নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত ইজৰাইলৰ বোমাত নিহত ৪ শতাধিক

নিউজ ডেস্ক, ১৯ মার্চঃ যুদ্ধবিৰতি চুক্তি সম্প্রসাৰণত ব্যর্থ হোৱাৰ পাছতেই গাজাত ভয়াৱহ আক্রমণ ইজৰাইলৰ৷ সন্ত্রাসবাদী সংগঠন হামাছৰ ঘাটিক লক্ষ্য কৰি গাজাত চলোৱা ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে চলোৱা আক্রমণত চাৰি শতাধিক পেলেষ্টাইনী লোক নিহত হৈছে৷ যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে হোৱা আলোচনা অনুসৰি ইজৰাইলে চলায় ভয়াৱহ আক্রমণটো৷ গাজাৰ আকাশত ২০তকৈ অধিক ইজৰাইলী যুদ্ধ বিমানেৰে আক্রমণ চলায়৷ গাজা চিটী, ৰাফাহ আৰু খান ইউনুছত সন্ত্রাসবাদী হামাছৰ ঘাটিক লক্ষ্য কৰি ২০তকৈ অধিক যুদ্ধ বিমানেৰে ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে ভয়াৱহ আক্রমণ চলায়৷ এই আক্রমণত চাৰি শতাধিক পেলেষ্টাইনী নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে৷ ৰমজান মাহ উপলক্ষে পুৱতিনিশা বহু লোকে খাদ্য গ্রহণ কৰি থকাৰ সময়তে ইজৰাইলী সেনাই এই আক্রমণ চলোৱাত হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটানেহু আৰু প্রতিৰক্ষা মন্ত্রী ইজৰাইল কাটজেই আজি পুৱা গাজাৰ আক্রমণৰ নির্দেশ দিয়ে৷ প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা বিবৃতি মতে, হামাছে পণবন্দীক মুকলি কৰি দিয়াৰ প্রস্তাৱ বাৰম্বাৰ প্রত্যাখ্যান কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিৰ প্রতিনিধি ষ্টীভ উইটক’ফ আৰু মধ্যস্থতাকাৰীৰ পৰা লাভ কৰা কেইবাটাও প্রস্তাৱ হামাছে প্রত্যাখ্যান কৰাৰ বাবেই গাজাৰ ওপৰত আক্রমণ চলাবলৈ নির্দেশ দিয়া হৈছে৷ হামাছক নিঃশেষ কৰিবলৈ পণ লোৱা ইজৰাইলে সামৰিক শক্তি বৃদ্ধিৰে আজিৰে পৰা গাজাত আক্রমণ তীব্রতৰ কৰি তোলা হ’ব বুলিও বিবৃতিত প্রকাশ কৰা হৈছে৷ গাজাৰ উপ–গৃহমন্ত্রী তথা হামাছৰ শীর্ষ পর্যায়ৰ নিৰাপত্তা বিষয়া মহম্মদ আবু ৱাফা আজি পুৱা ইজৰাইলে চলোৱা আক্রমণত নিহত হৈছে বুলিও বাতৰি চর্চিত হৈছে৷ ইপিনে, ইজৰাইলে গাজাৰ ওপৰত পুনৰ আক্রমণ চলোৱাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে সন্ত্রাসবাদী সংগঠন হামাছে৷ সংবাদ মাধ্যমত চর্চিত বাতৰি মতে, ইজৰাইলে আক্রমণ চলাই থাকিলে হামাছে পণবন্দীক হত্যা কৰিব বুলি ভাবুকি দিছে৷ উল্লেখ্য যে যোৱা ১৯ জানুৱাৰীৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তি অনুসৰি হামাছে পণবন্দী আৰু ইজৰাইলে কাৰাবন্দী পেলেষ্টাইনীক মুকলি কৰি দিয়া প্রক্রিয়া চলাইছিল৷ কিন্তু যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পাছত হামাছে প্রস্তাৱত সমর্থন নজনোৱাত পুনৰ ইজৰাইলে আক্রমণ আৰম্ভ কৰিছে৷ উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত সন্ত্রাসবাদী সংগঠন হামাছে ইজৰাইল সীমান্তত অতর্কিতে আক্রমণ চলাই ১২শতকৈ অধিক লোকক হত্যা কৰাৰ লগতে ২৫১জনক পণবন্দী কৰিছিল৷ হামাছৰ এই আক্রমণৰ বিৰুদ্ধে ইজৰাইলে যুদ্ধ ঘোষণা কৰি হামাছৰ ওপৰত গাজাত আক্রমণ আৰম্ভ কৰে৷ ইজৰাইলী সেনাৰ আক্রমণত গাজা চহৰ বিধ্বস্ত হোৱাৰ লগতে প্রায় ৫০ হাজাৰ লোক নিহত হৈছে৷ তেনেদৰে হামাছৰ কেইবাজনো মুৰব্বী ইজৰাইলী সেনাৰ আক্রমণত নিহত হৈছে৷ ৰাষ্ট্রসংঘৰ তথ্য মতে, ইজৰাইলৰ আক্রমণত গাজাত ২.১ নিযুত লোক গৃহহীন হৈ শৰণার্থী হিচাপে আশ্রয় ল’বলগীয়া হৈছে৷ চহৰখনৰ ৭০ শতাংশ অট্টালিকা বোমাৰ আক্রমণত বিধ্বস্ত হৈছে৷ স্বাস্থ্য সেৱা, পানী যোগান, অনাময় ব্যৱস্থা বিধ্বস্ত হৈছে৷ খাদ্য, ইন্ধন, ঔষধ আৰু আশ্রয়ৰ অভাৱত ভুগিছে গাজাবাসী৷ এই যুদ্ধ চলি থকাৰ মাজতেই কাটাৰৰ মধ্যস্থতাত হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তি হয়৷

You might also like