রদর্শনীত অংশগ্রহণ কৰিছে৷ এনে প্রদর্শনীত অংশগ্রহণৰ উদ্দেশ্য কেৱল কাপোৰ বিক্রী নে অন্য কাৰণো আছে?
মই অসম চৰকাৰৰ হৈ বহুসংখ্যক বাণিজ্য মেলা তথা প্রদর্শনীত অংশগ্রহণ কৰিছোঁ৷ আনহাতে ভাৰত চৰকাৰৰ দ্বাৰা মই আন্তর্জাতিক প্রদর্শনী মেলাতো অংশগ্রহণৰ সুযোগ লাভ কৰিছোঁ৷ এনে প্রদর্শনীবোৰৰ উদ্দেশ্য কেৱল কাপোৰ বিক্রী কৰাই নহয়, ইয়াৰ জৰিয়তে অসমৰ আপুৰুগীয়া বস্ত্র পাট, মুগা আৰু এৰী কাপোৰক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত পৰিচিতি প্রদান কৰা৷ ভাৰতৰ অন্য ৰাজ্যৰ বস্ত্রশিল্পই যি জনপ্রিয়তা অর্জন কৰিছে, সেই জনপ্রিয়তা অসমৰ পাট, মুগাই লাভ কৰিব পৰা নাই৷ সেইবাবে আমাৰ হস্তনির্মিত বস্ত্রশিল্পক নতুন পৰিচিতি প্রদান কৰাই আমাৰ লক্ষ্য৷ ২০১৭ চনত গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত মেগা টেক্সটাইল ট্ৰেড ফেয়াৰত অংশগ্রহণ কৰিছিলোঁ৷ ইয়াৰ উপৰি ২০১৮ চনৰ ফেব্রুৱাৰীত এডভাণ্টেজ আছামৰ প্রদর্শনীতো অংশগ্রহণৰ সুযোগ পাইছিলোঁ৷ বিগত সময়ছোৱাত মই অসংখ্য প্রদর্শনীত ভাগ লৈছোঁ যদিও উল্লেখযোগ্য কেইখনমান বাণিজ্য মেলা হৈছে ২০২৩ চনৰ জুলাইত নয়দাত অনুষ্ঠিত জি আই ফেয়াৰ আৰু অলপতে গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছাম–২.০ৰ প্রদর্শনী৷ তদুপৰি যোৱা বছৰ ৭.১৫ ছেপ্ঢেম্বৰলৈ গ্রীচত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় বাণিজ্য মেলাতো মই দেশৰ হৈ প্রতিনিধিত্ব কৰিছিলোঁ৷ ভাল লগা কথাটো হৈছে তালৈ নিয়া সকলো কাপোৰ বিক্রী হৈছিল৷ সকলোৱে মোক গ্রীচলৈ ইমান বেছি কাপোৰ নিবলৈ বাধা দিছিল৷ কিন্তু মই যিমান কাপোৰ নিছিলোঁ সকলোখিনি বিক্রী হৈ গৈছিল৷ মই তেওঁলোকক বুজাব পাৰিছিলোঁ আৰু তালৈ যোৱা মহিলাবোৰে পছন্দ কৰিছিল আমাৰ অসমৰ পাট–মুগা–এৰীৰ কাপোৰ৷

আপুনি অসমীয়া গহনাৰ ব্যৱসায়ো কৰে নেকি?
হয়, কাপোৰৰ লগতে মই অসমীয়া গহনাৰো ব্যৱসায় আৰম্ভ কৰিছেছা৷ আমি ডিজাইন কৰা এই গহনাত সোণ আৰু ৰূপ ব্যৱহাৰ কৰোঁ৷ তদুপৰি এইবোৰত বিশুদ্ধ পাথৰ ব্যৱহাৰ কৰোঁ৷ আমাৰ অনন্য ডিজাইন আৰু বিশুদ্ধতাৰ বাবে কম দিনৰ ভিতৰতে গ্রাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছো৷

আপোনাৰ জীৱনত সর্বোচ্চ প্রভাৱ পেলোৱা ব্যক্তিগৰাকী কোন?
মোৰ জীৱনত সর্বাধিক প্রভাৱ পেলাইছে মোৰ বাইদেউ জয়শ্রী বৰুৱাই৷ তেওঁ মোক সকলো কামতে উৎসাহ আৰু অনুপ্রেৰণা যোগাইছে৷ দেউতাৰ অবর্তমানত বাইদেৱে মোক সকলো ঠাইলৈ লৈ গৈছিল৷ নাটক, চিনেমাৰ শ্বুটিং সকলোতে বাইদেউ মোৰ লগত আছিল৷ তেওঁ নাথাকিলে হয়তো মই এই পর্যায় নাপালোঁহেঁতেন৷ অৱশ্যে এতিয়া মোৰ স্বামী আৰু ল’ৰা–ছোৱালীয়েও মোৰ কামৰ নিচা দেখি মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷

এগৰাকী মহিলা হিচাপে মহিলাৰ প্রতি আপোনাৰ ধাৰণা কেনে?
মহিলা হিচাপে মহিলাৰ প্রতি মোৰ এক স্পষ্ট ধাৰণা আছে৷ মই ভাবোঁ মহিলাৰ সমান শক্তি পুৰুষৰ নাই৷ পুৰুষসকলে চাকৰি অথবা ব্যৱসায় কৰি ঘৰৰ কাম–বন কৰা সম্ভৱ নহয়৷ কিন্তু মহিলাসকলে চকৰি বা ব্যৱসায় কৰিও ৰন্ধা–বঢ়াকে ধৰি ঘৰৰ সকলো কাম–বন কৰে৷ অৱশ্যে মহিলাই নিজৰ মাজত নিহিত থকা নিজৰ শক্তিৰ উপযুক্ত ব্যৱহাৰ কৰিব নোৱাৰিলে সেই শক্তি অথলে যায়৷

You might also like