বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ বঙাইগাঁও পাগলাস্থানত পথ দুৰ্ঘটনা সংঘটিত কনিষ্টবল নিলেশ্বৰ মেধীক জেল হাজোতলৈ প্ৰেৰণ কৰে৷ আৰক্ষীয়ে নিলেশ্বৰ মেধীক বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১২৫ (বি)/১০৫নং ধাৰাৰ অধীনত বঙাইগাঁও সদৰ থানাত ৭৮/২৫নং গোচৰ পঞ্জীয়ন কৰিছে। যোৱা ২৪ মাৰ্চৰ বিয়লি নিলেশ্বৰ মেধীয়ে এএচ ১৯ কিউ ৫৩১৯ নম্বৰৰ চাৰি চকীয়া বাহন চলাই যোৱাৰ সময়তে পাগলাস্থানত পথ দুৰ্ঘটনা সংঘটিত হয়। ইণ্ডিয়ান অইলৰ তেল ডিপোৰ সমীপৰ কেঁকুৰী এটা ঘুৰাৰ সলনি পোনে পোনে পথটোৰ পৰা নামি গৈ পথচাৰীক মহতিয়াই নিয়ে৷ উক্ত দুৰ্ঘটনাত ভাকাৰিভিটাৰ চয়নিকা ৰয় নামৰ যুৱতী এগৰাকী থিতাতে নিহত হয়৷ চয়নিকা ৰয়ৰ মৃতদেহ নিজ ভাকাৰিভিটাস্থিত নিজ বাসগৃহ লৈ নিয়াৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
সবিশেষ চাব পাৰে ভিডিঅৰ যোগেদি 🔴 কনিষ্টবল নীলেশ্বৰ মেধিয়ে সংঘটিত কৰিলে ভয়াৱহ কাণ্ড। বঙাইগাঁৱত পথচাৰী যুৱতীক মহটিয়াই নিলে চাৰিচকীয়া বাহনেৰে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী চয়নিকা ৰয়ৰ সৈতে শোকাৱহ ঘটনা।
পৰিয়ালৰ লগতে স্থানীয় লোকসকল কান্দোনত ভাগি পৰা পৰিলক্ষিত হয়। শোকাকুল পৰিৱেশৰ মাজতে চয়নিকা ৰয়ৰ মৃতদেহ নিউ বঙাইগাঁও স্মশানত সৎকাৰ কৰা হয়৷ স্নাতক ডিগ্ৰীধাৰী চয়নিকা ৰয় আছিল দুখীয়া পৰিয়ালটোৰ মাত্ৰ উপাৰ্জনকাৰী৷ চয়নিকা ৰয়ে ব্যক্তিগত প্ৰতিষ্ঠান আৰু টিউচন আদি কৰি কনিষ্ঠ ভাতৃ আৰু মাকক পোহ পাল দি আহিছিল। ২৮ বছৰীয়া এই যুৱতীগৰাকীৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পেলাইছে৷ ইতিমধ্যে আৰক্ষী কনিষ্টবল নিলেশ্বৰ মেধীক নিলম্বন কৰা হৈছে ৷ কৰ্তব্যৰত আৰক্ষী জোৱানে অত্যন্ত অসাৱধানতা আৰু তীব্ৰ গতিত নিজৰ ব্যক্তিগত বাহন চলোৱাৰ ফলতেই যুৱতীগৰাকীৰ লগতে দুগৰাকীকৈ চাইকেল আৰোহী আহত হ’বলগীয়া হোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰবঙাইগাঁও-চিৰাং জিলা কমিটিয়ে৷ দুৰ্ঘটনা সংঘটিত কৰি বাহনখন ৰখোৱাৰ পৰিৱৰ্তে পলায়নৰ চেষ্টা কৰাৰ লগতে যান-বাহন আৰক্ষী জোৱানগৰাকী সুৰাসক্ত হৈ দুৰ্ঘটনা সংঘটিত কৰে বুলি প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত অভিযোগ কৰে সংগঠনটোৱ। আৰক্ষী আইনৰ ৰক্ষক যদিও আজি একাংশ আৰক্ষীয়ে ভক্ষকৰ ৰূপ ধাৰণ কৰা বুলি অভিযোগ উত্থাপন কৰি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ ডি ৱাই এফ আইৰ বঙাইগাঁও -চিৰাং জিলা কমিটীৰ সভাপতি ৰকিবুল ইছলাম আকন্দে কয় যে এগৰাকী কৰ্তব্যৰত আৰক্ষী জোৱানৰ এনে কাণ্ড অত্যন্ত গৰিহণাযোগ্য৷ যুৱতীগৰাকীৰ পৰিয়ালক কমেও ২৫ লাখ আৰু আহতসকলক ১০ লাখকৈ টকাৰ চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰে। সংগঠনটোৱে অভিযোগ কৰে যে যান-বাহন আইনৰ সামান্য ধাৰা ভংগ কৰিলেই বঙাইগাঁও আৰক্ষীয়ে সাধাৰন ৰাইজক হাৰাশাস্তি কৰাৰ লগতে নীতি শিক্ষা দিয়ে৷ কিন্তু নিজৰ বিভাগতে থকা এনে চুড়ান্ত দায়িত্বজ্ঞানহীন ব্যক্তিক নাকী লগোৱাৰ পৰিৱৰ্তে তেওঁলোকক কেনেকৈ ৰক্ষণাবেক্ষণ দিয়া যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰাতহে পুলিচ প্ৰশাসন বৰ্তমান ব্যস্ত। বঙাইগাঁওত সংঘটিত সমগ্ৰ ঘটনাটো ওচৰৰে ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ চিচি টিভিত বন্দী হৈছে ৷ সেই ফুটেজ ইতিমধ্যেই সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বহুল প্ৰচাৰ লাভ কৰিছে। কিন্তু অভিযুক্ত আৰক্ষী জোৱানগৰাকীৰ শাস্তি লঘু কৰা অথবা তেওঁক শাস্তিৰ পৰা ৰেহাই দিয়াৰ স্বাৰ্থৰ বাবেই তদন্তকাৰী বিষয়াই অভিযুক্ত আৰক্ষীগৰাকীক সোঁশৰীৰে আদালতত হাজিৰ কৰোৱাৰ সময়ত উক্ত চিচি টিভি ফুটেজটো মোকৰ্দমা সংক্ৰান্তত জব্দ কৰি আদালতৰ মজিয়ালৈ অনা নাই। তাৰোপৰি অত্যন্ত ৰহস্যজনকভাবে বঙাইগাঁও আৰক্ষীয়ে মোকৰ্দমাটোৰ তদন্তৰ দায়িত্ব এনে এগৰাকী বিষয়াৰ হাতত অৰ্পন কৰিছে যিগৰাকী বিষয়াৰ আওঁতাত কৰ্তব্যৰত অভিযুক্তগৰাকীয়ে দুৰ্ঘটনাটো সংঘটিত কৰিছিল। স্বাভাৱিকভাৱেই এয়া অভিযুক্তগৰাকীক আইনী জটিলতাৰ পৰা ৰেহাই দিয়াৰ উদ্দেশ্যৰেই বঙাইগাঁও আৰক্ষীয়ে সোপাঢিলা পদক্ষেপ গ্ৰহণ কৰিছে বুলি সংগঠনটোৱে শংকা প্ৰকাশ কৰে। এনে পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবীৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও সংগঠটোৱে জানিব দিয়ে৷ উল্লেখ্য দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে থানা ঘেৰাও আৰু পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাভ্যস্ত কৰিছিল ৷
প্ৰেৰক উপানন্দ শৰ্মা