নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্কাৰজয়ী পেলেষ্টাইনী চলচ্চিত্রকাৰক গ্রেপ্তাৰ ইজৰাইলৰ

নিউজ ডেস্ক, ২৬ মাৰ্চঃ অস্কাৰ বঁটা বিজয়ী পেলেষ্টাইনী ছবি পৰিচালকক পাশৱিকভাৱে প্রহাৰ কৰাৰ পিছত আবদ্ধ কৰি ৰাখিলে ইজৰাইলী সেনাই ৰক্তাক্ত অৱস্থাত এম্বুলেঞ্চত শুই থকা সময়তে গ্রেপ্তাৰ কৰা হৈছে পৰিচালকগৰাকীক৷ তাৰ পিছত সন্ধানহীন হৈ আছে পৰিচালকগৰাকী৷ এই ঘটনা সন্দর্ভত কোনোধৰণৰ তথ্য সদৰী কৰা নাই ইজৰাইলী সেনাই৷ উল্লেখ্য যে চলিত বছৰতে অস্কাৰ বঁটা লাভ কৰিছিল হামাদান বাল্লাল নামৰ এই পেলেষ্টাইনী ছবি পৰিচালকগৰাকীয়ে৷ কালি পেলেষ্টাইনত মাছাফেৰ য়াট্টা অঞ্চলৰ চুৰিয়া গাঁৱত প্রৱেশ কৰে কেইবাজনো ইজৰাইলী লোকে৷ ইজৰাইলী লোকসকলে গাঁৱত আৰম্ভ কৰে তাণ্ডৱ৷ স্থানীয় লোকসকলকো প্রহাৰ কৰে৷ তেতিয়াই গুৰুতৰভাৱে আহত হয় পৰিচালকগৰাকী৷

You might also like