বৰ্ষাপাৰাত কি প্লেন লৈ নামিব ৰিয়ান পৰাগ বাহিনী, প্ৰথম জয়ৰ বাবে হাবাথুৰি RR-KKR
নিউজ ডেস্ক, ২৬ মাৰ্চঃ আজি গুৱাহাটীত RR vs KKRৰ মেচ। কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে সঞ্জু চেমছনক ইমপেক্ট প্লেয়াৰ হিচাপে দেখা যাবনে? আচলতে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে সঞ্জু চেমছনে ইমপেক্ট প্লেয়াৰ হিচাপে খেলিব বুলি ধাৰণা কৰা হৈছে। একে সময়তে এই মেচত ৰাজস্থান ৰয়েলছৰ প্লেইং-১১ কি হ’ব? প্লেয়িং এলেভেন বাছনি কৰাটো ৰিয়ান পৰাগৰ বাবে সহজ নহ’ব। ইয়াৰ পূৰ্বে ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ অধিনায়কত্ব কৰিছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে। সেই মেচত সঞ্জু চেমছনে ইমপেক্ট প্লেয়াৰ হিচাপে খেলিছিল।
মোৰ ওপৰত আস্থা–বিশ্বাস ৰখাৰ বাবে ৰয়েলছৰ ওচৰত কৃতজ্ঞ
এতিয়া প্ৰশ্ন হয়, যদি ৰিয়ান পৰাগ অধিনায়ক হয়, তেন্তে ৰাজস্থান ৰয়েলছৰ প্লেইং-১১ কি হ’ব? ৰাজস্থান ৰয়েলছত কিবা পৰিৱৰ্তন হ’বনে? অৱশ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে সঞ্জু চেমছনক ইমপেক্ট প্লেয়াৰ হিচাপে দেখা যাব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বাহিৰেও ৰাজস্থান ৰয়েলছৰ প্লেইং এলেভেনত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা কম। ইয়াৰ পূৰ্বে সঞ্জু চেমছনে পেট কামিন্সৰ অধিনায়কত্বত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ইমপেক্ট প্লেয়াৰ হিচাপে খেলিছিল। সেই মেচখনত সঞ্জু চেমছনে ৩৭টা বলত ৬৬ ৰান সংগ্ৰহ কৰিছিল। তেওঁ নিজৰ ইনিংছত ৭টা চাৰি আৰু ৪টা ছয় মাৰে।
ৰাজস্থান ৰয়েলছৰ সম্ভাব্য একাদশ – যশস্বী জয়ছোৱাল, সঞ্জু চেমছন, ৰিয়ান পৰাগ (অধিনায়ক), নীতিশ ৰানা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ছিমৰন হেটমায়াৰ, শুভম ডুবে, জোফ্ৰা আৰ্চাৰ, মহেশ তীক্ষ্ণনা, তুষাৰ দেশপাণ্ডে আৰু ফজলহাক ফাৰুকী। লগতে থাকিব ইমপেক্ট প্লেয়াৰ।
বর্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছৰ সন্মুখত নাইট ৰাইডার্ছ
উল্লেখযোগ্য যে আজি গুৱাহাটীত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব। দুয়োটা দলে ছিজনৰ প্ৰথমটো জয়ৰ বাবে অপেক্ষা কৰি আছে। কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। একে সময়তে পেট কামিন্সৰ অধিনায়কত্বত থকা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰাজস্থান ৰয়েলছ।