নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰপত্র পাহৰি বিমান ওভতালে মার্কিন পাইলটে, চীনগামী বিমানৰ ছানফ্রান্সিস্কোত অৱতৰণ

নিউজ ডেস্ক, ২৬ মাৰ্চঃ আমেৰিকাৰ পৰা চীনলৈ যোৱাৰ কথা আছিল বিমানখনৰ৷ কিন্তু ইউনাইটেড এয়াৰলাইনছৰ এই বিমান মাজপথৰ পৰা ইউটার্ন কৰি ওভতাই লৈ অহা হ’ল ছান ফ্রান্সিস্কো বিমানবন্দৰলৈ৷ মাজ আকাশত হঠাতে পাইলটে জানিব পাৰে যে তেওঁ পাৰপত্র লগত আনিবলৈ পাহৰি গৈছে৷ যাত্রীসকলৰ দৰেই পাৰপত্র অবিহনে আন্তর্জাতিক সীমান্ত অতিক্রম কৰিব নোৱাৰে এগৰাকী পাইলটেও৷ সেইবাবে বাধ্য হৈ বিমানখন ছান ফ্রান্সিস্কো বন্দৰলৈ ওভতাই জৰুৰী অৱতৰণ কৰে পাইলটগৰাকীয়ে৷ লছ এঞ্জেলছ আন্তর্জাতিক বিমানবন্দৰৰ পৰা স্থানীয় সময় অনুসৰি কালি দুপৰীয়া ২ বজাত চীনৰ ছাংহাই চহৰ অভিমুখে যাত্রা কৰিছিল বিমানখনে৷ বিমানখনত আছিল ২৫৭গৰাকী যাত্রী৷ কিন্তু দুঘণ্টা পিছতেই মাজ আকাশৰ পৰা পাইলটে ছান ফ্রান্সিস্কোলৈ বিমানখন ওভতাই আনে৷ বিয়লি ৫ বজাত জৰুৰী অৱতৰণ কৰে ছান ফ্রান্সিস্কো বিমানবন্দৰত৷ এই ঘটনাৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাছিল যদিও পৰৱর্তী সময়ত বিমানবন্দৰ কর্তৃপক্ষই প্রকৃত তথ্য প্রকাশ কৰে৷ ইফালে, ইউনাইটেড এয়াৰলাইনছৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হয় যে পাইলটৰ সৈতে পাৰপত্র নাছিল বাবে ছান ফ্রান্সিস্কোত বিমানখনৰ জৰুৰী অৱতৰণ কৰোৱা হৈছে৷ লক্ষণীয়ভাৱে পাইলটৰ এই ভুলৰ বাবে যাত্রীসকলক ক্ষতিপূৰণ দিবলগীয়া হয় উৰণ সংস্থাটোৱে৷

You might also like