নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সফ’ৰ্ডৰ প্রাক্তন ছাত্রী ভাৰতীয় গৱেষকক ব্রিটেইন ত্যাগৰ নির্দেশ

নিউজ ডেস্ক, ১৮ মাৰ্চঃ নিয়ম ভঙাৰ অভিযোগত ব্রিটেইনৰ পৰা বহিষ্কৃত হ’ব ভাৰতীয় গৱেষক৷ ঔপনিৱেশিক ভাৰতৰ বিভিন্ন চহৰৰ ওপৰত গৱেষণা কৰিছিল মণিকর্নিকা দত্ত নামৰ ইতিহাসৰ গৱেষিকাগৰাকীয়ে৷ কিন্তু গৱেষণাকালত নিয়ম মানি নচলা বাবে ১০ বছৰৰ বাবে ব্রিটেইন প্রশাসনে বিতাড়ন কৰিব পাৰে মণিকর্নিকা দত্তক৷ গৱেষণাৰ বাবে ভাৰতত অতিৰিক্ত সময় থকাৰ অভিযোগ অনা হৈছে মণিকর্নিকাৰ বিৰুদ্ধে৷ এক দশকৰ বেছি সময় ধৰি ব্রিটেইনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্রাক্তন ছাত্রী মণিকর্নিকাই ইতিহাসৰ ওপৰত গৱেষণা কৰি আহিছে৷ কিন্তু ব্রিটেইনৰ গৃহ মন্ত্রালয় গৱেষিকাগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ ওলাইছে৷ জানিব পৰা গৈছে যে ব্রিটেইনৰ নিয়ম অনুসৰি যিসকলে ১০ বছৰ বা তাতকৈ বেছি সময় ধৰি ব্রিটেইনত থাকে তেওঁলোকে অনির্দিষ্টকালৰ বাবে ছুটীৰ আবেদন কৰিব পাৰে৷ সেই ক্ষেত্রত ১০ বছৰৰ ভিতৰত সর্বাধিক ৫৮৪ দিন বিদেশত থাকিব পাৰে৷ কিন্তু মণিকর্নিকাই এই নিয়ম ভংগ কৰি ৫৮৪ দিনৰ পৰিৱর্তে ৬৯১ দিন ভাৰতত কটাইছিল৷ অর্থাৎ নিয়ম ভাঙি অতিৰিক্তভাৱে ১৪৩ দিন ব্রিটেইনৰ বাহিৰত আছিল গৱেষিকাগৰাকীয়ে৷ ইয়াৰ বাবে ব্রিটেইনৰ গৃহ মন্ত্রালয়ে মণিকর্নিকা দত্তলৈ ই–মেইল প্রেৰণ কৰি দেশখন ত্যাগ কৰাৰ নির্দেশ দিছে৷ ২০১২ চনত এডুকেচন ভিছা লৈ ব্রিটেইনত উপস্থিত হৈছিল মণিকর্নিকা৷ পৰৱর্তী সময়ত শিক্ষাবিদ সৌভিক নাহাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ব্রিটেইনত বসবাসৰ বাবে স্থায়ী ভিছা লাভ কৰিবলৈ সক্ষম হৈছিল গৱেষিকাগৰাকীয়ে৷

You might also like