নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্রাণী অভয়াৰণ্য এতিয়া বেদখলকাৰীৰ কবলত৷ পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ অধীনস্থ ১২খনকৈ সংৰক্ষিত বনাঞ্চল বেদখল কৰি একাংশ লোকে বসবাস কৰি আহিছে৷ সংৰক্ষিত বনাঞ্চল বেদখল কৰি গছ–গছনি কাটি পেলোৱাৰ ফলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যপ্রাণী৷ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বন্যপ্রাণী আৰু মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যপ্রাণীৰ আক্রমণত মহানগৰীত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক চিৰদিনলৈ ঘুণীয়া হ’বলগীয়া হৈছে৷
গুৱাহাটী মহানগৰৰ আশে–পাশে থকা সংৰক্ষিত বনাঞ্চলসমূহত বছৰৰ পিছত বছৰ ধৰি বেদখল চলি থকাৰ পাছতো বেদখলকাৰীৰ বিৰুদ্ধে পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে৷ তথ্য অনুসৰি, দক্ষিণ কালাপাহাৰ সংৰক্ষিত বনাঞ্চলৰ সর্বমুঠ মাটিকালি ৭০ হেক্টৰ৷ ইয়াৰ ভিতৰত ৫৯.৫ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত৷ ফটাশিল সংৰক্ষিত বনাঞ্চলৰ ৬৭০.৪৪ হেক্টৰ ভূমিৰ ভিতৰত ৪৪৩ হেক্টৰ ভূমিত অবৈধভাৱে বসবাস কৰি আহিছে বেদখলকাৰীয়ে৷ একেদৰে জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ ৯৭.৭০ হেক্টৰ ভূমিৰ ১৫.৫ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত৷ গোটানগৰ সংৰক্ষিত বনাঞ্চলৰ ১৭১ হেক্টৰ ভূমিৰ ভিতৰত ১২৯ হেক্টৰ ভূমি, হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলৰ ৬২৮ হেক্টৰ ভূমিৰ ভিতৰত ৪৪০ হেক্টৰ, শৰণীয়া পাহাৰ সংৰক্ষিত বনাঞ্চলৰ ৭.৯৯ হেক্টৰ ভূমিৰ ভিতৰত ০.৭৮ হেক্টৰ, গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ ১৮,৮৬০.৫৮ হেক্টৰ ভূমিৰ ভিতৰত ১২০.১৮ হেক্টৰ, মৰকডলা সংৰক্ষিত বনাঞ্চলৰ ১,৪২৬.৫০ হেক্টৰ ভূমিৰ ২৯১.৮৭ হেক্টৰ, এপ্রিক’লা সংৰক্ষিত বনাঞ্চলৰ ৬,০৭৫.৩০ হেক্টৰ ভূমিৰ ৪০৪.৫৮ হেক্টৰ, মাটাপাহাৰ সংৰক্ষিত বনাঞ্চলৰ ২২৫ হেক্টৰ ভূমিৰ ৯৯ হেক্টৰ, তেতেলীগুৰি সংৰক্ষিত বনাঞ্চলৰ ১২০.৫৮ হেক্টৰ ভূমিৰ ভিতৰত ০.৯৯ হেক্টৰ, চামতা সংৰক্ষিত বনাঞ্চলৰ ২৭ হেক্টৰ ভূমিৰ ভিতৰত ০.৩১ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ অধীনস্থ এই ১২খন সংৰক্ষিত বনাঞ্চলৰ সর্বমুঠ ২৮,৩৮০.০৯ হেক্টৰ ভূমিৰ ভিতৰত ২,০০৪.৭১ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ এই সংৰক্ষিত বনাঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ চৰকাৰ আৰু বন বিভাগে কি পদক্ষেপ গ্রহণ কৰে, সেয়া সময়তহে লক্ষণীয় হ’ব৷