সম্পাদকীয় : ডার্ক ফেক্টৰী
পৃথিৱীত নতুন ঔদ্যোগিক বিপ্লৱৰ সূচনা আৰম্ভ হৈছে৷ অত্যাধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই মানৱ জাতিক প্রতিনিয়ত কিবা এটা নতুন কৰাৰ উৎসাহ যোগাই আহিছে৷ কল্পনাবোৰ যেন বাস্তৱত পৰিণত হৈ গৈ আছে৷ স্বাভাৱিক দৃষ্টিত জটিল আৰু অসম্ভৱ যেন লগাবোৰেই সহজ হৈ উঠিছে৷ চীনে পৃথিৱীৰ ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰিছে৷ চীনৰ এই সফলতাই হয়তো পৃথিৱীৰ উদ্যোগ খণ্ডক আৰু অধিক গতিশীলতা প্রদান কৰিব৷ স্বয়ংক্রিয়তা, কৃত্রিম মেধা, ইণ্টাৰনেট অৱ থিংছ (আই অ’ টি) আৰু ডাটা চালিত বিশ্লেষকৰ উন্নীতৰ দ্বাৰা এনে এক উৎপাদনশীল প্রক্রিয়াৰ উদ্ভাৱন কৰিছে, যিয়ে বিশ্বৰ উদ্যোগ খণ্ডত বিপ্লৱ আনিব৷ চীনৰ এই উন্নত উৎপাদনৰ সুবিধা হৈছে ‘ডার্ক ফেক্টৰী’৷ আভিধানিক শব্দার্থ ‘আন্ধাৰ কাৰখানা’৷ শব্দার্থৰ লগত ডার্ক ফেক্টৰীৰ মিল আছে৷ স্বয়ংক্রিয় ডার্ক ফেক্টৰীৰ উত্থানে মানৱ সভ্যতা তথা মানৱ জাতিক এখোপ আগুৱাই নিব পাৰে৷ ডার্ক ফেক্টৰী হৈছে মানৱ অবিহনে আৰু পোহৰ অবিহনে ২৪ ঘণ্টাই অহৰহ উৎপাদন কৰিব পৰা এটা সুবিধা৷ মানৱ অবিহনে উৎপাদন কৰিব পৰা উন্নত প্রযুক্তিৰ সুবিধা, য’ত কার্যক্ষমতা, নিখুঁততা আৰু সর্বাধিক উৎপাদনৰ ক্ষমতা থাকে৷ এই প্রক্রিয়াটো সম্পূর্ণ ৰূপত স্বয়ংক্রিয়৷ যাৰ ফলত মানৱ শ্রমিকৰ প্রয়োজনীয়তা নাইকিয়া হৈ পৰে৷ ডার্ক ফেক্টৰী নিৰৱচ্ছিন্ন ৰূপত চলাই ৰাখিবলৈ কৃত্রিম মেধাচালিত ৰবটিকছ, আন্তঃসংযোগী আই অ’ টি ব্যৱস্থা আৰু অত্যাধুনিক স্বয়ংক্রিয়কৰণ প্রট’কলৰ সহায় লোৱা হয়৷ যিহেতুকে এই কাৰখানাত মানুহ শ্রমিক নাথাকে, গতিকে পোহৰৰো আৱশ্যক নাই৷ ইয়াৰ ফলত শক্তিৰ ব্যৱহাৰ আৰু ব্যয় হ্রাস পায়, লগতে সামগ্রীৰ মান সামঞ্জস্যপূর্ণ হয়৷ ডার্ক ফেক্টৰী পৰিচালনা কৰিবলৈ ৰবটিকছ আৰু কৃত্রিম মেধা (এ আই)ক একত্রিত কৰা হয়৷ ইয়াৰ দ্বাৰা উৎপাদনৰ সকলো দিশ পৰিচালনা কৰা হয়৷ সামগ্রী পৰিচালনা আৰু সংযুক্তৰ পৰা পেকেজিং আৰু গুণগত মান নিশ্চিতকৰণলৈকে৷ এনে কৰাৰ ফলত সাধাৰণতে মানুহৰ দ্বাৰা হোৱা ভুল হ্রাস পায়৷ তেনেদৰে উৎপাদন ত্বৰান্বিত হয় আৰু উৎপাদনত নিখুঁততা নিশ্চিত হৈ পৰে৷ এ আই আৰু আই অ’ টি সংযোগৰ ফলত মেচিন নেটৱর্ক অতি উন্নত হোৱাত মেচিনৰ ৰক্ষণাবেক্ষণৰ পৰা আন সুবিধা–সুবিধাক লৈ আগতীয়া ইংগিত পায়৷ এ আই চালিত গুণগত নিয়ন্ত্রণে উৎপাদিত সামগ্রীৰ অপচয় ৰোধ কৰে৷ মানুহৰ হস্তক্ষেপ অবিহনে বীজাণুমুক্ত অৱস্থা বর্তাই ৰাখিবলৈ স্বয়ংক্রিয় বায়ু বিশুদ্ধকৰণ আৰু ধূলি আঁতৰোৱাৰ উন্নত ব্যৱস্থা থাকে৷ উচ্চ গতিৰে সামগ্রীৰ মান নিশ্চিতকৰণেৰে ক্রমবর্ধমান চাহিদা পূৰণ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ এক ইতিবাচক দিশ হ’ল পৰিৱেশ বন্ধুত্বমূলক উৎপাদন পদ্ধতিৰ প্রসাৰণ৷
ডার্ক ফেক্টৰীৰ সম্প্রসাৰণৰ মূলতে হৈছে স্বয়ংক্রিয়তা আৰু এ আই প্রযুক্তিৰ ক্ষেত্রত বিপুল বিনিয়োগ৷ ইতিমধ্যে বিশ্বজুৰি কোম্পানীসমূহে নতুন ঔদ্যোগিক বিপ্লৱ তথা নতুন প্রজন্মৰ উৎপাদন পদ্ধতিত অধিক গুৰুত্ব আৰোপ কৰিছে৷ এই উৎপাদন পদ্ধতিক বিকশিত কৰিবলৈ কোটি কোটি টকা বিনিয়োগ কৰিছে৷ দক্ষতা বৃদ্ধি, খৰচ হ্রাস আৰু উচ্চমান বর্তাই ৰখাৰ নিশ্চিতকৰণক প্রাধান্য দি আধুনিক ডার্ক ফেক্টৰীক আগবঢ়াই নিছে৷ ইলেক্ট্র’নিকছ, অট’ম’বাইল ঔষধকে ধৰি বিভিন্ন উন্নত প্রযুক্তিৰ সামগ্রী উৎপাদন কম খৰচত কৰাৰ সক্ষমতা আছে৷ সম্ভাৱনাপূর্ণ ডার্ক ফেক্টৰীৰ ভৱিষ্যৎ কিদৰে আগবঢ়াই নিব তাক লৈ চর্চা আৰম্ভ হৈছে৷ সম্পূর্ণ স্বয়ংক্রিয়তাৰে উৎপাদন খণ্ডলৈ কিদৰে সুদূৰপ্রসাৰী পৰিৱর্তন আনিব পাৰে তাৰে বিস্তৃত সম্প্রসাৰণৰ প্রয়োজন৷ ডার্ক ফেক্টৰী কেৱল ভৱিষ্যতৰ দৃষ্টিভংগী নহয়, ই সক্রিয়ভাৱে উৎপাদন উদ্যোগক নতুন গতি দিছে৷ উৎপাদন উদ্যোগক নতুনকৈ গঢ় দিয়াৰ দিশে আগবাঢ়িছে৷ এ আই, আই অ’ টি আৰু স্বয়ংক্রিয়কৰণেৰে কোম্পানীসমূহে অভাৱনীয় দক্ষতা আৰু সক্ষমতা আৰু বহন ক্ষমতা লাভ কৰিব পাৰে৷ প্রযুক্তিৰ দ্রুত বিকাশে সম্পূর্ণ স্বয়ংক্রিয় কাৰখানাক নতুন মান দিছে আৰু বিশ্বৰ উৎপাদনত বৈপ্লৱিক পৰিৱর্তন আনিবলৈ আগভাগ লৈছে৷ নিখুঁততা আৰু বহন ক্ষমতাই সফলতাৰ সংবাদ মানি উৎপাদন উদ্যোগে এটা নতুন যুগত ভৰি দিছে৷ মন কৰিবলগীয়া যে বহনক্ষম উৎপাদন, স্বয়ংক্রিয় শক্তি ব্যৱস্থাপনা ব্যৱস্থাই পৰিৱেশ বন্ধুত্বমূলক উৎপাদনত অৰিহণা যোগায়৷ ই হ’ব পাৰে মানৱজাতিৰ বাবে এক ইতিবাচক দিশ৷