নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সুলভ বাসস্থান

উত্তৰ–পূব ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত নগৰৰ বৃদ্ধিৰ দিশৰ পৰা অসম যথেষ্ট আগবাঢ়ি আছে৷ অসমৰ গুৱাহাটীৰ দৰেই আন চহবোৰৰ বৃদ্ধিও চকুত লগা৷ বিভিন্ন কাৰণত নগৰবোৰলৈ অহা মানুহ আৰু নগৰত বসতি কৰিব বিচৰা মানুহৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু এই বৃদ্ধিৰ হাৰ একো একোটা জটিল সমস্যা হিচাপে থিয় হৈছে৷ নগৰত থাকিবলৈ অহা সকলো মানুহেই বিত্তবান নহয়, কম আৰু নিম্ন আয়ৰ মানুহো বহু থাকে৷ ফলত কম খৰচী গৃহ নির্মাণৰ প্রয়োজন হৈছে আৰু এইক্ষেত্রত সকলো পক্ষই বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ গুৱাহাটীৰ দৰে চহৰলৈ অহা মানুহৰ সংখ্যা বহু বেছি, কিন্তু গৃহ নির্মাণৰ বাবে মাটি পোৱাৰ সমস্যা আৰু গৃহ নির্মাণৰ সামগ্রীৰ দাম বৃদ্ধিয়ে সমস্যাবোৰ অধিক জটিল কৰি তুলিছে৷ চহৰ অঞ্চলত বাসগৃহৰ সমস্যা দূৰ কৰিবলৈ চৰকাৰে লোৱা বিভিন্ন আঁচনিয়ে সকলো লোককে সামৰি লোৱাটো আৰু সন্তুষ্ট কৰাটো সম্ভৱ নহয়৷ এই সমস্যা অকল অসমৰে সমস্যা নহয়, ভাৰতৰ প্রায় প্রতিখন ৰাজ্যৰে সমস্যা৷ নগৰীয়া ভাৰতত গৃহ নির্মাণৰ সংকট তীব্রতৰ হৈ গৈ আছে৷ সমগ্র ভাৰতত সুলভ বাসগৃহৰ প্রয়োজনৰ তথ্য বিচৰা এটা সমীক্ষা মতে ২০২৪ চনলৈকে প্রায় এক কোটি হডনিটৰ প্রয়োজন আছিল৷ প্রধানমন্ত্রী নগৰীয়া আৱাস যোজনাৰ অধীনত ১১৯ লাখৰো অধিক ঘৰৰ অনুমোদন জনোৱা হৈছে, ১১৩ লাখ ঘৰৰ নির্মাণকার্য চলি আছে, তাৰে প্রায় ৯২ লাখ ঘৰ সম্পূর্ণ হৈছে৷ কিন্তু এই নির্মাণ আৰু পৰিকল্পনাই বর্ধিত চাহিদাক সন্তুষ্ট কৰিব পৰা নাহ৷ নগৰায়ণৰ দ্রুত গতিবেগে এহ প্রত্যাহ্বানক আৰু অধিক তীব্রতৰ কৰি তোলে আৰু ইয়াৰ সর্বাংগীণ বৃদ্ধি নিশ্চিত কৰিবলৈ সকলো পক্ষৰ পৰা জৰুৰী সঁহাৰিৰ প্রয়োজন৷ এটা কথা ঠিক যে নগৰীয়া স্থানত প্রকল্পৰ খৰচৰ মাটিৰ মূল্য অধিক হয় আৰু ইয়াৰ ফলত সুলভ মূল্যৰ গৃহ নির্মাণ আর্থিকভাৱে অসম্ভৱ হৈ পৰে৷ এই সমস্যাবোৰৰ সুৰুঙাৰে অপৰিকল্পিতভাৱে ঘৰ নির্মাণ হৈয়েই থাকে আৰু অপৰিকল্পিত নগৰ ডন্নয়নৰ ফলত প্রায়ে যান–জঁটৰ সৃষ্টি হয়, বায়ু প্রদূষণ আৰু শব্দ প্রদূষণ হয়, যিয়ে চহৰৰ বাসিন্দাসকলৰ জীৱনৰ মান হ্রাস কৰে৷

৭ মিনিটৰ বাবে উশাহ বন্ধৰ উপক্ৰম নাছাৰ বিজ্ঞানীৰ

জনসংখ্যা বৃদ্ধি আৰু প্রব্রজনৰ আগজাননী দিব নোৱৰা নগৰ পৰিকল্পনাহ গৃহৰ যোগান–চাহিদাৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে৷ এহ মিল নোহোৱাৰ ফলত সম্পত্তিৰ দাম আৰু ভাৰা বৃদ্ধি পায়৷ ফলত বহুতৰে বাবে গৃহ নির্মাণ অসাধ্য হৈ পৰে৷ ফলত কম আয়ৰ লোকসকল চহৰৰ কেন্দ্রৰ পৰা বহু দূৰত থাকিবলৈ বাধ্য হয়৷ এই ধৰণৰ সমস্যাসমূহৰ সমাধানৰ বাবে নগৰ পৰিকল্পনাৰ দিশত পৰিৱর্তনৰ প্রয়োজন, যিয়ে গৃহ নির্মাণৰ সহজ আৰু সঠিক পথ প্রদর্শন কৰে, বহনক্ষম আন্তঃগাঁথনি ডন্নয়ন আৰু নগৰীয়া ভূমি সম্পদৰ ডন্নত ব্যৱহাৰক অগ্রাধিকাৰ দিয়ে৷ চহৰসমূহৰ সঠিক নগৰ পৰিকল্পনাৰ মূল ভিত্তি হ’ল আর্হিনির্মাণৰ দক্ষতা, যিয়ে সমাজখনৰ প্রয়োজনীয়তা পর্যাপ্তভাৱে পূৰণ কৰে৷ পৰিকল্পনা সঠিক নহ’লে চহৰৰ বাসিন্দাসকলে সুলভ মূল্যৰ গৃহৰ অভাৱ, অতিমাত্রা ভিৰ, অপর্যাপ্ত পৰিবহণ ব্যৱস্থা, যান–জঁট, স্বাস্থ্যসেৱা, শিক্ষা আদি প্রয়োজনীয় সামাজিক আৰু অত্যাৱশ্যকীয় সেৱাৰ সুবিধাৰ পৰা বঞ্চিত হয় আৰু এই অভাৱে সামগ্রিকভাৱে জীৱনৰ মান হ্রাস কৰে৷ এইবোৰ কথাৰ প্রতি মনযোগ দি চৰকাৰে নিম্ন আয়ৰ লোকৰ বাবে সুলভ মূল্যৰ ভাৰাঘৰৰ আঁাঁচনি এটা আৰম্ভ কৰিছে৷ গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা মন্ত্রণালয়ে প্রধানমন্ত্রী আৱাস যোজনা (নগৰীয়া)ৰ অধীনত আৰম্ভ কৰা এই ডপ–আঁচনিৰ যোগে ঔদ্যোগিক খণ্ডৰ লগতে অনানুষ্ঠানিক নগৰীয়া কর্মক্ষেত্রত জডিত নিম্ন আয়ৰ লোকসকলে তেওঁলোকৰ কর্মস্থলীৰ ওচৰত মর্যাদাপূর্ণ সুলভ ভাৰাঘৰৰ সুবিধা লাভ কৰিব৷ প্রচলিত ছাত্রাৱাসৰ আর্হিত নির্মাণ কৰিবলগীয়া এই আৱাসগৃহবোৰে শ্রমিকসকলক মানবিশিষ্ট থকা ঠাই দিয়াৰ প্রতিশ্রতি বহন কৰে৷ যোৱা কেইবছৰমানৰ পৰা অসমত উদ্যোগীকৰণৰ গতি দ্রুত হৈছে আৰু প্রতিটো উদ্যোগেই বহু শ্রমিকক কর্মসংস্থাপন দিব আৰু এই শ্রমিসকলৰ সংখ্যা দিনক দিনে বাঢ়ি আহিব৷ এই শ্রমিসকলক মর্যদাপূর্ণ বাসস্থান দিয়াৰ দায়িত্বও পালন চৰকাৰেই কৰিব লাগিব৷ কেন্দ্রীয় চৰকাৰে প্রৱর্তন কৰা সুলভ মূল্যৰ ভাৰাঘৰৰ এই আঁচনি নিশ্চয় অসমতো ভালদৰেই প্রযোজ্য হ’ব আৰু একে সময়তে অসম চৰকাৰেও তেনে ধৰণৰ কল্যাণকামী আঁচনিৰ কথা চিন্তা কৰি অসমৰ ক্রমবর্ধমান উদ্যোগজগতখনৰ বিকাশৰ অংশীদাৰ হ’ব৷

হাস্যবদনে পৃথিৱীৰ বুকুত খোজ দিলেহি সুনীতাসহ ৪ মহাকাশচাৰীয়ে

You might also like