অনুমতি নাই ৰাজপথত নামাজ আদায়ৰ, বন্ধ লাউডস্পীকাৰো, নিৰ্দেশ নামানিলেই কঠোৰ হব প্ৰশাসনৰ
নিউজ ডেস্ক, ২৬ মাৰ্চঃ উত্তৰ প্ৰদেশৰ চম্বলত ঈদৰ নামাজৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰক্ষী আৰু প্ৰশাসনে। ঈদৰ নামাজৰ পূৰ্বে দুটা কথাত নিষেধাজ্ঞাৰ স্পষ্ট নিৰ্দেশ দিছে আৰক্ষীয়ে।
সেই অনুসৰি ঈদৰ সময়ত চম্বলৰ ৰাজপথত নামাজ দিয়াৰ কোনো অনুমতি নাই। লগতে লাউডস্পীকাৰৰো অনুমতি দিয়া নহ’ব।
শান্তি সমিতিৰ বৈঠকত আৰক্ষী প্ৰশাসনে নিৰ্দেশ দিছে যে ঈদৰ দিনা ৰাজপথত নামাজৰ অনুমতি দিয়া নহ’ব। কোৱা হৈছিল যে ঈদগাহ আৰু মছজিদ চৌহদৰ ভিতৰতে নামাজ প্ৰদান কৰা হ’ব। ৰাজপথত বা ছাদত কাকো নামাজ আদায় কৰিবলৈ দিয়া নহ’ব। পৰম্পৰাগতভাৱে আগবঢ়োৱা হ’ব নামাজ।
উৎসৱৰ সময়ত ঈদ আৰু নৱৰাত্ৰি পাৰস্পৰিক সম্প্ৰীতিৰে উদযাপন কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। প্লেটফৰ্মত বা পথত ঈদ নামাজ কৰিবলৈ দিয়া নহ’ব। লগতে লাউডস্পীকাৰৰো অনুমতি দিয়া নহ’ব।
ইফালে মীৰাটতো ৰাজপথত ঈদৰ নামাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিছে চৰকাৰে। নিৰাপত্তা নিশ্চিত কৰাৰ বাবে স্পৰ্শকাতৰ অঞ্চলত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে। চিচিটিভি, ড্ৰোন আৰু স্থানীয় চোৰাংচোৱাৰ জৰিয়তে নামাজীক নিৰীক্ষণ কৰা হ’ব। তথ্য অনুসৰি, পথত নামাজ আগবঢ়োৱাৰ বাবে পাছপ’ৰ্ট আৰু অনুজ্ঞাপত্ৰ জব্দ কৰা হ’ব বুলি একপ্ৰকাৰ সকীয়নি প্ৰশাসনৰ।
উল্লেখ্য যে যোৱা বছৰ আদেশ পালন নকৰাৰ বাবে ২০০জন লোকৰ বিৰুদ্ধে গোচৰ কৰা হৈছিল।