গুজৰাটৰ বন্ধ ফ্লেটত উদ্ধাৰ ৯৫ কেজি সোণ, ৭০ লাখ টকা
নিউজ ডেস্ক, ১৯ মাৰ্চঃ গুজৰাটৰ আহমেদাবাদৰ বন্ধ ফ্লেটত গুপ্ত ধনৰ সন্ধান৷ অভিযান চলাই বন্ধ ফ্লেটটোৰ পৰা উদ্ধাৰ কৰা হৈছে ৯৫ কেজি সোণ আৰু নগদ ৭০ লাখ টকা৷ উদ্ধাৰ হোৱা সোণৰ মূল্য প্রায় ৯০ কোটি টকা বুলি জানিব পৰা গৈছে৷ এই বিপুল পৰিমাণৰ অবৈধ সম্পত্তিৰ সন্ধান পোৱাৰ পাছত ফ্লেটটোৰ মালিকক বিচাৰি তালাচী চলাইছে আৰক্ষীয়ে৷ গোপন সূত্রৰ পৰা তথ্য লাভ কৰাৰ পাছত কালি সন্ধিয়া আহমেদাবাদৰ পালডি অঞ্চলৰ এই বন্ধ ফ্লেটটোত অভিযান চলায় গুজৰাট আৰক্ষীৰ সন্ত্রাস প্রতিৰোধী শাখা (এটিএছ)ই৷ এটিএছৰ সৈতে ৰাজহ চোৰাংচোৱা সংস্থাৰ বিষয়াসকলো উপস্থিত থাকে৷ ফ্লেটৰ ভিতৰত তালাচী চলোৱাৰ সময়ত কার্যতঃ চকু কপালত উঠে তদন্তকাৰীসকলৰ৷ এই ফ্লেটটোৰ গৰাকী হৈছে মেঘ শ্বাহ আৰু তেওঁৰ পিতৃ মহেন্দ্র শ্বাহ৷ অনুমান কৰা হৈছে এই বৃহৎ পৰিমাণৰ সোণ আৰু নগদ ধন অন্যস্থানলৈ প্রেৰণ কৰাৰ বাবে মজুত কৰা হৈছিল৷ বর্তমান পলাতক অৱস্থাত আছে দুই পিতা–পুত্র৷
লগতে এইটোও পঢ়ক দ্বিতীয় বিশ্বযুদ্ধৰ অন্তিম ব্রিটিছ পাইলট হেমিংৱেৰ বিয়োগ